আজি বিশ্ব জলাশয় দিৱস।জনসাধাৰণৰ মাজত সজাগতা,সচেতনতা বৃদ্ধি কৰাৰ উদ্দেশ্যে এই দিৱস উদযাপন হৈ আহিছে।সম্প্রতি সময়ত জলাশয় দিৱস পালন কৰাটো প্ৰাসংগিক বিষয় হৈ পৰিছে।দিনে দিনে বৃদ্ধি পোৱা বতৰৰ উষ্ণতা,পৰিবেশৰ ভাৰসাম্যতা আৰু অচিন বেমাৰৰ প্ৰাদুৰ্ভাৱে জলাশয় ধ্বংসৰ অন্যতম কাৰণ হৈ পৰিছে।জলাশয় প্ৰাকৃতিকভাৱে সৃষ্টি হয়।ই মানৱ শৰীৰৰ কিডনীৰ দৰে প্ৰকৃতিক সুৰক্ষা প্ৰদান কৰাৰ কাম কৰে।কিন্তু দুখৰ বিষয় যে আমাৰ অধিকাংশ মানুহে জলাশয়ক পিতনি বা ডাষ্টবিন হিচাপে ব্যৱহাৰ কৰে। জলাশয় অবিহনে কোনো বন্য জীৱ জন্তু জীয়াই থাকিব নোৱাৰে। কাৰণ জলাশয়ত মাটি আৰু পানী দুয়োটাৰে গুণাগুণ পোৱা যায়। আচাম চাইন্স এণ্ড এনভায়ৰমেন্ট টেকন’লজিয়ে চলোৱা এক সমীক্ষাত প্ৰকাশ পোৱা তথ্য অনুসৰি অসমত ৫০০০ জলাশয় আছে।চহৰীকৰণকে আদি কৰি বাণিজ্যিক সম্প্ৰসাৰণৰ ফলস্বৰূপে জলাশয় হ্রাস পোৱা পৰিলক্ষিত হৈছে ।এই সম্পর্কে প্ৰকৃতিবিদ বিভাস তালুকদাৰে এনেদৰে কয় আমাৰ মানুহে জলাশয়ৰ মূল্য বুজি নাপায়,পুতি পেলায় বা ধ্বংস কৰে।কিন্তু জলাশয় প্ৰকৃতিৰ কিডনী।জলাশয়ে পানী ধাৰণৰ ক্ষমতা বৃদ্ধি কৰে।আমাৰ অৰণ্যকৰ ফালৰ পৰা জলাশয় সংৰক্ষণৰ বাবে বিভিন্ন সজাগতামূলক কাৰ্যসূচী গ্রহণ কৰিছো।আমি বিচাৰো চৰকাৰেও কৃত্রিমভাৱে বৈজ্ঞানিক পদ্ধতিৰে জলাশয় সৃষ্টি কৰাৰ বাবে প্ৰয়াস চলাওক।উল্লেখযোগ্য যে অসমৰ মৰিগাঁও,নগাঁও জিলাত সৰ্বাধিক জলাশয় আছে।জলাশয় ধ্বংস কৰাৰ মূলতে আমিয়েই।আমি মানৱ জাতিয়ে আধুনিক জীৱন শৈলীৰ বাবে প্ৰকৃতিৰ ওপৰত অত্যাচাৰ আৰম্ভ কৰিছো আৰু যি দিনাই প্ৰকৃতিয়ে আমাৰ ওপৰত বিতুষ্ট হ’ব সেইদিনাই সকলো ইতি পৰিব।সেয়ে সময় থাকোতেই প্ৰকৃতিক বচাওক,জলাশয় সংৰক্ষণ কৰক। সংগীতা শইকীয়া।
Trending
- বি বৰুৱা কলেজ (স্বশাসিত)ৰ ৮৪সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন
- মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা আৰু ক্ৰিকেটৰ তাৰকা সুনীল গাভাস্কাৰে মুকলি কৰিলে গুৱাহাটী আন্ত:ৰাষ্ট্ৰীয় মাৰাথন
- ড০ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী অনুষ্ঠিত
- ঢকুৱাখনাত পাঞ্জাৱ নেচনেল বেংকৰ বিশেষ অনুষ্ঠান-দুৰ্ঘটনাত মৃতকৰ পৰিয়ালক ১ কোটি টকাৰ বীমাধনৰ চেক প্ৰদান
- চৰকাৰ আৰু হিতাধিকাৰীৰ মাজৰ অন্তিম পৰ্যায়ৰ ব্যৱধান দূৰ কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব ‘অৰুণোদয় সাৰথিয়ে
- ভাৰতীয় বিমানবন্দৰ প্ৰাধিকৰণৰ বৰঝাৰস্থিত কাৰ্যালয়ত চাৰিখন ইলেকট্ৰিক বাহন মুকলি
- বিভিন্ন ধৰ্মৰ ধৰ্মগুৰুৰ প্ৰাৰ্থনা মন্ত্ৰোচ্চাৰণৰ মাজেৰে ৰাজগড়ত মুকলি ‘জুবিন ক্ষেত্ৰ
- লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰত সুৰক্ষিত বিমান অৱতৰণৰ বাবে ৫৭০ মিটাৰ দৈৰ্ঘ্যৰ নতুন আলোক ব্যৱস্থা সংস্থাপন
- ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱসত ৰাণীত চি আৰ পি এফৰ উদ্যোগত ক্ৰীড়া প্ৰতিযোগিতা সম্পন্ন
- Airtel Strengthens India’s Digital Future with Sovereign Telco-Grade Cloud