যোৱা ২৮ জুলাইত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাক সদৌ অসম পুথি প্ৰকাশক আৰু বিক্রেতা সংস্থাই দিছপুৰৰ মুখ্যমন্ত্ৰী কাৰ্যালয়ত সাক্ষাৎ কৰি মুখ্যমন্ত্ৰীক এখনি ফুলাম গামোচা চেলেং চাদৰ আৰু কিতাপৰ টোপোলাৰে সম্বৰ্ধনা জ্ঞাপন কৰি মুখ্যমন্ত্ৰীৰ সাহাৰ্য্য পুঁজিলৈ এক লাখ একাৱন্ন হাজাৰ টকাৰ চেক এখন প্ৰদান কৰে। অসমৰ প্ৰায় সকল গ্ৰন্থ বিক্রেতাই এনেকুৱা প্ৰতিকূল পৰিস্থিতিত নিজৰ সাধ্যনুসাৰে সংস্থাৰ দ্বাৰা মুখ্যমন্ত্ৰী সাহাৰ্য্য পুঁজিলৈ অৰিহণা আগবঢ়াইছিল।বিনামূলীয়া পাঠ্যপুথিৰ লগতে বিভিন্ন গ্ৰন্থ বিষয়ক সমস্যাৰ বিষয়ে মুখ্যমন্ত্ৰী আৰু শিক্ষামন্ত্ৰীক ড° ৰনোজ পেগুক অৱগত কৰা হয়।মাননীয় মুখ্যমন্ত্ৰীয়ে শিক্ষামন্ত্ৰীক সমস্যাসমূহ সমাধান কৰিবলৈ দায়িত্ব দিয়ে।লগতে উত্তৰ পূব গ্ৰন্থ মেলাখন সুকলমে পাতিবৰ বাবে সহায়ৰ হাত আগবঢ়াব বুলি আশ্বাস দিয়ে। এই ক্ষেত্ৰত গ্ৰন্থৰ উন্নতিৰ কাৰণে মুখ্যমন্ত্ৰী মহোদয়ে সকলোধৰণৰ সহায় সহযোগিতা কৰিব বুলি সংস্থাক আশ্বাস প্ৰদান কৰে। মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰাত শিক্ষামন্ত্ৰী পেগুৱে সকলো সহায় আগবঢ়োৱা বাবে সংস্থাই শলাগ লয়। বৰঙণি আগবঢ়োৱা সকলো সদস্যলৈ সংস্থাৰ ফালৰ পৰা ধন্যবাদ জ্ঞাপন কৰে। মুখ্যমন্ত্ৰী সাক্ষাৎকালত সংস্থাৰ হৈ সভাপতি ইমৰাণ আহমেদ,সাধাৰণ সম্পাদক ধীৰাজ গোস্বামী, উপসভাপতি পংকজ ভাগৱতী ,যুটীয়া সম্পাদক বাহাৰুল ইছলাম চৌধুৰী আৰু সদস্য অপূৰ্ব কলিতা উপস্থিত থাকে।
Trending
- স্বাস্থ্য আৰু পৰিয়াল কল্যাণ,জলসিঞ্চন মন্ত্ৰী অশোক সিংহলে আজি গোৱালপাৰা জিলা ভ্ৰমন কৰি কেইবাটাও কাৰ্যসূচীত অংশ গ্ৰহণ কৰে
- গুৱাহাটী মহানগৰীৰ বশিষ্ঠত নন্দ উৎসৱ উদযাপন
- MGM Healthcare Organises CME on Heart &Lung Transplant, and Mechanical Circulatory Support & ECMO
- যোৰাবাট উন্নয়ন সমিতিৰ স্বাধীনতা দিৱস উদযাপন
- পৰিবহণ বিষয়াৰ কাৰ্যালয়ত ব্যতিক্ৰমী স্বাধীনতা দিৱস উদযাপন
- On 79th Independence Day, NSE Chief Ashishkumar Chauhan Wishes the Nation Progress and Prosperity
- এন ই ফ’কাচ ডট কমৰ নৱম বৰ্ষপুৰ্তিৰ উদযাপন
- সামাজিক ন্যায় আৰু সবলীকৰণ বিভাগৰ মন্ত্ৰী পীযুষ হাজৰীকাৰ সদৌ অসম সূত্ৰধৰ ছাত্ৰ সন্থাৰ ৮২সংখ্যক কেন্দ্ৰীয় অধিৱেশনত অংশগ্ৰহণ
- সৰুসজাই ষ্টেডিয়ামত ১১হেজাৰ শিল্পীয়ে পৰিবেশন কৰিব বড়ো লোক নৃত্যানুষ্ঠান ‘বাগৰুম্বা দ’হৌ
- আই আই টি গুৱাহাটী আৰু বালিপাৰা ফাউণ্ডেচনৰ মাজত বুজাবুজি চুক্তি-পূৱ হিমালয়ৰ পৰিৱেশ সংৰক্ষণ, শক্তি আৰু জল সুৰক্ষাৰ বাবে নতুন উদ্ভাৱন নীতিত কাম কৰাৰ লক্ষ্য