ফাইনাৰৰ সভাপতি পবিত্ৰ বুঢ়াগোহাই আৰু তেওঁৰ সহযোগী বজৰং লোহিয়াই যোৱাকালি অসমৰ স্বাস্থ্য আৰু জনকল্যাণ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক ৫০লাখ টকাৰ চেক আৰোগ্য নিধিলৈ আগবঢ়ায়। শ্ৰমিক সকলে স্ব ইচ্ছাই ফাইনাৰে ৰাজ্যৰ সংকটৰ সময়ত আগবাঢ়ি আহিছে । ফাইনাৰে অনুভৱ কৰে যে এই মহামাৰীৰ সমস্যাত নিজৰ জাতিৰ হকে আগুৱাই অহাটো ব্যৱসায়তকৈ অত্যাৱশ্যকীয়।

কাইলৈ হ’ব বিশাল গণসমাবেশ -জেৰেঙা পথাৰত চলিছে প্ৰস্তুতি
ঐতিহাসিক জেৰেঙা পথাৰত কালিলৈ অনুষ্ঠিত হ’ব এক বিশাল গণসমাবেশ।এই সভাত উপস্থিত থাকিব দেশৰ প্ৰধানমন্ত্ৰী । ইতিমধ্যে এসপ্তাহ ধৰি সভাৰ যাবতীয় প্ৰস্তুতি অব্যাহত আছে। শিৱসাগৰ জিলা প্ৰশাসনে নিৰাপত্তা ক্ষেত্ৰত পহৰাৰ ব্যৱস্থা কৰিছে। উল্লেখযোগ্য যে এই বিশাল গণ সমাবেশত ৩ লাখ লোকক ভূমি পট্ৰা প্ৰদান কৰিব।দেশৰ প্ৰধানমন্ত্ৰী গৰাকীৰ আগমনকলৈ ৪ খনকৈ হেলিপেড সাজু কৰি তুলিছে। জানিব পৰা মতে প্ৰতিখন জিলাৰ পৰা বিভিন্ন প্ৰতিনিধি এই সমাবেশলৈ আহিব। এই সমাবেশত অংশগ্ৰহণকাৰী সকলে ক’ভিড প্ৰট’কল মনাৰ লগতে কিছু নীতি নিৰ্দেশনা মানি চলিব লাগিব বুলি শিৱসাগৰ জিলা প্ৰশাসনে জানিবলৈ দিছে।
ভিউৱাছৰ মতামত