সাহিত্য সাধনা মঞ্চ অসমৰ কেন্দ্ৰীয় কাৰ্য্যনিৰ্বাহক সভাখন আজি গুৱাহাটী প্ৰেছ ক্লাবত অনুষ্ঠিত হয়। মঞ্চৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি দিলীপ দাসৰ সভাপতিত্বত অনুষ্ঠিত সভাত কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰস্তাৱ গ্ৰহণ কৰা হয়। সভাৰ পাছত বিয়লি অনুষ্ঠিত এখন সংবাদমেল সম্বোধন কৰে মঞ্চৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি দিলীপ দাস, সম্পাদক নৱজিৎ দাস , মুখ্য উপদেষ্টা বিনয় কুমাৰ শৰ্মা আৰু বজালী জিলা সমিতিৰ ডঃ চন্দনা শৰ্মা আৰু সহকাৰী সম্পাদক দেব বৰাই । সংবাদমেলত সাহিত্য সাধনা মঞ্চ , অসমৰ সংবিধান প্রদত্ত চাৰিটা সৰ্বোচ্চ সন্মান অসমৰ সাহিত্য সংস্কৃতিৰ ক্ষেত্ৰখনলৈ অনবদ্য অৱদান আগবঢ়াই অহা চাৰিগৰাকী বিশিষ্ট সাহিত্যিক আৰু শিল্পীলৈ আগবঢ়োৱা হব বুলি কেন্দ্ৰীয় সমিতিৰ সম্পাদকে ঘোষণা কৰে। সেই অনুসৰি অসমৰ জাতীয় জীৱনলৈ সাহিত্য ক্ষেত্ৰখনৰ জৰিয়তে সেৱা আগবঢ়াই অহা বিশিষ্ট সাহিত্যিক , চিন্তাবিদ – সমালোচক ডঃ হীৰেন গোহাঁইলৈ সাহিত্য সাধনা বঁটা ২০২৪ , গণশিল্পী মহেন্দ্ৰ হাজৰিকালৈ সাহিত্য সাধনা সংস্কৃতি বঁটা ২০২৪, বড়ো সাহিত্য সভাৰ উপ সভাপতি, বিশিষ্ট সাহিত্যিক সীতাৰাম বসুমতাৰীলৈ সাহিত্য সাধনা জনগোষ্ঠীয় ভাষা বঁটা ২০২৪ আৰু বিশেষ ভাৱে সক্ষম যুৱ লেখিকা শৰ্মিষ্ঠা প্ৰীতমলৈ সাহিত্য সাধনা যুৱ বঁটা ২০২৪ আগবঢ়োৱা হব বুলি ঘোষণা কৰা হয় । উল্লেখযোগ্য যে এই বঁটা সাহিত্য সাধনা মঞ্চ , অসমৰ অহা ২৬ ছেপ্টেম্বৰত বজালী জিলা সমিতিৰ আতিথ্যত পাঠশালাত মঞ্চৰ চতুৰ্থ বাৰ্ষিক প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি অনুষ্ঠিত হবলগীয়া সাহিত্য সাধনা দিৱসত প্ৰদান কৰা হব। স্মৰ্তব্য যে সাহিত্য সাধনা মঞ্চ অসমে প্ৰতিষ্ঠা দিৱসটো প্ৰতি বছৰে সাহিত্য সাধনা দিৱস হিচাবে উদযাপন কৰি আহিছে। সংবাদ মেলত সাহিত্য সাধনা মঞ্চ অসমৰ ২০২৪ বৰ্ষৰ বঁটা নিৰ্বাচক সমিতিৰ দুগৰাকী সদস্য ক্ৰমে ড০ মুনীন শইকীয়া আৰু ড০ সৰোজ মোহন দাসক ধন্যবাদ জ্ঞাপন কৰা হয় । উল্লেখ্য যে সভাত উপস্থিত থকা মঞ্চৰ মহিলা সদস্যা সকলে সমবেত কণ্ঠত সংগীত পৰিবেশন কৰি উপস্থিত সকলোকে আপ্লুত কৰে।
Trending
- এয়াৰটেলৰ সৈতে ইউটিউবৰ অংশীদাৰিত্ব: প্ৰিপেইড গ্ৰাহকৰ বাবে ইউটিউব প্ৰিমিয়ামৰ সুবিধা
- পৰিৱেশ সংৰক্ষণৰ লক্ষ্যৰে উত্তৰ-পূব সীমান্ত ৰেলৱেৰ ১২ খনতকৈ অধিক যাত্ৰীবাহী ৰে’ল বৈদ্যুতিক ট্রেকচনলৈ পৰিবৰ্তন
- সতৰ্কতা সজাগতা অভিযানত পথিকৰ উদ্যোগত চি আৰ পি এফৰ গুৱাহাটী গ্ৰুপ চেণ্টাৰত বাটৰ নাট প্ৰদৰ্শন
- দিহানামক বিশ্বৰ দৰবাৰলৈ নিয়াৰ লক্ষ্যৰে সমন্বয়ৰ বার্তা বিলাইছে জালুকবাৰীৰ খানামুখৰ জ্ঞানমালিনী বিকশিত নামতি দলে
- Sainik school Goalpara crowned Assam State champion of WWFs wild wisdom Global challenge
- একক খেতিৰ পৰিৱৰ্তে বছৰত ২-৩ টা খেতি কৰাৰ লগতে উদ্যান শস্যত বিশেষ গুৰুত্ব প্ৰদান কৰিবলৈ কৃষকসকলক আহ্বান মন্ত্ৰী হাজৰীকাৰ
- সুৰক্ষিত আৰু শক্তিশালী অসমৰ সংকল্পৰে গুৱাহাটীত অগপৰ প্ৰতিষ্ঠা দিৱসৰ বৰ্ণাঢ্য কাৰ্যসূচী
- মন্ত্রী বিশ্বজিৎ দৈমাৰীৰ পৌৰোহিত্যত খেল মহাৰণ ৩.০ – শিশু ক্ৰীড়া সমাৰোহৰ প্ৰস্তুতি পৰ্যালোচনা
- শ্ৰীমন্ত শংকৰ একাডেমীৰ উদ্যোগত গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ত দুদিনীয়া কাৰ্যসূচীৰে ঐতিহ্য মহোৎসৱ উদযাপন
- পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ প্ৰয়াত ৩৪ গৰাকী ঠিকাভিত্তিক কৰ্মচাৰীৰ পৰিয়াললৈ ১.৭০ কোটি টকাৰ এককালীন আৰ্থিক সাহায্য