আমাৰ মূল উদ্দেশ্য হৈছে সমাজত জাগৰণ সৃষ্টি কৰা । কেৱল শৌচালয় নিৰ্মাণ কৰাই নহয়!ৰাইজে শৌচালয় ব্যৱহাৰ কৰিছেনে নাই, আচাৰ ব্যৱহাৰ সলনি কৰিছেনে নাই এই সকলোবোৰৰ সম্পৰ্কেও দৃষ্টি ৰখা হয়।এই মন্তব্য জনস্বাস্থ্য কাৰিকৰী বিভাগৰ মন্ত্ৰী ৰিহন দৈমাৰীৰ।আজি নেডফি হাউচত অনুষ্ঠিত স্বচ্ছ ভাৰত অভিযান গ্ৰামীণৰ এক অনুষ্ঠানত স্মাৰ্ট এপ শীৰ্ষক এটা এপ আনুষ্ঠানিকভাৱে উন্মোচন কৰি তেখেতে কয় যে আমি যোৱা ৩বছৰৰ ৩২লাখ শৌচালয় নিৰ্মান কৰিছো।অনাময়ৰ সঠিক ব্যৱস্থা কৰা , প্লাষ্টিক প্ৰদূষণ ৰোধ কৰা, বিশুদ্ধ খোৱাপানীৰ ব্যৱস্থা কৰা ইত্যাদি বিষয়ৰ সৰ্ম্পকেও মন্তব্য কৰে।উল্লেখযোগ্য যে ইতিমধ্যে ২০১৯চনৰ মাৰ্চত মুকলিত শৌচমুক্ত ৰাজ্য হিচাপে অসমে স্বীকৃতি লাভ কৰিছে।স্বচ্ছতাৰ ওপৰত ভিত্তি কৰি পূৰ্বে অনুষ্ঠিত কৰা ক্লীন এণ্ড গ্ৰীণ শীৰ্ষক চিত্ৰাংকন প্ৰতিযোগিতাৰ বিজয়ী প্ৰতিযোগীসকলক সম্বৰ্ধনা জ্ঞাপন কৰে।আজি অনুষ্ঠিত অনুষ্ঠানত গ্ৰামীণ অভিযানৰ সঞ্চালক ডক্টৰ সিদ্ধাৰ্থ সিং, প্ৰধান সচিব অবিনাশ যোশীৰ লগতে বহু কেইজন বিষয়ববীয়া উপস্থিত থাকে ।

পুৰণিগুদামৰ বিহু তলিত অ ৪ ব`হাগৰ দিনটোক ‘গছ বিহু’ হিচাপে পালনৰ আহ্বান অৰণ্য মানৱৰ
ৰাজ্যৰ সৰ্বত্ৰে এতিয়া ৰঙালীৰ উখল মাখল পৰিৱেশ। নগাঁও পুৰণিগুদামত ‘নাট্যম গোষ্ঠী’য়ে অনুষ্ঠিত কৰিছে বিহু নৃত্য আৰু ঢোল বাদনৰ কৰ্মশালাৰ । অলপতে নাট্যম গোষ্ঠীয়ে অনুষ্ঠিত কৰা মুকলি বিহু চাবলৈ পাৰঘাটৰ বিহু তলিত উপস্থিত হয় অৰণ্য মানৱ যাদৱ পায়েং।
উল্লেখযোগ্য যে তেখেতে পুৰণিগুদামৰ বিহু তলিত উপস্থিত হৈ ৪ ব’হাগৰ দিনটো পৰম্পৰাগত ভাৱে গছ বিহু হিচাপে পালন কৰিবলৈ নগাঁওবাসীক আহ্বান জনায়।গছৰ তলত বিহু পাতিলে নাচিবলৈ নজনা গছজোপায়েও হাঁহিব পাৰে বুলি তেখেতে মন্তব্য কৰে।
অৰণ্য মানৱ যাদৱ পায়েঙক এখনি গামোচা, এখন চেলেং চাদৰ আৰু এখন ফলকৰ জৰিয়তে ৰাজহুৱাভাৱে সম্বৰ্দ্ধনা জ্ঞাপন কৰে।অনুষ্ঠানত উপস্থিত থাকি প্ৰকৃতি তথা মানুহৰ প্ৰাকৃতিক ভাৰসাম্য ৰক্ষাৰ অৰ্থে কৰিবলগীয়া কৰ্ম সম্বন্ধেও পায়ঙে মন্তব্য কৰে।
ভিউৱাছৰ মতামত