মৌ বাকচ বিতৰণ

0 273

অসম কৃষি বিশ্ববিদ্যালয় অন্তৰ্গত কৃষি বিজ্ঞান কেন্দ্ৰ নগাঁৱৰ (শিমলুগুৰি) উদ্যোগত এক ব্যতিক্ৰমী চিন্তা ধাৰাৰে নগাঁও জিলাৰ শেনচোৱা অঞ্চলৰ হালধিআটি টোপ গাৱঁৰ কৃষক আৰু মহিলা সকলক চৈধ্যটা মৌ বাহ বিতৰণ কৰি গাওঁ খনক মৌগাঁও হিচাপে প্ৰতিষ্ঠা কৰে। কৃষি বিজ্ঞান কেন্দ্ৰ নগাঁৱৰ দ্বাৰা শেনচোৱা অঞ্চলৰ ১৫০ বিঘা ভূমিত কৰা সৰিয়হৰ খেতিৰ সমীপত অনুষ্ঠিত অনুষ্ঠানটিৰ শুভাৰম্ভ কৰি কৃষি বিজ্ঞান কেন্দ্ৰ নগাঁৱৰ মুৰব্বী ডঃ নিৰঞ্জন ডেকাই মৌ গাঁও প্ৰতিষ্ঠাৰ উদেশ্যে বাখ্যা কৰি মৌ পালনৰ দিহা পৰামৰ্শ আৰু ইয়াৰ প্ৰয়োজনীয়তা আৰু লাভালাভৰ বিষয়ে ভাষন প্ৰদান কৰি হাতে কামে প্ৰশিক্ষণ প্ৰদান কৰে। অনুষ্ঠানটিত সমল ব্যক্তি ৰূপে উপস্থিত থাকি লক্ষীমপুৰ জিলাৰ সান্দহখোৱাৰ বিশিষ্ট মৌ পালক নিতুল ভূঞা আৰু মহেশ্বৰ মহন্তই মৌ পালনৰ কাৰিকৰী কৌশল সমূহ বিশদ ভাৱে আলোকপাত কৰে। শুভাৰম্ভ অনুষ্ঠানটিত খাগৰিজান খণ্ড প্ৰকল্প পৰিচালক মিন্টু ডেকা, কৃষি বিজ্ঞান কেন্দ্ৰৰ বিজ্ঞানী দীপেন চন্দ্ৰ নাথ, ড০ চিংকি বৰ্মন, ড০ বন্তি গগৈ কৃষক তৰুণ বৰা, খাগৰিজান গাঁও পঞ্চায়তৰ বহুকেইজন গন্য মান্য ব্যক্তি সহ তিনি শতাধিক ৰাইজ উপস্থিত থাকে ।
খবৰ যুগুতালে নগাঁৱৰ পৰা ৰাহুল দেৱ বৰদলৈ প্ৰতিবেদন

Leave A Reply

Your email address will not be published.