ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে ওদালগুৰি জিলাতো ৰাষ্ট্ৰীয় পেলু নিৰ্মূলকৰণ দিৱস উদযাপন কৰা হয়। জিলাখনৰ ১নং আমজুলি প্ৰাথমিক বিদ্যালয়ৰ প্ৰাংগনত অনুষ্ঠিত এক অনুষ্ঠানত জিলা স্বাস্থ্য সমিতিৰ যুটীয়া সঞ্চালক ডা. টয়বুৰ ৰহমানে এই দিৱসৰ শুভাৰম্ভ কৰে। অনুষ্ঠানটোত কণ কণ ছাত্ৰ ছাত্ৰীসকলক পেলুৰ প্ৰতিষেধক আলবেনডেজল টেবলেট খোৱায়। এই অনুষ্ঠানত ওদালগুৰি জিলাৰ খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ চাব ডিভিজনেল মেডিকেল বিষয়া ডা. গণেশ চন্দ্ৰ ব্ৰহ্ম, ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ জিলা প্ৰকল্প বিষয়া নমল সিং বৰগয়াৰি, ডি চি এম সঞ্জীৱ কুজুৰ, ৱৰ্ল্ড ভিছন অফ ইণ্ডিয়াৰ প্ৰবন্ধক আৰ খাৰ্টো উপস্থিত থাকে। আনহাতে ৰাষ্ট্ৰীয় পেলু নিৰ্মূলকৰণ দিৱসৰ লগত সংগতি ৰাখি ওদালগুৰি জিলা অসামৰিক হাস্পিতালত এখন সজাগতা সভা অনুষ্ঠিত কৰাৰ লগতে সজাগতামূলক ৰেলী অনুষ্ঠিত হয়। উল্লেখযোগ্য যে ২ৰ পৰা ১৯ বছৰ পৰ্যন্ত সকলো শিশু, কিশোৰ কিশোৰী মাজত এই দিৱসৰ জৰিয়তে পেলুৰ প্ৰতিষেধক টেবলেট বিতৰণ কৰা হ’ব।

পুৰণিগুদামৰ বিহু তলিত অ ৪ ব`হাগৰ দিনটোক ‘গছ বিহু’ হিচাপে পালনৰ আহ্বান অৰণ্য মানৱৰ
ৰাজ্যৰ সৰ্বত্ৰে এতিয়া ৰঙালীৰ উখল মাখল পৰিৱেশ। নগাঁও পুৰণিগুদামত ‘নাট্যম গোষ্ঠী’য়ে অনুষ্ঠিত কৰিছে বিহু নৃত্য আৰু ঢোল বাদনৰ কৰ্মশালাৰ । অলপতে নাট্যম গোষ্ঠীয়ে অনুষ্ঠিত কৰা মুকলি বিহু চাবলৈ পাৰঘাটৰ বিহু তলিত উপস্থিত হয় অৰণ্য মানৱ যাদৱ পায়েং।
উল্লেখযোগ্য যে তেখেতে পুৰণিগুদামৰ বিহু তলিত উপস্থিত হৈ ৪ ব’হাগৰ দিনটো পৰম্পৰাগত ভাৱে গছ বিহু হিচাপে পালন কৰিবলৈ নগাঁওবাসীক আহ্বান জনায়।গছৰ তলত বিহু পাতিলে নাচিবলৈ নজনা গছজোপায়েও হাঁহিব পাৰে বুলি তেখেতে মন্তব্য কৰে।
অৰণ্য মানৱ যাদৱ পায়েঙক এখনি গামোচা, এখন চেলেং চাদৰ আৰু এখন ফলকৰ জৰিয়তে ৰাজহুৱাভাৱে সম্বৰ্দ্ধনা জ্ঞাপন কৰে।অনুষ্ঠানত উপস্থিত থাকি প্ৰকৃতি তথা মানুহৰ প্ৰাকৃতিক ভাৰসাম্য ৰক্ষাৰ অৰ্থে কৰিবলগীয়া কৰ্ম সম্বন্ধেও পায়ঙে মন্তব্য কৰে।
ভিউৱাছৰ মতামত