অসম সাংস্কৃতিক ন্যাসৰ উদ্যোগত আৰু প্ৰাগজ্যোতি সাংস্কৃতিক সমাজৰ সহযোগত গুৱাহাটীৰ মাছখোৱাস্থিত প্ৰাগজ্যোতি সাংস্কৃতিক প্ৰকল্পত ১৬ জুলাইৰ পৰা ২০ জুলাইলৈ পাঁচদিনীয়া কাৰ্যসূচীৰে গ্ৰীষ্মকালীন কৰ্মশালা অনুষ্ঠিত হয় । আনহাতে ৪ ৰ পৰা ১৮ বছৰ বয়সৰ ১৪৭ জন ছাত্ৰ – ছাত্ৰীয়ে ভাগ লোৱা কৰ্মশালাখনত কলা আৰু কাৰুশিল্প, পৰম্পৰাগত গীত (কণ্ঠ), আৰু যোগ তথা ধ্যান আদিৰ প্ৰশিক্ষণ দিয়া হৈছিল। ১৬ জুলাইত কৰ্মশালাখন উদ্ধোধন কৰে অসম সাংস্কৃতিক ন্যাসৰ সামাজিক – সাংস্কৃতিক সমিতিৰ অধ্যক্ষ খালিদ ওমৰে। অনুষ্ঠানত মুখ্য অতিথি হিচাপে ভাগ লৈ অসমৰ প্ৰখ্যাত লোকশিল্পী জিনা ৰাজকুমাৰীয়ে ভাষণ প্ৰসংগত এনে ধৰণৰ কৰ্মশালাই শিশু আৰু ছাত্ৰ – ছাত্ৰীৰ মাজত থকা সৃজনশীল প্ৰতিভা সমুহক বিকশিত কৰাত সহায় কৰিব বুলি আশা ব্যক্ত কৰি আয়োজক সকলৰ শলাগ লয়। আনহাতে ২০ জুলাইৰ দিনা সন্ধিয়া অনুষ্ঠিত সামৰণি অনুষ্ঠানত মুখ্য অতিথি হিচাপে ভাগ লৈ অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ সঞ্চালক তথা অসম সাংস্কৃতিক ন্যাসৰ সম্পাদক ৰাহুল চন্দ্ৰ দাসে ভাষণ প্ৰসংগত কৰ্মশালাত অংশগ্ৰহণ কৰা শিশুসকলক উদ্দেশ্যি এক অনুপ্ৰেৰণামূলক ভাষণ প্ৰদান কৰি শিশুসকলক সৃষ্টিশীলতা, শিক্ষা আৰু নিজৰ সাংস্কৃতিক শিপাৰ প্ৰতি গৌৰৱান্বিত হ’বলৈ আহ্বান জনায়। আনহাতে ন্যাসৰ যুটীয়া সম্পাদক ইফটিকাৰ আলীৰ আদৰণি ভাষণৰে শুভাৰম্ভ হোৱা অনুষ্ঠানটোত ন্যাসৰ সামাজিক – সাংস্কৃতিক সমিতিৰ উপদেষ্টা বলিন বৰদলৈ, অধ্যক্ষ খালিদ ওমৰ, উপাধ্যক্ষ ডঃ বলেন্দ্ৰ কুমাৰ দাসে চমু ভাষণত কৰ্মশালাত ভাগ লোৱা ছাত্ৰ – ছাত্ৰী আৰু প্রশিক্ষক সকলক ধন্যবাদ জ্ঞাপন কৰে । অনুষ্ঠানত কৰ্মশালাত ভাগ লোৱা ছাত্ৰ – ছাত্ৰী সকলৰ মাজত প্ৰমাণ পত্ৰ বিতৰণ কৰা হয়। শেষত শলাগৰ শৰাই আগবঢ়াই প্ৰাগজ্যোতি সাংস্কৃতিক সমাজৰ সাধাৰণ সম্পাদক অৰূপ গোস্বামীয়ে ।
Trending
- এয়াৰটেলৰ সৈতে ইউটিউবৰ অংশীদাৰিত্ব: প্ৰিপেইড গ্ৰাহকৰ বাবে ইউটিউব প্ৰিমিয়ামৰ সুবিধা
- পৰিৱেশ সংৰক্ষণৰ লক্ষ্যৰে উত্তৰ-পূব সীমান্ত ৰেলৱেৰ ১২ খনতকৈ অধিক যাত্ৰীবাহী ৰে’ল বৈদ্যুতিক ট্রেকচনলৈ পৰিবৰ্তন
- সতৰ্কতা সজাগতা অভিযানত পথিকৰ উদ্যোগত চি আৰ পি এফৰ গুৱাহাটী গ্ৰুপ চেণ্টাৰত বাটৰ নাট প্ৰদৰ্শন
- দিহানামক বিশ্বৰ দৰবাৰলৈ নিয়াৰ লক্ষ্যৰে সমন্বয়ৰ বার্তা বিলাইছে জালুকবাৰীৰ খানামুখৰ জ্ঞানমালিনী বিকশিত নামতি দলে
- Sainik school Goalpara crowned Assam State champion of WWFs wild wisdom Global challenge
- একক খেতিৰ পৰিৱৰ্তে বছৰত ২-৩ টা খেতি কৰাৰ লগতে উদ্যান শস্যত বিশেষ গুৰুত্ব প্ৰদান কৰিবলৈ কৃষকসকলক আহ্বান মন্ত্ৰী হাজৰীকাৰ
- সুৰক্ষিত আৰু শক্তিশালী অসমৰ সংকল্পৰে গুৱাহাটীত অগপৰ প্ৰতিষ্ঠা দিৱসৰ বৰ্ণাঢ্য কাৰ্যসূচী
- মন্ত্রী বিশ্বজিৎ দৈমাৰীৰ পৌৰোহিত্যত খেল মহাৰণ ৩.০ – শিশু ক্ৰীড়া সমাৰোহৰ প্ৰস্তুতি পৰ্যালোচনা
- শ্ৰীমন্ত শংকৰ একাডেমীৰ উদ্যোগত গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ত দুদিনীয়া কাৰ্যসূচীৰে ঐতিহ্য মহোৎসৱ উদযাপন
- পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ প্ৰয়াত ৩৪ গৰাকী ঠিকাভিত্তিক কৰ্মচাৰীৰ পৰিয়াললৈ ১.৭০ কোটি টকাৰ এককালীন আৰ্থিক সাহায্য