চাহৰ বাবে অসমৰ এক সুকীয়া পৰিচয় আছে ।এই সুকীয়া পৰিচয় বৰ্তাই ৰাখিবলৈ সক্ষম হৈছে মনোহৰী গল্ড চাহে ।জানি সুখী হ’ব যে আজি প্ৰতি কেজি ৫০হাজাৰ টকা দৰত এই চাহ গুৱাহাটী চাহ নিলাম কেন্দ্ৰৰ পৰা ক্ৰয় কৰিছে।গুৱাহাটীস্থিত সৌৰভ ট্ৰি ট্ৰেডাৰ্চ নামৰ এটা কোম্পানীয়ে ২কেজি চাহ ক্ৰয় কৰিছে বুলি জানিব পৰা গৈছে ।এই সম্পৰ্কে ক্ৰেতা মঙ্গীলাল মহেশ্বৰীয়ে কয় যে যোৱা বছৰত এই চাহ ৩৯হাজাৰ দৰত ক্ৰয় কৰিছিলো আৰু আহমেদাবাদ,দিল্লী,কলিকতাৰ গ্ৰাহকক যোগান ধৰিছিলো।এই চাহ এইবাৰ মুম্বাইৰ, পুনেৰ গ্ৰাহকক যোগান ধৰিম।গ্ৰাহকে এই চাহৰ সোৱাদ অন্য চাহতকৈ কিছু ব্যতিক্ৰম বুলি মন্তব্য কৰিছে ।এই মন্তব্য মঙ্গীলাল মহেশ্বৰীৰ।স্মতব্য যে পূৰ্বৰ ৰেকৰ্ড ভংগ কৰি মনোহৰী গল্ড চাহে অভিলেখ সৃষ্টি কৰিলে।

নামৰূপৰ সাৰ কাৰখানালৈ আহিছে ভাল খবৰ
নামৰূপ কাৰখানাৰ বাবে আছে ভাল খবৰ। নামৰূপ সাৰ কাৰখানাৰ চতুর্থ গোটৰ স্থাপন হোৱাৰ সপোন এতিয়া সাৰ্থক হোৱাৰ দিশে আগবাঢ়িছে।আজি কেন্দ্ৰীয় সাৰ আৰু ৰসায়ন বিভাগৰ মন্ত্ৰী সদানন্দ গৌড়াৰে হোৱা এক আলোচনাত উপস্থিত থকাৰ পিছতে কাৰখানাটোৰ চতুৰ্থটো গোট স্থাপনৰ ক্ষেত্ৰত সম্ভাৱনা ব্যক্ত কৰিছে বিত্তমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। মন্ত্ৰী ড০ শৰ্মাই জনাই যে চতুৰ্থটো গোটক লৈ থকা জটিলতা আঁতৰাবলৈ অসম চৰকাৰে বিনিয়োগৰ পৰিমাণ পূৰ্বৰ ১১ শতাংশৰ পৰিৱৰ্তে ২৬ শতাংশলৈ বৃদ্ধি কৰাৰ প্ৰস্তাৱ দিছে।
লগতে বিত্তমন্ত্ৰী গৰাকীয়ে কয় যে কেন্দ্ৰীয় চৰকাৰে এই সম্পৰ্কত সেউজ সংকেত দিব।উল্লেখযোগ্য যে ১৯৬৯ চনৰ পৰা আৰম্ভ হোৱা কাৰখানাটোৰ ২য় আৰু ৩য় গোটৰ কাম অতি দুৰ্বলভাৱে চলি থকাৰ পিছত ৪ৰ্থটো গোট মুকলি কৰাৰ বাবে চেষ্টা চলাই থকা হৈছিল যদিও ই কাৰ্যতঃ হৈ উঠা নাছিল। কিন্তু আজি বৈঠকত বিত্তমন্ত্ৰী গৰাকীয়ে চতুৰ্থটো গোট স্থাপনৰ স্থাপনৰ সম্ভাৱনাৰ থকা কথা সদৰি কৰে।
ভিউৱাছৰ মতামত