মুখ্যমন্ত্ৰী বান সাহাৰ্য্য পুঁজিলৈ ১লাখ টকা আগবঢ়াইছে উদীয়মান ক্ৰিকেটাৰ ৰিয়ান পৰাগে।ৰিয়ান পৰাগৰ উপৰিও অভিনেতা যতীন বৰা, পৰিচালিকা ৰীমা দাসে ১লাখ টকাকৈ আগবঢ়াইছে।আনহাতে ধিং এক্সপ্ৰেছ হিমা দাসে অৰ্ধমাহৰ দৰমহা আৰু বিশিষ্ট সাংবাদিক মাইনী মহন্তই ২৫হাজাৰ টকা আগবঢ়াইছে ।উল্লেখযোগ্য যে চলিত বৰ্ষৰ বানত ২৮খন জিলাৰ ২৬ লাখৰো অধিক লোক প্লাৱিত হৈছিল।

অসমৰে এজন উদ্যমী ফটো সম্বলিত হৰ্ডিঙছ বিভিন্ন ৰাজ্যৰ এয়াৰ পৰ্টত লাগিছে
এজন উদ্যমী ফটো সম্বলিত হৰ্ডিঙচ দেশৰ বিভিন্ন প্ৰান্তৰ এয়াৰ পর্টত লাগিছে। উদ্যমী গৰাকীয়ে ফেচবুক ইণ্ডিয়াৰ ফালৰ পৰাও অলপতে বিশেষ সন্মান লাভ কৰিছে। ইয়াৰ অন্যতম কাৰণ হ’ল অসমৰ এই উদ্যমী গৰাকীয়ে ফেচবুকৰ জৰিয়তে ব্যৱসায় আৰম্ভ কৰি স্বাৱলম্বী হোৱাৰ লগতে থলুৱা শিল্প- সংস্কৃতিক বিশ্বমুখী কৰিছে।
এতিয়া আহো মূল প্ৰসংগলৈ।২০১৭ চনৰ কথা সৰ্থেবাৰীৰ ধ্ৰুৱজ্যোতি ডেকা নামৰ যুৱক জনে থলুৱা কিছু হস্ত শিল্প জাত সা-সামগ্ৰীয়ে ফেচবুকৰ জৰিয়তে ব্যৱসায় আৰম্ভ কৰিছিল।সেই ব্যৱসায় সম্প্ৰসাৰণ হৈ বৰ্তমানে এক পৰ্যায়ত উপনীত হ’বলৈ সক্ষম হৈছে। ধ্ৰুৱজ্যোতি ভাষাত ক’বলৈ গ’লে প্ৰথমে সৰ্থেবাৰীত পোৱা কাঁহ পিতলৰ কিছু বাচন বতনেৰে ফেচবুকৰ জৰিয়তে ব্যৱসায় আৰম্ভ কৰো।বৰ্তমানে ৩০৮৬ বিধ হস্ত শিল্প জাত সা সামগ্ৰী Brahmaputra Fables গ্ৰাহকলৈ আগবঢ়াইছো।
উল্লেখযোগ্য যে উত্তৰ পূৰ্বৰ বিভিন্ন শিল্পীয়ে এই ব্যৱসায় জৰিয়তে এখন মঞ্চ লাভ কৰিছে। তেখেতে জনোৱা মতে ইতিমধ্যে ইটালী,আমেৰিকান গ্ৰাহকেও সা সামগ্ৰী ক্ৰয় কৰিছে। ফেচবুকৰ জৰিয়তে এনেধৰণৰ সন্মান লাভ কৰা ধ্ৰুৱজ্যোতি ডেকা হ’ল অসমৰ দ্বিতীয় জন সন্তান।ধ্ৰুৱজ্যোতি ডেকাৰ এই যাত্ৰা যুগমীয়া হওক আমি জনালো অলেখ শুভকামনা।
ভিউৱাছৰ মতামত