গুৱাহাটীত অহা ১০ জানুৱাৰীৰ পৰা ২২ জানুৱাৰীলৈ অনুষ্ঠিত হ’বলগীয়া খেল’ ইণ্ডিয়া যুৱ ক্রীড়াৰ শিখা আজি গুৱাহাটীৰ পৰা আন্তঃৰাষ্ট্ৰীয় খ্যাতি সম্পন্ন ক্ৰীড়াবিদ কুশল লাহন আৰু ৰীতা লাহনে কঢ়িয়াই আনি শিৱসাগৰত উপস্থিত হয়।
শিৱসাগৰ স্থিত ৰংপুৰ জ্যোতি ক্লাৱত দুয়োগৰাকী খেলুৱৈক উষ্ম আদৰণি জনায় জিলা উপায়ুক্ত ডাঃ এম এছ লক্ষ্মীপ্ৰিয়াৰ লগতে অৰ্জুন ভোগেশ্বৰ বৰুৱা, জিলা প্ৰশাসনৰ জ্যেষ্ঠ বিষয়া সকল, জিলা ক্রীড়া বিষয়া সঞ্জয় উপাধ্যায়, জিলাখনৰ নবীন প্ৰবীণ খেলুৱৈ সকলে। ৰংপুৰ জ্যোতি ক্লাৱৰ পৰা খেল’ ইণ্ডিয়াৰ শিখা লৈ উপস্থিত সকলোৰে লগতে ছাত্ৰ-ছাত্ৰী আৰু স্থানীয় ৰাইজে চহৰৰ মাজেৰে এক ৰেলীত অংশগ্ৰহণ কৰি তৃতীয় খেল’ ইণ্ডিয়া যুৱ ক্ৰীড়াক স্বাগতম জনায়।খবৰ যুগুতালে শিৱসাগৰৰ পৰা দিল্লিস্তান খানে..
ভিউৱাছৰ মতামত