গুৱাহাটী লোকসভা নিৰ্বাচনৰ সাধাৰণ পৰ্যবেক্ষকৰ পৰ্যালোচনা সভা

0 146

অহা ৭ মে’ ত অনুষ্ঠিতব্য ৫ নং গুৱাহাটী লোকসভা সমষ্টিৰ নিৰ্বাচনৰ সাধাৰণ পৰ্যবেক্ষক ভাৰতীয় প্ৰশাসনিক সেৱাৰ বিষয়া কেশৱ সিংঘানিয়াৰ সৈতে আজি সুক্ষ্ম পৰ্যবেক্ষকসকলৰ এখন পৰ্যালোচনা সভা অনুষ্ঠিত হয়। মহানগৰীৰ দিছপুৰস্থিত লোকনিৰ্মাণ বিভাগৰ সন্মিলন আৰু প্ৰশিক্ষণ কেন্দ্ৰত অনুষ্ঠিত এই সভাত গুৱাহাটী লোকসভা সমষ্টিৰ অন্তৰ্গত দহটা বিধানসভা সমষ্টিৰ বাবে নিয়োগ কৰা সুক্ষ্ম পৰ্যবেক্ষকসকল উপস্থিত থাকে। উল্লেখযোগ্য যে গুৱাহাটী লোকসভা সমষ্টিত কামৰূপ মহানগৰ জিলাৰ ৫ টা, কামৰূপ জিলাৰ ৩ টা আৰু গোৱালপাৰা জিলাৰ ২ টা বিধানসভা সমষ্টি অন্তৰ্ভুক্ত হৈ আছে। আজিৰ পৰ্যালোচনা সভাত সাধাৰণ পৰ্যবেক্ষক কেশৱ সিংঘানিয়াই সুক্ষ্ম পৰ্যবেক্ষক সকলক নিৰ্বাচন প্ৰক্ৰিয়াত তেওঁলোকৰ দায়িত্ব আৰু কৰ্তব্যৰ বিষয়ে সবিশেষ ব্যাখ্যা দাঙি ধৰে। নিৰ্বাচন আয়োগৰ সকলো নীতি নিৰ্দেশনা মানি স্বচ্ছ আৰু নিকা নিৰ্বাচন অনুষ্ঠিত কৰাৰ স্বাৰ্থত নৈতিকতা আৰু সততাৰে নিজৰ কৰ্তব্য পালন কৰি যাবলৈ সাধাৰণ পৰ্যবেক্ষক গৰাকীয়ে সুক্ষ্ম পৰ্যবেক্ষক সকলক আহ্বান জনায়। সভাত কামৰূপ মহানগৰ জিলাৰ অতিৰিক্ত আয়ুক্ত অজিত শৰ্মা তথা জিলা আয়ুক্ত কাৰ্যালয়ৰ বিষয়া কৰ্মচাৰী সকল উপস্থিত থাকে।

Leave A Reply

Your email address will not be published.