অহা ১২ ফেব্ৰুৱাৰীৰ পৰা অনুষ্ঠিত হ’ব উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষা।অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদে পৰিচালনা কৰা চলিত বৰ্ষৰ পৰীক্ষাত সংসদে বিশেষ নিয়মাৱলী প্ৰণয়ন কৰিছে।এইবাৰ পৰীক্ষাত মুঠ ২,৩৪,৭৮৬ গৰাকী শিক্ষার্থী অৱতীৰ্ণ হ’ব।ৰাজ্যৰ মুঠ ৭৭২ টা কেন্দ্রত অনুষ্ঠিত হ’বলগীয়া এই পৰীক্ষা কেন্দ্র সমূহত সংসদে ম’বাইল ফোন সম্পূৰ্ণৰূপে নিষিদ্ধ কৰিছে।তাৰোপৰি পৰীক্ষা কেন্দ্রত যাতে কোনো ধৰণৰ বেমেজালিৰ সৃষ্টি নহয় তাৰ বাবে কঠোৰ স্থিতি গ্ৰহণ কৰিছে।পৰীক্ষাৰ্থীৰ লগতে নিৰীক্ষকেও ম’বাইল ফোন নিব নোৱাৰিব পৰীক্ষা কেন্দ্রলৈ।অন্যথা নিৰীক্ষককো নিলম্বন কৰাৰ সকীয়নি দিছে শিক্ষা সংসদে।আনহাতে সংসদে ইতিমধ্যে ২১-২৫ টা কেন্দ্র অতি স্পৰ্শকাতৰ বুলি চিনাক্ত কৰিছে আৰু এই পৰীক্ষা কেন্দ্র সমূহত জামাৰ সংস্থাপন কৰা হ’ব।ইয়াৰোপৰি পৰীক্ষা কেন্দ্র সমূহত চি চি টিভি কেমেৰা সংস্থাপন কৰাটো বাধ্যতামূলক কৰা হৈছে।যদি কোনো পৰীক্ষা কেন্দ্রই কেমেৰা সংস্থাপন কৰিব নোৱাৰে তেন্তে শিক্ষা সংসদে নিজাকৈ কেমেৰা সংস্থাপন কৰিব বুলি জানিবলৈ দিছে।ইয়াৰ লগতে পৰীক্ষা কেন্দ্রৰ ৫০ মিটাৰ এলেকাত ১৪৪ ধাৰা জাৰি কৰা হ’ব।অসৎ পন্থা অৱলম্বন কৰা পৰীক্ষাৰ্থীৰ বিৰুদ্ধে সংসদে বিহিত ব্যৱস্থা গ্ৰহণ কৰাৰ কথাও ঘোষণা কৰিছে শিক্ষা সংসদে।উল্লেখ্য উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষা অহা ১২ ফেব্ৰুৱাৰীৰ পৰা ১৪ মাৰ্চলৈকে চলিব।
Trending
- যোৰহাটত শিল্পী জুবিন গাৰ্গৰ ১৩দিনীয়া মাংগলিক কাৰ্যসূচী সম্পন্ন
- বি আৰ অ’ৰ পূব মণ্ডল মুখ্য কাৰ্যালয়ৰ উদ্যোগত জালুকবাৰীত ‘স্বচ্ছতা’ অভিযান
- NSE registered investor base crosses 12 crore (120 million) unique investors (unique PANs)
- জুবিন গাৰ্গলৈ কামৰূপ মহানগৰ জিলা পৰিবহণ বিভাগৰ শ্ৰদ্ধাঞ্জলি
- ছত্তীশগঢ়ৰ ৰাজভৱনত উজানবজাৰৰ ভাওনা শিল্পী দলক সম্বৰ্ধনা -দৰবাৰ হলত জুবিন গাৰ্গৰ স্মৃতিত মৌন প্ৰাৰ্থনা
- জুবিন গাৰ্গৰ মহাপ্ৰয়াণৰ দিনা এজন অচিনাক্ত ব্যক্তিক সৎকাৰ কৰে পথিকে
- NSE MD & CEO Ashishkumar Chauhan Wishes PM Modi on 75th Birthday-Underscores Growing Trust in India’s Economic Future
- তামুলপুৰত জ’নেল আৰু ছেক্টৰ বিষয়াৰ সভা
- এয়াৰটেলৰ ঠগ বিৰোধী যুঁজৰ ফলস্বৰূপে তেওঁলোকৰ গ্ৰাহকৰ আৰ্থিক ক্ষতিৰ পৰিমাণ ৭০% কমিছে
- Numaligarh Refinery Limited (NRL) Holds 32nd Annual General Meeting