অসমৰ দুগৰাকী প্ৰতিভাৱান খেলুৱৈ হৃদয় হাজৰিকা আৰু লাভলীনা বৰগোঁহাই।বিশ্ব জয় কৰি অসমলৈ সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হোৱা শ্বুটাৰ হৃদয় হাজৰিকাই খেলো ইণ্ডিয়াত ভাল প্ৰদৰ্শন কৰিবলৈ সম্পূৰ্ণ প্ৰস্তুতি অব্যাহত ৰাখিছে।অহা ১০ জানুৱাৰীৰ পৰা অনুষ্ঠিত হ’বলগীয়া খেলো ইণ্ডিয়া য়ুথ গেমছক লৈ হৃদয় খুবেই আশাবাদী।বৰ্তমান মুম্বাইত প্ৰশিক্ষণ গ্ৰহণ কৰি থকা হৃদয়ৰ মতে এই খেলৰ জৰিয়তে অসমত বহুত নতুন খেলুৱৈ ওলাব।অসমত খেলৰ ব্যৱস্থা আৰু উন্নত হ’ব।খেলত অংশগ্রহণ কৰিবলগীয়া সকলো প্ৰতিযোগীলৈ হৃদয় হাজৰিকাই বহু শুভকামনা যাঁচিছে।উল্লেখযোগ্য যে ১৮ বছৰীয়া হৃদয়ৰ লক্ষ্য চলিত বৰ্ষৰ টকিঅ’ অলিম্পিক।বক্সাৰ লাভলীনা বৰগোঁহাই বৰ্তমান দিল্লীত প্ৰশিক্ষণৰত।এন ই ফ’কাচৰ সৈতে হোৱা এক টেলিফোনিক বাৰ্তালাপত লাভলীনাই কয় এইটো অতি আনন্দৰ কথা যে খেলো ইণ্ডিয়া অসমত অনুষ্ঠিত হ’ব।অসমৰ ল’ৰা-ছোৱালীৰ কাৰণে এইখন এখন ভাল প্লেটফৰ্ম।এই সুযোগত খেলুৱৈসকলে ভাল প্ৰদৰ্শনেৰে জয় লাভ কৰি অসমলৈ সুনাম কঢ়িয়াই আনিব।গুৱাহাটীক খেলৰ ৰাজধানী হিচাপে গঢ়ি তুলিবলৈ চৰকাৰে যি প্ৰচেষ্টা হাতত লৈছে খেলো ইণ্ডিয়া য়ুথ গেমছৰ যোগেদি সেয়া সম্ভৱপৰ হ’ব বুলিও মত প্ৰকাশ কৰে বক্সাৰ লাভলীনা বৰগোঁহাইয়ে।খবৰ যুগুতালে গীতাঞ্জলি গগৈয়ে..
Trending
- ঢকুৱাখনা চৰকাৰী উচ্চ মাধ্যমিক বিদ্যালয়ৰ শ্ৰেণীকোঠা উদ্বোধন
- দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণৰ বাবে মুছলপুৰত নিৰ্বাচনী সামগ্ৰী বিতৰণ
- কামৰূপ (ম)ৰ প’লিং বিষয়া আৰু ই ভি এমৰ দ্বিতীয় পৰ্যায়ৰ ৰেণ্ডমাইজেশ্বন সম্পন্ন
- জৱাহৰ নবোদয় বিদ্যালয়ত কুইজিন-দ্য ব্ৰেইন বুফে
- ঘিলামৰাত ৬৫ সংখ্যক কেন্দ্ৰীয় ৰঙালী বিহু শুভাৰম্ভ
- পৰ্যবেক্ষক, প্ৰাৰ্থী-প্ৰতিনিধিৰ সৈতে কামৰূপ মহানগৰ জিলা নিৰ্বাচন বিষয়াৰ গুৰুত্বপূৰ্ণ সভা
- মিচিং জাতীয় সংগঠনৰ বিশ্ব ধৰিত্ৰী দিৱস পালন
- বৰুৱাৰ সংসাৰ প্ৰদৰ্শিত হ’ব ভাৰতীয় চলচ্চিত্ৰ মহোৎসৱত
- এয়াৰটেলৰ ৰোমিং পেক উন্মোচন
- কাছাৰত অ গ পৰ সভাপতি নির্বাচনী প্ৰচাৰ