এখন বিশেষ বিদ্যালয়।বিদ্যালয়খন সম্প্রতি সংবাদ মাধ্যমৰ চৰ্চাৰ বিষয় হৈ পৰিছে।কিয়নো বিদ্যালয়খনক চালে চকুৰোৱাকৈ সজাই পৰাই তোলা হৈছে।দৰঙৰ দলগাঁৱত অৱস্থিত এই বিশেষ বিদ্যালয়খনৰ নাম কস্তৌৰবা গান্ধী বালিকা বিদ্যালয়।চৰকাৰী খণ্ডৰ এই বিদ্যালয়খন সেয়েহে আজি সকলোৱে মুখে মুখে চৰ্চিত।উল্লেখযোগ্য যে বিদ্যালয়খনৰ দেৱালত বিভিন্ন মহৎ লোকৰ বাণী ,বিভিন্ন জীৱ জন্তুৰ ছবি অংকিত আছে, বিদ্যালয়ৰ চৌহদত এখন সৰু পথাৰ আছে আৰু সুন্দৰ ফুলনি বাগিচা আছে ।২০০৮ চনতে স্থাপন হোৱা বিদ্যালয়খনৰ ছাত্ৰীৰ সংখ্যা ৮০ জনী।জানিব পৰা মতে বিদ্যালয়খনত আনুষ্ঠানিক পাঠদান কৰাৰ লগতে আত্মৰক্ষা কৌশল,যোগ,কাপোৰ বোৱা,খেতি কৰা,আচাৰ বনোৱাৰ প্ৰশিক্ষণ প্ৰদান কৰে।এই সম্পর্কে কৌস্তৰবা বিদ্যালয়ৰ প্ৰধান শিক্ষয়ত্ৰী অলি দেৱীয়ে এনেদৰে কয়- ছাত্রীসকলে বিদ্যালয়খনক সজাই পৰাই তোলাৰ ক্ষেত্রত পদক্ষেপ লৈ আহিছে।আমাৰ এই বিদ্যালয়ত প্ৰশিক্ষণ গ্রহণ কৰি হাজেৰা খাতুন নামৰ ছাত্ৰীগৰাকীয়ে আন্তৰাষ্ট্ৰীয় পৰ্যায়ত কাৰাটে প্ৰতিযোগিতাত ব্ৰঞ্জৰ পদক অৰ্জন কৰিবলৈ সক্ষম হৈছে।প্ৰত্যকজনী ছোৱালীক সকলো দিশৰ পৰা পাকৈত কৰি তোলাৰ প্ৰয়াস কৰা হৈছে।স্মৰ্তব্য যে এই বিদ্যালয়খনে বস্তি অঞ্চলৰ ছাত্ৰী উন্নয়নৰ বাবে পদক্ষেপ গ্রহণ কৰি আহিছে। সংগীতা শইকীয়া
Trending
- ঢকুৱাখনা চৰকাৰী উচ্চ মাধ্যমিক বিদ্যালয়ৰ শ্ৰেণীকোঠা উদ্বোধন
- দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণৰ বাবে মুছলপুৰত নিৰ্বাচনী সামগ্ৰী বিতৰণ
- কামৰূপ (ম)ৰ প’লিং বিষয়া আৰু ই ভি এমৰ দ্বিতীয় পৰ্যায়ৰ ৰেণ্ডমাইজেশ্বন সম্পন্ন
- জৱাহৰ নবোদয় বিদ্যালয়ত কুইজিন-দ্য ব্ৰেইন বুফে
- ঘিলামৰাত ৬৫ সংখ্যক কেন্দ্ৰীয় ৰঙালী বিহু শুভাৰম্ভ
- পৰ্যবেক্ষক, প্ৰাৰ্থী-প্ৰতিনিধিৰ সৈতে কামৰূপ মহানগৰ জিলা নিৰ্বাচন বিষয়াৰ গুৰুত্বপূৰ্ণ সভা
- মিচিং জাতীয় সংগঠনৰ বিশ্ব ধৰিত্ৰী দিৱস পালন
- বৰুৱাৰ সংসাৰ প্ৰদৰ্শিত হ’ব ভাৰতীয় চলচ্চিত্ৰ মহোৎসৱত
- এয়াৰটেলৰ ৰোমিং পেক উন্মোচন
- কাছাৰত অ গ পৰ সভাপতি নির্বাচনী প্ৰচাৰ