উত্তৰ পূৰ্বাঞ্চলত ক্ৰমবৰ্ধমান আৰ্কিটেক ডিজাইনাৰ সকলৰ প্ৰতি লক্ষ্য ৰাখি হেফেলেয়ে গুৱাহাটীৰ ৰেডিছন ব্লুত প্ৰথমবাৰলৈ সাতোখন ৰাজ্যৰ মাজত বিশেষভাৱে আৰ্কিটেক্ট ডিজাইনাৰ সকলৰ বাবে বঁটা প্ৰদান অনুষ্ঠান অনুষ্ঠিত কৰে।এই অনুষ্ঠানত সাতোখন ৰাজ্যৰ ১৪টা শ্ৰেষ্ঠ ডিজাইন প্ৰকল্প চিনাক্ত কৰি ইয়াৰ পৰা ৭ টা ভিন্ন শাখাত পুৰস্কাৰ প্ৰদান কৰা হয়।বঁটা সমূহ প্ৰদান কৰে মুখ্য অতিথি আৰ্কিটেক্ট প্ৰকাশ শান্দিল্য,অমিতাভ শৰ্মা,জয় প্ৰকাশ প্ৰসাদ,সঞ্জয় স্বামী,গণেশ প্ৰভু আৰু ডিজাইনাৰ সমাজৰ বিশিষ্ট ব্যক্তিসকলে।উল্লেখযোগ্য যে এই প্ৰতিযোগিতাখন জানুৱাৰী মাহত অসম আৰ্কিটেক্ট সংস্থাৰ সহযোগত আয়োজন কৰা হৈছিল।ইয়াত সাতখন ৰাজ্যৰ ৮০টাত কৈও অধিক আৰ্কিটেকচাৰ ফাৰ্মৰ পৰা আবেদন কৰিছিল।সঠিক মূল্যায়নৰ বাবে চুড়ান্ত বিজয়ী বাচনিৰ পূৰ্বে মুম্বাইৰ জুৰীয়ে আবেদন সমূহ ৪০ বছৰ উৰ্ধৰ আৰু ৪০ বছৰৰ অনুৰ্ধৰ শাখাত বিভক্ত কৰিছিল।অনুষ্ঠানটোত আৰ্কিটেক্ট উপেন কাকতিক তেওঁৰ সেৱা আৰু গুৱাহাটীৰ স্থাপত্য মানকলৈ আগবঢ়োৱা অৱদানৰ বাবে জীৱনযোৰা সন্মানীয় সাফল্যপ্ৰাপ্তি পুৰস্কাৰ প্ৰদান কৰা হয়।উল্লেখ্য যে হেফেলে ইণ্ডিয়া হৈছে হেফেলে গ্ল’বেল নেটৱৰ্কৰ অধীনস্থ এক সংস্থা।পৰিচালন সঞ্চালক জুৰ্গেন উল্ফ নেতৃত্বত এই উদ্যোগটোৱে ২০০৩ চনৰ পৰা সেৱা আগবঢ়াই আহিছে।উদ্যোগটোৱে ভাৰতৰ বৈচিত্রময় বজাৰখনত স্থাপত্য হাৰ্ডৱেৰ,আচবাব আৰু পাকঘৰৰ ফিটিংছসমূহৰ উপৰিও আনুসংগিক সামগ্রী লাইট,ছেনিটাৰী আদি শাখাতো আধিপত্য বিস্তাৰ কৰিছে।উত্তৰ পূবত হাফেলেয়ে ইয়াৰ ডীলাৰ সহযোগীসকলৰ সৈতে প্ৰায় এটা দশক ধৰি সেৱা আগবঢ়াই আহিছে।গুৱাহাটীত ব্ৰেণ্ডটোৱে ইয়াৰ ফ্ৰেঞ্চাইজী সহযোগী দিছপুৰ এণ্টাৰপ্ৰাইজৰ সহযোগত বাৰ্ষিক ১০ কোটি টকাৰ টাৰ্ণ অভাৰ কৰিবলৈ সমৰ্থ হৈছে।শ্বিলঙতো হেফেলেয়ে ইয়াৰ সহযোগী ডিজাইন ই আই ব্ৰেণ্ডৰ সৈতে বিগত পাঁচ বছৰ ধৰি সেৱা আগবঢ়াই আহিছে।
Trending
- যোৰাবাট উন্নয়ন সমিতিৰ স্বাধীনতা দিৱস উদযাপন
- পৰিবহণ বিষয়াৰ কাৰ্যালয়ত ব্যতিক্ৰমী স্বাধীনতা দিৱস উদযাপন
- On 79th Independence Day, NSE Chief Ashishkumar Chauhan Wishes the Nation Progress and Prosperity
- এন ই ফ’কাচ ডট কমৰ নৱম বৰ্ষপুৰ্তিৰ উদযাপন
- সামাজিক ন্যায় আৰু সবলীকৰণ বিভাগৰ মন্ত্ৰী পীযুষ হাজৰীকাৰ সদৌ অসম সূত্ৰধৰ ছাত্ৰ সন্থাৰ ৮২সংখ্যক কেন্দ্ৰীয় অধিৱেশনত অংশগ্ৰহণ
- সৰুসজাই ষ্টেডিয়ামত ১১হেজাৰ শিল্পীয়ে পৰিবেশন কৰিব বড়ো লোক নৃত্যানুষ্ঠান ‘বাগৰুম্বা দ’হৌ
- আই আই টি গুৱাহাটী আৰু বালিপাৰা ফাউণ্ডেচনৰ মাজত বুজাবুজি চুক্তি-পূৱ হিমালয়ৰ পৰিৱেশ সংৰক্ষণ, শক্তি আৰু জল সুৰক্ষাৰ বাবে নতুন উদ্ভাৱন নীতিত কাম কৰাৰ লক্ষ্য
- স্বাধীনতা দিৱস উদযাপনৰ প্ৰস্তুতি সন্দৰ্ভত কামৰূপ (ম)জিলা প্ৰশাসনৰ সভা
- টপচেম চিমেণ্ট আৰু ভাৰতীয় ৰেডক্ৰচ ছছাইটিয়ে যৌথভাবে ৰক্তদান শিবিৰ আয়োজন
- এইচডিএফচি বেংকে এপিকে জালিয়াতিৰ বিৰুদ্ধে নাগৰিক সুৰক্ষাৰ বাবে গুৰুত্বপূৰ্ণ সতৰ্কবাণী জাৰি কৰিছে