গুৱাহাটীৰ আজাৰাস্থিত উচ্চ শিক্ষাৰ অগ্ৰণীয় শিক্ষানুষ্ঠানদ্বয় গিৰিজানন্দ চৌধুৰী ইনষ্টিটিউট অৱ ফাৰ্মাচিউটিকেল চাইন্স আৰু গিৰিজানন্দ চৌধুৰী ব্যৱস্থাপনা আৰু প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠানৰ ত্ৰুমে ১৩ আৰু ১৪ সংখ্যক প্ৰতিষ্ঠা দিৱস যোৱা ৭ ছেপ্তেম্বৰত উদযাপিত কৰা হয়।শ্ৰী মন্ত শংকৰ একাডেমিৰ সভাপতি ৰাতুল দাস প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি মহাবিদ্যালয়ৰ বাকৰিত পতাকা উত্তোলন কাৰ্য্যসূচী ৰূপায়িত কৰে। জি.আই.পি.ৰ অধ্যক্ষ ডঃ গৌৰাঙ্গ দাস, মহাবিদ্যালয় দুখনৰ মুখ্য প্ৰশাসনিক বিষয়া কেপ্টেইন আই.পি. শৰ্মাকে প্ৰমুখ্যে কৰি মহাবিদ্যালয় দুখনৰ সকলো শিক্ষক-কৰ্মচাৰীবৃন্দ পতাকা উত্তোলন কাৰ্য্যসূচীত উপস্থিত থাকে।উল্লেখযোগ্য যে শ্ৰী মন্ত শংকৰ একাডেমিৰ উদ্যোগত ২০০৬ চনতে সংস্থাপিত হোৱা গিৰিজানন্দ চৌধুৰী ব্যৱস্থাপনা আৰু প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান খনি উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমখন বেচৰকাৰী অভিযান্ত্ৰিক প্ৰতিষ্ঠান। আনহাতে সমাজৰ বিভিন্ন শ্ৰেণীৰ মানুহৰ মাজত স্বাস্থ্য আৰু ৰোগ সচেতনতা জাগ্ৰত কৰা তথা জনসাধাৰণৰ মাজত ফাৰ্মাছি শিক্ষাৰ গুৰুত্ব আৰু প্ৰচাৰ আৰু প্ৰসাৰৰ দৰে মহৎ উদ্দেশ্য আগত ৰাখি ২০০৭ চনৰ ৭চেপ্তেম্বৰ তাৰিখে গিৰিজানন্দ চৌধুৰী ইনষ্টিটিউট অৱ ফাৰ্মাচিউটিকেল চাইন্সৰ প্ৰতিষ্ঠা কৰা হয়।

পবিত্ৰ ৰাম নৱমীৰ শুভেচ্ছা জ্ঞাপন কৰিলে ৰাষ্ট্ৰপতিয়ে
আজি ৰাম নৱমী।এই ৰাম নৱমী হিন্দু ধর্মৰ এক পবিত্ৰ উৎসৱ।এই উৎসৱ ভগৱান ৰামৰ জন্মৰ লগত জৰিত।ৰাম নৱমী উপলক্ষে বিভিন্ন ঠাইত পূজা অৰ্চনা কৰা হৈছে।এই ৰাম নৱমী শুক্লপক্ষৰ নৱমী তিথিত পালন কৰা হয়।
ৰাম নৱমী উপলক্ষে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশবাসীক শুভেচ্ছা জনায় কয় যে ভগৱান ৰামৰ আৰ্শীবাদ দেশবাসীৰ প্ৰতি সদায় বৰ্তি থাকক।আনহাতে এই সম্পৰ্কত ৰাষ্ট্ৰপতি ৰামনাথ কবীন্দ্ৰে এনেদৰে কয় ৰামৰ ধৰ্মই আমাক সদায় অনুপ্ৰাণিত কৰি আহিছে।ন্যায় আৰু মানৱীয় গুণৰ বাবে ৰামৰ আদৰ্শই যুগ যুগ ধৰি সকলোকে অনুপ্ৰেৰণা যোগাব।
ভিউৱাছৰ মতামত