অসমৰ ভাষিক, সাংস্কৃতিক, জনগোষ্ঠীয়, ভৌগোলিক আৰু প্ৰশাসনিক প্ৰেক্ষাপটৰ অনুকূল কৃত্ৰিম বুদ্ধিমত্তাৰ আধাৰ বিকশিতকৰণত বিশেষ গুৰুত্ব দিছে ৰাজ্য চৰকাৰে। নতুন দিল্লীত আজি কেন্দ্ৰীয় ইলেকট্ৰনিকছ আৰু তথ্য প্ৰযুক্তি মন্ত্ৰালয় (মেইটী)ৰে এখন বৈঠকত মিলিত হৈ ৰাজ্যৰ তথ্য প্ৰযুক্তি মন্ত্ৰী কেশৱ মহন্তই এই সন্দৰ্ভত কেন্দ্ৰীয় মন্ত্ৰালয়টোৰ ওচৰত এক অতি মহত্বপূৰ্ণ প্ৰস্তাৱ দাখিল কৰে। নতুন দিল্লীৰ লোধীৰোডস্থিত মন্ত্ৰালয়ৰ কাৰ্যালয় ভৱন ‘ইলেক্ট্ৰণিকছ নিকেতন’ত ৰাজ্যৰ তথ্য প্ৰযুক্তি মন্ত্ৰীগৰাকীয়ে ‘মেইটী’ৰ অতিৰিক্ত সচিব তথা ডিজিটেল ইণ্ডিয়া কৰ্পোৰেচনৰ ‘ইণ্ডিয়া-এআই’ৰ মুখ্য কাৰ্যবাহী বিষয়া অভিষেক সিঙৰ সৈতে এই বৈঠকত ভাগ লৈ ইণ্ডিয়া-এআই মিছনৰ অন্তৰ্গত ‘এআই-কোশ’ কাৰ্যসূচীৰ জড়িয়তে এই অসম-বিশিষ্ট ডাটাছেট বিকাশৰ বাবে ১২ কোটি টকাৰ প্ৰকল্প প্ৰাককলনৰ প্ৰস্তাৱ দাখিল কৰে। অসমৰ থলুৱা ভাষাত কৃত্ৰিম বুদ্ধিমত্তাৰ আধাৰ-সামৰ্থ সমৃদ্ধিশালী কৰাৰ উদ্দেশ্যে ‘ইণ্ডিয়া-এআই মিছন’ৰ অধীনত ৰাজ্য চৰকাৰৰ তথ্য প্ৰযুক্তি বিভাগৰ ফালৰ পৰা আগবঢ়োৱা ‘অসম-নিৰ্দিষ্ট ডাটাছেট বিকশিতকৰণ’ এই প্ৰকল্প-প্ৰাককলনত কৃষি, দুৰ্যোগ ব্যৱস্থাপনা, শিক্ষা, স্বাস্থ্য, জনসেৱা প্ৰদান, অসমীয়া আৰু বড়ো ভাষাসহ অসমৰ বিভিন্ন স্থানীয় ভাষাৰ তথ্য-প্ৰক্ৰিয়াকৰণ তথা টোকাকৰণ আদি ভিন্ন খণ্ডক সামৰি ‘ৰাজ্য-নিৰ্দিষ্ট এআই ডাটাছেট বিকাশ’ৰ প্ৰস্তাৱ কৰা হৈছে। মূলতঃ এই অসম-বিশিষ্ট কৃত্ৰিম বুদ্ধিমত্তা ডাটাছেট প্ৰকল্পই অসমৰ প্ৰেক্ষাপটৰে প্ৰাসংগিক গাঁঠনিগত তথা অগাঁথনিগত ডাটাছেট সৃষ্টি আৰু টোকাকৰণ (এন’টেচন), ৰাজ্য চৰকাৰৰ বিভিন্ন বিভাগ তথা সংস্থাৰ ৰাজহুৱা তথ্যৰাজিৰ ডিজিটেল ৰূপান্তৰণ আৰু সংশোধনকৰণৰ লগতে বিশেষভাৱে অসমীয়া আৰু থলুৱা জনজাতীয় ভাষা-উপভাষাক সামৰা বহুভাষিক লিখিত সাহিত্যৰ ডিজিটেল সংকলন গঢ়ি তোলাত মনোনিৱেশ কৰিব। তদুপৰি ডাটাছেটসমূহ আন্তঃ সঞ্চালনযোগ্য, তথ্য-প্ৰযুক্তি বিষয়ক নীতিনিষ্ঠ বৈধ উৎস আধাৰিত হোৱাৰ লগতে এআই-কোশ তথ্য প্ৰশাসন মানকসমূহৰ সৈতেও খাপ খোৱাটো সুনিশ্চিতকৰণৰ দিশসমূহকো এই অভিলাষী প্ৰকল্পত সামৰি ল’বলৈ বিচৰা হৈছে। কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ উমৈহতীয়া পুঁজিৰে ৰূপায়ন কৰিবলৈ বিচৰা এই প্ৰস্তাৱলৈ আশাব্যঞ্জক সঁহাৰি জনাই কেন্দ্ৰীয় মন্ত্ৰালয়টোৰ অতিৰিক্ত সচিবগৰাকীয়ে মন্ত্ৰালয়ৰ ফালৰ পৰা বিষয়টো অত্যন্ত ইতিবাচক আৰু গুৰুত্ব সহকাৰে বিবেচনা কৰা হ’ব বুলি মন্ত্ৰী মহন্তক অৱগত কৰে। অসমৰ প্ৰেক্ষাপটত কৃত্ৰিম বুদ্ধিমত্তাৰ আধাৰ-সামৰ্থ বৃদ্ধিত এই প্ৰকল্পই নিশ্চিত ভাৱে অতি মহত্বপূৰ্ণ ভূমিকা গ্ৰহণৰ সম্ভাৱনা বহন কৰা বুলিও কেন্দ্ৰীয় মন্ত্ৰালয়টোৰ জ্যেষ্ঠ বিষয়াগৰাকীয়ে মন্তব্য কৰে। ইফালে, ‘ভাৰত-কৃত্ৰিম বুদ্ধিমত্তা’ (ইণ্ডিয়া-এআই) কাৰ্যসূচীৰ অধীনত ‘ইণ্ডিয়া-এআই ডাটা লেব’ স্থাপনৰ বাবে কেন্দ্ৰীয় মন্ত্ৰালয়টোৰ ফালৰ পৰা চলোৱা প্ৰয়াসত অসমৰ বৰ্ধিত সংখ্যক কাৰিকৰী শিক্ষানুষ্ঠানক সামৰি ল’বলৈ ৰাজ্যৰ তথ্য প্ৰযুক্তি মন্ত্ৰী মহন্তই জনোৱা অনুৰোধলৈও আজি ইতিবাচক সঁহাৰি জনায় মন্ত্ৰালয়টোৱে। মেইটীৰ অতিৰিক্ত সচিব তথা ডিজিটেল ইণ্ডিয়া কৰ্পোৰেচনৰ মুখ্য কাৰ্যবাহী বিষয়াগৰাকীৰে হোৱা বৈঠকত মন্ত্ৰী মহন্তই ইণ্ডিয়া-এআই মিছনৰ প্য়থম পৰ্যায়ত মন্ত্ৰালয়টোৱে অসমৰ কেৱল এখন কাৰিকৰী শিক্ষানুষ্ঠানহে অন্তৰ্ভুক্ত কৰাৰ বিষয়টো উত্থাপন কৰি ৰাজ্যখনৰ আৰু অধিক শিক্ষানুষ্ঠানত এনে কৃত্ৰিম বুদ্ধিমত্তা লেব স্থাপনৰ পোষকতা কৰে। ইণ্ডিয়া-এআই মিছনৰ কাৰ্যৰূপায়নৰ মূল দায়িত্বত থকা মন্ত্ৰালয়টোৰ শীৰ্ষ বিষয়া সিঙে ৰাজ্যৰ তথ্য প্ৰযুক্তি মন্ত্ৰীগৰাকীৰ এই দাবী মানি লৈ সদ্যহতে প্ৰথম পৰ্যায়ত অসমৰ ৫খন কাৰিকৰী শিক্ষানুষ্ঠানত এআই ডাটখ লেব স্থাপনত সন্মতি জনায়। ইণ্ডিয়া-এআই মিছনৰ পৰৱৰ্তী পৰ্যায়সমূহতো অসমৰ আৰু অধিক সংখ্যক শিক্ষানুষ্ঠানক অন্তৰ্ভুক্ত কৰা হ’ব বুলিও মন্ত্ৰী মহন্তক মেইটীৰ অতিৰিক্ত সচিব সিঙে নিশ্চয়তা প্ৰদান কৰে। আলোচনাকালত মন্ত্ৰী মহন্তই কেন্দ্ৰীয় মন্ত্ৰালয়টোৰ দৃষ্টিগোচৰ কৰি কয় যে অসমৰ অধিক সংখ্যক কাৰিকৰী শিক্ষানুষ্ঠানত এই কৃত্ৰিম বুদ্ধিমত্তা ডাটা লেবৰ সুবিধা উপলব্ধকৰণে ৰাজ্যখনৰ যুৱক-যুৱতীসকলৰ মাজত কৃত্ৰিম বুদ্ধিমত্তাৰ দক্ষতা বৃদ্ধি কৰাত বিশেষ অৰিহণা যোগাব। এই পদক্ষেপে অসমৰ যুৱ-প্ৰজন্মৰ বাবে কৰ্মসংস্থাপনৰ সুযোগ সৃষ্টি কৰিবলৈ চৰকাৰৰ ফালৰ পৰি অব্যাহত ৰখা প্ৰয়াসকো ত্বৰান্বিত কৰিব বুলি ৰাজ্যৰ বিজ্ঞান-প্ৰযুক্তি মন্ত্ৰীগৰাকীয়ে দোহাৰে। মেইটীৰ অতিৰিক্ত সচিব তথা ডিজিটেল ইণ্ডিয়া কৰ্পোৰেচনৰ মুখ্য কাৰ্যবাহী বিষয়াগৰাকীয়ে ইণ্ডিয়া-এআই মিছনৰ প্ৰথম পৰ্যায়ত অন্তৰ্ভুক্ত হ’ব লগা অসমৰ পাঁচখন শিক্ষানুষ্ঠানৰ নাম শীঘ্ৰে মেইটীৰ ওচৰত দাখিলৰ বাবে বৈঠকত মন্ত্ৰী মহন্তক অনুৰোধ জনায়।
Trending
- Emergency Flood Preparedness Meeting Held in Kamrup
- ৰাজ্যৰ পাঁচ জিলাৰ স্বাস্থ্য ব্যৱস্থাৰ বিস্তৃত পৰ্যালোচনা : গুণগত আৰু সুলভ স্বাস্থ্যসেৱা নিশ্চিতকৰণত গুৰুত্ব মন্ত্ৰী অশোক সিংহলৰ
- এয়াৰটেল হটস্পট সেৱাৰ গতি অব্যাহত
- Agriculture Minister Pijush Hazarika distributes MMUA cheques to 22,818 beneficiaries in Dhing
- ধুবুৰী, কোকৰাঝাৰকে ধৰি পাঁচখন জিলাৰ স্বাস্থ্য ব্যৱস্থাৰ পৰ্যালোচনা
- বিশ্বকাপৰ উন্মাদনাৰ মাজতে গুৱাহাটীত সাংবাদিকৰ দুভৰিৰ যাদু
- Agriculture Minister Pijush Hazarika visits Khumtai constituency in Golaghat and takes stock of projects, interacts with farmers
- অসম চৰকাৰ শিল্প, বাণিজ্য আৰু ৰাজহুৱা উদ্যোগ বিভাগ উদ্যোগত মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযান
- ২০ জুলাইৰ পৰা লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰৰ নতুন টার্মিনেলত আৰম্ভ হ’ব ইণ্ডিগ’ৰ বিমান সেৱা
- NSE signs strategic collaboration with Augmont to strengthen India’s Electronic Gold Receipts (EGR) ecosystem