খোৱা খাদ্য,বাসস্থানৰ অভাৱৰ পৰিপ্ৰেক্ষিতত বন্যপ্ৰাণী আৰু মানুহৰ সংঘাত বৃদ্ধি পাইছে।এই মন্তব্য পৰিবেশ বিজ্ঞানী ড০ বিভূতি প্ৰসাদ লহকৰৰ। বন্যপ্রাণী মানুহৰ সংঘাত আৰু সহ অৱস্থান শীর্ষক এখন কৰ্মশালাত লহকৰে এই মন্তব্য কৰে।বনাঞ্চলৰ সংখ্যা কমি যোৱাৰ ফলত বন্যপ্রাণী জনাঞ্চললৈ ঢাপলি মেলিছে । যাৰ ফলত একাংশ লোক ত্ৰাসিত হৈ বিভিন্ন পন্থা অৱলম্বন কৰে।কৰ্মশালাখনত উপস্থিত থাকি বিভাস তালুকদাৰে কয় যে দেওহাঁহক ৰাজ্যিক পক্ষী হিচাপে ২০০২ চনতে স্বীকৃতি প্ৰদান কৰিছে যদিও এই সম্পর্কে উপযুক্ত প্ৰচাৰ আৰু প্ৰসাৰ নোহোৱাৰ ফলশ্ৰুতিত বহুতে নাজানে।উত্তৰ পূব খন জৈৱ বৈচিত্র্যৰে পৰিপূৰ্ণ।সেয়েহে পৰিবেশ,পাৰিপাৰ্শ্বিক অৱস্থাৰ বিষয়েও আমি সজাগ হোৱাটো দৰকাৰ।কৰ্মশালাখনত উপস্থিত থাকি সাংবাদিক সমুদ্র গুপ্ত কাশ্যপে বন্যপ্রাণীৰ ক্ষেত্রত সংবাদ পৰিবেশনত সাংবাদিকৰ ভূমিকা আৰু সাংবাদিকে সংবাদ পৰিবেশনত ল’ব লগা সাৱধানতাৰ সম্পর্কে প্ৰশিক্ষণ প্ৰদান কৰে।কৰ্মশালাখনত জ্যেষ্ঠ সাংবাদিক মৃণাল তালুকদাৰ,প্ৰণয় বৰদলৈ,ড০ ৰথিন বৰ্মন,ড০ অনুপম শৰ্মা,কৌশিক বৰুৱা,শুভময় ভট্টাচার্য্য,ড০ পৰিমল চন্দ্র ভট্টাচার্য্য উপস্থিতি থাকে।

ভেকচিন প্ৰদানৰ ক্ষেত্ৰত জনসচেতনতা সৃষ্টিৰ ওপৰত মুখ্যমন্ত্ৰীৰ গুৰুত্ব আৰোপ
মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি লখিমপুৰ জিলাৰ নাৰায়ণপুৰস্থিত দেউৰী স্বায়ত্ত শাসিত পৰিষদৰ অতিথিশালাত অনুষ্ঠিত এক বৈঠকত লখিমপুৰ আৰু ধেমাজি সাম্প্ৰতিক ক’ভিড পৰিস্থিতি বিষয়ে সবিশেষ পৰ্যালোচনা কৰে।পৰ্যালোচনা কালত মুখ্যমন্ত্ৰীয়ে জিলা উপযুক্ত তথা স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালকৰ সৈতে মত-বিনিময় কৰি সাম্প্ৰতিক ক’ভিড সংক্ৰমণৰ সবিশেষ বুজ লয়।বৈঠকত দুয়োখন জিলাৰ উপযুক্ত সৈতে মত-বিনিময় কৰি সাম্প্ৰতিক ক’ভিড সংক্ৰমণ প্ৰতিৰোধ কৰাৰ দিশত গ্ৰহণ কৰা ব্যৱস্থা ৰাজিৰ লগতে ভেকচিন প্ৰদান, সংক্ৰমণৰ হাৰ,হাস্পতাল থকা সা-সুবিধা সমূহ বিষয়ে মুখ্যমন্ত্ৰীক সবিশেষ অৱগত কৰে।আনহাতে, দুয়োগৰাকী স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালকে চিকিৎসা বিভাগে গ্ৰহণ কৰা পদক্ষেপ সমূহ বিষয়ে মুখ্যমন্ত্ৰীক অৱগত কৰে।
বৈঠকত মুখ্যমন্ত্ৰীয়ে জিলা দুখনত ভেকচিন প্ৰদানৰ ক্ষেত্ৰত জন সচেতন সৃষ্টিৰ বাবে প্ৰশাসনক নিৰ্দেশ দিয়ে।ৰাজহুৱা স্থানত জনসাধাৰণ যাতে মাস্ক পৰিধান কৰা লগতে সামাজিক দূৰত্ব বৰ্তাই ৰাখে সেই দিশটো নজৰ ৰাখিবলৈ মুখ্যমন্ত্ৰীয়ে কয়।মুখ্যমন্ত্ৰীয়ে লগতে ক’ভিড পজিটিভ ৰোগীৰ ক্ষেত্ৰত মাইক্ৰ কণ্টেইমেণ্ট এলেকাৰ ব্যৱস্থা কৰিবলৈ নিৰ্দেশ দিয়ে।লগতে প্ৰয়োজনীয় অক্সিজেন চিলিণ্ডাৰ আৰু আই চি ইউ বেডৰ ব্যৱস্থা মজুত ৰখাৰ বাবেও নিৰ্দেশ দিয়ে।ক’ভিড ৰোগীৰ বাবে হাস্পতাল সমূহত যাতে বিচনাৰ অভাৱ নহয় সেই সম্পৰ্কে যথোচিত পদক্ষেপ লোৱাৰ বাবেও মুখ্যমন্ত্ৰীয়ে নিৰ্দেশ দিয়ে।আনহাতে ক’ভিড পৰীক্ষা ব্যাপক হাৰত কৰাৰ ওপৰতো মুখ্যমন্ত্ৰী য়ে গুৰুত্ব আৰোপ কৰে।বিহু অনুষ্ঠান সমূহত যাতে ক’ভিড প্ৰট’কল মানি চলা হয় তাৰ বাবেও বিশেষ লক্ষ্য ৰাখিবলৈ কয়।
আজিৰ এই পৰ্যালোচনা বৈঠকত লখিমপুৰ জিলাৰ উপায়ুক্ত খৰ্গেশ্বৰ পেগু আৰু ধেমাজি জিলাৰ উপায়ুক্ত ডাঃ জীৱন বি,দুয়ো খন জিলাৰ স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালককে ধৰি স্বাস্থ্য বিভাগ তথা প্ৰশাসনৰ উচ্চপদস্ত বিষয়া সকল উপস্থিত থাকে।
ভিউৱাছৰ মতামত