কামৰূপ গ্ৰাম্যৰ বৰিহাট গাঁৱত অসম কৃষি বিশ্ববিদ্যালয়ৰ অধীনত কাঁহিকুছিৰ কামৰূপ কৃষি বিজ্ঞান কেন্দ্রৰ উদ্যোগত আৰু মুৰব্বী ড° ধীৰেন কলিতাৰ সহযোগত আজি বিশ্ব খাদ্য দিৱস উপলক্ষে এটি আলোচনাচক্র অনুষ্ঠিত হয়। পথাৰ শস্য বিশেষজ্ঞ ৰিজৱানুল হেলিমে আঁত ধৰা এই অনুষ্ঠানটিত উদ্ধোধনী ভাষণ আগবঢ়ায় আৰু উক্ত দিনৰ তাৎপর্য বৰ্ণনা কৰে। আলোচনাটিত সমল ব্যক্তি হিচাপে উপস্থিত থাকি মুম্বাইস্থিত এগৰাকী ফ্ৰিলান্স সামাজিক গৱেষণা পৰামৰ্শদাতা ময়ুৰী ৰাজবংশীয়ে খাদ্য সুৰক্ষা, পুষ্টিহীনতা আৰু ইয়াৰ কাৰণ, মহিলা আৰু শিশুৰ বাবে স্বাস্থ্যকৰ আহাৰ আৰু কেঁচুৱাৰ বাবে কিছুমান কম ব্যয়ৰ পুষ্টিকৰ ব্যঞ্জন প্ৰস্তুত কৰিব পাৰোঁ তাৰ দিশ সমূহৰ ওপৰত ভাষণ প্ৰদান কৰে। এই আলোচনাত উপস্থিত আছিল এই অঞ্চলৰ কৃষি সম্প্ৰসাৰণ সহায়ক মোহিতোচ দাস আৰু আঞ্চলিক পঞ্চায়ত সদস্য নবনিতা চৌধুৰী কলিতা। উক্ত অনুষ্ঠানত ৫০ জনৰো অধিক কৃষক আৰু মহিলা উপস্থিত আছিল। এই বিশেষ দিনৰ লগত সঙ্গতি ৰাখি উপস্থিত ৰাইজৰ মাজত উন্নত জাতৰ লাওৰ বীজ বিতৰণ কৰা হয়।
Trending
- দীনজ্যোতি ফাউণ্ডেশ্যনৰ উদ্যোগত শ্ৰমিক দিৱস উদযাপন
- পাটাছাৰকুছি প্ৰেছ ক্লাৱৰ প্ৰতিষ্ঠা দিৱস উদযাপন
- শ্ৰমিক দিৱসত ব্যতিক্ৰমী কৰ্মেৰে উদ্ভাসিত ঢকুৱাখনাৰ পাপু দত্ত
- Experience Trial voting through Virtual Reality in Kamrup election district
- গুৱাহাটী লোকসভা নিৰ্বাচনৰ সাধাৰণ পৰ্যবেক্ষকৰ পৰ্যালোচনা সভা
- আজাৰা সাহিত্য সভাৰ ফেচবুক পৃষ্ঠা উন্মোচন
- অসম ডাউন টাউন বিশ্ববিদ্যালয়ৰ পদক্ষেপ
- ভোটদানৰ সজাগতাৰ লক্ষ্যৰে মহানগৰীত চাইকেল ৰেলী
- নগাঁৱৰ ভিজন একাডেমী চিনিয়ৰ ছেকেণ্ডাৰী বিদ্যালয়ত “ব’হাগৰ এদিন” শীর্ষক উৎসৱ
- ঢকুৱাখনা চেইণ্ট থমাছ স্কুলত ব’হাগৰ এদিন