মহানগৰীৰ বৰঝাৰস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰত মঙ্গলবাৰে শীত আৰু বতৰৰ খবৰ শীৰ্ষক এখনি কৰ্মশালা অনুষ্ঠিত হয় । উত্তৰ পূৰ্বাঞ্চলৰ বতৰ সম্পৰ্কীয় তথ্য সামৰি নতুন নতুন সংযোজনেৰে সফলতাৰ শীৰ্ষত আৰোহণ কৰিবলৈ লোৱাৰ কথাবোৰৰ বৰ্ণনা কৰা হয় । এই তথ্য সমূহ সংবাদ মাধ্যমৰ জৰিয়তে কিদৰে প্ৰকাশ কৰিলে উপকৃত হ’ব পাৰি তাৰ সম্পৰ্কত আলোচনা কৰা হয় । বৰ্তমানৰ উপ মহানিৰ্দেশক সঞ্জয় নীলে আঁত ধৰা এই কৰ্মশালাত বতৰ বিজ্ঞান কেন্দ্ৰৰ অৱসৰপ্ৰাপ্ত উপ মহানিৰ্দেশক হৰ গোবিন্দ পাঠক , এছ এন ডেকা , বতৰ বিজ্ঞানী শোণিত দাস আদিকে ধৰি কেবাগৰাকীও বতৰ বিজ্ঞানীয়ে ভাষণ প্ৰদান কৰে । সম্প্ৰতি উত্তৰ পূৰ্বাঞ্চলৰ ৭খন ৰাজ্যৰ বতৰ সম্পৰ্কীয় সকলো তথ্য প্ৰতিমুহূৰ্তই বৰঝাৰস্থিত এই অঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই নিৰ্ভুলভাৱে সংগ্ৰহ কৰিব পৰাকৈ অত্যাধুনিক প্ৰযুক্তি ব্যৱহাৰ কৰিবলৈ সক্ষম হৈছে বুলিও জানিবলৈ দিয়ে ।
Trending
- বি বৰুৱা কলেজ (স্বশাসিত)ৰ ৮৪সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন
- মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা আৰু ক্ৰিকেটৰ তাৰকা সুনীল গাভাস্কাৰে মুকলি কৰিলে গুৱাহাটী আন্ত:ৰাষ্ট্ৰীয় মাৰাথন
- ড০ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী অনুষ্ঠিত
- ঢকুৱাখনাত পাঞ্জাৱ নেচনেল বেংকৰ বিশেষ অনুষ্ঠান-দুৰ্ঘটনাত মৃতকৰ পৰিয়ালক ১ কোটি টকাৰ বীমাধনৰ চেক প্ৰদান
- চৰকাৰ আৰু হিতাধিকাৰীৰ মাজৰ অন্তিম পৰ্যায়ৰ ব্যৱধান দূৰ কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব ‘অৰুণোদয় সাৰথিয়ে
- ভাৰতীয় বিমানবন্দৰ প্ৰাধিকৰণৰ বৰঝাৰস্থিত কাৰ্যালয়ত চাৰিখন ইলেকট্ৰিক বাহন মুকলি
- বিভিন্ন ধৰ্মৰ ধৰ্মগুৰুৰ প্ৰাৰ্থনা মন্ত্ৰোচ্চাৰণৰ মাজেৰে ৰাজগড়ত মুকলি ‘জুবিন ক্ষেত্ৰ
- লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰত সুৰক্ষিত বিমান অৱতৰণৰ বাবে ৫৭০ মিটাৰ দৈৰ্ঘ্যৰ নতুন আলোক ব্যৱস্থা সংস্থাপন
- ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱসত ৰাণীত চি আৰ পি এফৰ উদ্যোগত ক্ৰীড়া প্ৰতিযোগিতা সম্পন্ন
- Airtel Strengthens India’s Digital Future with Sovereign Telco-Grade Cloud