শ্ৰেষ্ঠ কল খেতিয়কৰ সন্মান আজুৰিলে গোলাঘাটৰ যুৱকে

0 284

কল খেতি জৰিয়তে দেশৰ ভিতৰত শ্ৰেষ্ঠ কল খেতিয়ক সন্মান আজুৰিলে গোলাঘাটৰ এজন যুৱকে।গোলাঘাটৰ খুমটাইৰ বুঢ়ালিকচন গাঁৱৰ পল্লৱ গগৈ নামৰ যুৱকজনে ২০২০ বৰ্ষৰ শ্ৰেষ্ঠ কল খেতিয়কৰ সন্মান লাভ কৰিবলৈ সক্ষম হৈছে।
 
 
উল্লেখযোগ্য যে তেওঁ ২০ বিঘা মাটিত এখন কৃষি পাম গঢ়ি তুলি স্বাৱলম্বী হোৱা লগতে বহু কেইজন লোকক সংস্থাপন দিছে।লগতে চাহ খেতি, গাহৰি,মাছ, সাঁচি গছৰ,আৰু তামোল,নাৰিকল,জালুক আদি বিভিন্ন খেতি কৰি বছৰি ৩০লাখ টকা পৰ্যন্ত উপাৰ্জন কৰে।
 
 
যুৱকজনক তামিলনাডুৰ স্থিত ৰাষ্ট্ৰীয় কল অনুসন্ধান কেন্দ্ৰ পৰা কল খেতিয়কৰ ২০২০ সন্মান প্ৰদান কৰিছে।যুৱকজনে এই সন্মান লাভ কৰা পিছত তেওঁ পামত গোলাঘাটৰ কৃষি বিষয়া উপস্থিত হৈ অভিনন্দন জনোৱা লগতে অনাগত দিনত সা-সুবিধা প্ৰদান কৰাৰ কথা উল্লেখ কৰে ।

Leave A Reply

Your email address will not be published.