১জুলাইৰ পৰা ১৫জুলাইলৈ দেশজুৰি অনুষ্ঠিত হ’ল স্বচ্ছতাৰ পষেক । স্বচ্ছতা পষেকৰ অংশস্বৰুপে নুমলীগডৰ শোধনাগাৰ লিমিটেডে বিভিন্ন কাৰ্য্যসূচী পালন কৰে।পষেকৰ সংগতি ৰাখি গুৱাহাটী কৰ্পাৰেট কাৰ্য্যালয়ে চাফাই অভিযান আয়োজন কৰে।এই সংকল্প গ্ৰহণ আৰু স্বচ্ছতা কাৰ্য্যসূচীত অংশগ্ৰহণ কৰি এন আৰ এলৰ পৰিচালন সঞ্চালক এছ কে বৰুৱাই যে নিজৰ কৰ্মক্ষেত্ৰ আৰু চাৰিওকাষটো পৰিস্কাৰ পৰিচ্ছন্নতাকৈ কৰি ৰাখিব লাগে ।আনহাতে গোলাঘাটৰ লেটেকুজান আৰু অৰুণোদয় চাহ বাগিছাত মহিলাৰ মাহেকীয়া সজাগতামূলক কাৰ্যসূচী অনুষ্ঠিত কৰাৰ লগতে মহিলা সকলৰ মাজত চেনিটাৰী নেপকিন বিতৰণ কৰে।শিৱসাগৰ দেৱালয় গায়ন গাঁও আৰু গোলাঘাটৰ ঢেকীয়ালত পানীৰ ফিল্টাৰ বিতৰণ কৰে।স্বচ্ছতা পষেকৰ প্ৰথম সপ্তাহত শোধনাগাৰৰ সমীপৱৰ্তী বিদ্যালয়ত স্বচ্ছতা অভিযান অনুষ্ঠিত কৰাৰ লগতে শৌচাগাৰৰ ব্লক উদ্বোধন কৰে।ইয়াৰ উপৰিও ১০জুলাইত কচুপথাৰস্থিত শংকৰ দেৱ শিশু নিকেতনত এটা ব্লক মুকলি কৰে।শোধনাগাৰ পাশ্ববৰ্তী গাঁৱত স্বাস্থ্য, স্বচ্ছতা, অনাময়ৰ ওপৰত সজাগতা মূলক সভা অনুষ্ঠিত কৰে।

ৰাণী আন্ধেৰীজুলীত দুখীয়া লোকৰ মাজত বিভিন্ন সামগ্ৰী বিতৰণ
সামাজিক, অৰ্থনৈতিক, শৈক্ষিক , সাংস্কৃতিক আদি দিশ সামৰি স্বায়ত্ত শাসিত পৰিষদে সমমৰ্য্যদাৰে সঠিক ৰূপত আগবঢ়াই নিবলৈ অহৰহ চেষ্টা চলাই অহা কাৰ্যই অঞ্চলটোত দৃষ্টি নিবদ্ধ কৰিবলৈ সক্ষম হৈছে। তাৰেই অংশস্বৰূপে আজি ৰাভা হাছং স্বায়ত্ত শাসিত পৰিষদৰ অন্তৰ্গত ৩৬ নং পৰিষদীয় সমষ্টিৰ উদ্যোগত ২০১৯-২০ বিত্তীয় বৰ্ষৰ আৰ্থিক অনুদানৰে বিভিন্ন সামগ্ৰী বিতৰণ কৰা হয়। মহানগৰী সমীপৰ ৰাণীৰ আন্ধেৰীজুলীত স্থায়ী সাংস্কৃতিক মঞ্চত অনুষ্ঠিত এই বিতৰণ কাৰ্যসূচীত ৩৬ নং পৰিষদীয় সমষ্টিৰ সাধাৰণ সদস্য সঞ্জয় কুমাৰ ৰাভা, ৰাণী ৰাভা ছাত্র সন্থাৰ সম্পাদক জিতেন ৰাভা, ৰাভা মহিলা পৰিষদৰ সভানেত্রী মঞ্জু ৰাভা, সুনীতা বড়ো, ৰাভা মহিলা মনিটৰিং কমিটিৰ সদস্য মইনা বড়ো, পাপৰি বড়ো, সুনিতা মেধীকে ধৰি বিষয়ববীয়া সকল উপস্থিত থাকে। অনুষ্ঠানত অঞ্চলটোৰ কৃষক, শিপিনী, ছাত্ৰ-ছাত্ৰী, খেলুৱৈ, দৰ্জী, দুখীয়া-দৰিদ্ৰ পৰিয়ালক সামৰি প্ৰায় পাচ শতাধিক হিতাধিকাৰিক স্প্ৰে মেচিন, টিনপাট, পাম্প চেট, প্লাষ্টিক শ্বেয়াৰ, কম্বল , আঠুৱা, ফুটবল বেডশ্বিট আদি বিতৰণ কৰা হয়।পৰৱৰ্তী সময়তো দুখীয়া লোকসকলক এনেদৰে সামগ্ৰী বিতৰণ কৰা হ’ব বুলি সমষ্টিটোৰ সাধাৰণ সদস্য সঞ্জয় কুমাৰ ৰাভাই জানিবলৈ দিয়ে।
ভিউৱাছৰ মতামত