কামৰূপ জিলা প্ৰশাসনৰ উদ্যোগত আৰু পলাশবাৰী ৰাজহ চক্ৰ বিষয়াৰ কাৰ্য্যালয়ৰ উদ্যোগত আজি ৫০ নং পলাশবাৰী বিধান সভা সমষ্টিৰ অন্তৰ্গত মিৰ্জা ছোৱালী হাইস্কুল আদৰ্শ ভোট কেন্দ্ৰত পদ্ধতিগত ভোটাৰ শিক্ষা আৰু নিৰ্বাচনী অংশ গ্ৰহন কাৰ্যক্ৰমনিকা, চমুকৈ এছ.ভি.ই.ই.পিৰ এক কাৰ্য্যসূচী অনুষ্ঠিত হয়। দেশৰ গণতান্ত্ৰিক ব্যৱস্থাক সৱল আৰু শক্তিশালী কৰাত প্ৰতিগৰাকী নাগৰিকৰে অংশ গ্ৰহন নিশ্চিত কৰাৰ লক্ষ্য আগত ৰাখি ভাৰতৰ নিৰ্বাচন আয়োগৰ নিৰ্দেশ অনুসৰি হাতত লোৱা এচ.ভি.ই.ই.পিৰ আজিৰ এই কাৰ্য্যসূচীৰ জৰিয়তে জিলা খনৰ প্ৰতিগৰাকী যোগ্য ভোটাৰক এইবেলিৰ নিৰ্বাচনত ভোটদান কৰিবলৈ সজাগ কৰা হয়। কামৰূপ নিৰ্বাচনী বিষয়া কৈলাশ কাৰ্তিক এন, পলাশবাৰী বিধান সভা সমষ্টিৰ সহকাৰী ৰেটাৰ্ণিং বিষয়া ধৃতিমান দাস, বকো বিধান সভাৰ বাবে নিযুক্ত পৰ্যবেক্ষক পৱিত্ৰ মণ্ডল, ছয়গাঁও বিধান সভাৰ নিৰ্বাচনৰ বাবে নিযুক্ত পৰ্য্যবেক্ষক ড০ মিত্ৰ টি, পলাশবাৰী বিধান সভাৰ নিৰ্বাচনৰ বাবে নিযুক্ত পৰ্য্যবেক্ষক দয়ানদ মিশ্ৰ, হাজো বিধান সভাৰ নিৰ্বাচনৰ বাবে নিযুক্ত পৰ্য্যবেক্ষক ড০ চন্দ্ৰশেখৰ কুমাৰ আৰু কামৰূপ নিৰ্বাচনী জিলাৰ বাবে নিযুক্ত আৰক্ষী পৰ্য্যবেক্ষক ৰঞ্জন কুমাৰ শৰ্মা উপস্থিত থকা কাৰ্য্যসূচীৰ অংশ হিচাপে শিল্পী সমাজ থিয়েটাৰ গ্ৰুপৰ দ্বাৰা এখন চুটি নাটক আৰু গীত পৰিৱেশন কৰি ভোটাৰ সকলক ভোট দান প্ৰক্ৰিয়াত অংশ গ্ৰহণৰ বাবে সজাগ তথা আহ্বান জনোৱা হয়। ইপিনে এই কাৰ্য সূচীৰ আৰম্ভণিতে ইতিমধ্যে প্ৰাণ আহুতি দিয়া কভিড যোদ্ধা সকলৰ প্ৰতি সন্মান জনাই এক মিনিট সময় মৌনতা অৱলম্বন কৰা হয়। প্ৰসংগ ক্ৰমে উল্লেখ কৰিব পাৰি যে এইবেলি মিৰ্জা ছোৱালী হাইস্কুলৰ ভোট কেন্দ্ৰটো কভিড যোদ্ধা সকলৰ স্মৃতিত অৰ্পন কৰা হৈছে। সেই অনুসৰি কেন্দ্ৰটো আকৰ্ষণীয় ৰূপত সজাই পৰাই তোলা হৈছে।
Trending
- ৰাণী সাহিত্য সভাৰ দিনযোৰা কাৰ্যসূচীৰে দ্বি-বাৰ্ষিক অধিৱেশন সম্পন্ন
- গুৱাহাটী প্ৰেছ ক্লাবত সাপ্তাহিক কবচৰ ২৯ তম্ বৰ্ষপূৰ্তি উদযাপন
- ধাৰাপুৰত ১৫ দিনীয়া গ্ৰীষ্মকালীন নাট কৰ্মশালা আৰম্ভ
- Brahmaputra Conclave on Balancing Development and Ecology Held in Guwahati
- ৰাণীৰ এলিফেণ্ট কৰিডৰত হাতীৰ সুৰক্ষামূলক ফলক স্থাপন
- গুৱহাটী বিশ্ববিদ্যালয় এন এছ এছ কোষৰ উদ্যোগত বন মহোৎসৱ পালন
- গুৱাহাটীত ৩২তম অসম ৰাজ্যিক একুৱেটিক চেম্পিয়নশ্বিপ
- KARGIL MARTYR CAPT JINTU GOGOI, VrC REMEMBERED ON 26th MARTYRDOM DAY
- সম্পূৰ্ণ বিদ্যুৎচালিত ব্যৱস্থাৰে ডিব্ৰুগড়লৈ চলাচল কৰিছে ৰাজধানী এক্সপ্ৰেছ
- সৰ্বভাৰতীয় পৰ্যায়ত উজলি উঠিছে তামুলপুৰ উন্নয়ন খণ্ড-দেশৰ ৫০০টা উন্নয়ন খণ্ডৰ ভিতৰত প্ৰথম স্থান