সোণালী বান্দৰ সংৰক্ষণৰ বাবে বিশেষ পদক্ষেপ গ্ৰহণ কৰিব বঙাইগাঁও জিলা প্ৰশাসনে

0 226

বিশ্বৰ বিলুপ্তপ্ৰায় সোণালী বান্দৰ সংৰক্ষণ তথা খাদ্য বাবে গছ পুলি ৰোপন গ্ৰহণ কৰিছে বঙাইগাঁও জিলাৰ উপায়ুক্ত ডাঃ এম এ লক্ষ্মীপ্রিয়াই।জানিব পৰা মতে ৫০০ গৰাকী ভোটাৰক লগত লৈ তেখেতে এই কাৰ্যসূচী গ্ৰহণ কৰিব।কালি সংবাদমেল যোগে এই কথা জানিবলৈ দি উপায়ুক্ত গৰাকীয়ে কয় যে ৩২ নং বঙাইগাঁও বিধান সভা সমষ্টিৰ কাকৈজানা সংৰক্ষিত বনাঞ্চলৰ ৰাঙাপাৰাত ৩২ হেজাৰ গছ পুলি জিলা প্ৰশাসনে ৰোপন কৰিব।এই কাৰ্যসূচী ইণ্ডিয়া বুক অফ ৰেকৰ্ডত সন্নিবিষ্ট কৰাৰ প্ৰয়াস কৰিব বুলি জানিব পৰা গৈছে।

Leave A Reply

Your email address will not be published.