সাংবাদিক পৰাগ কুমাৰ দাসক স্মৰণ কৰি..

0 247

2

১৯৯৬ চনৰ ১৭ মে’। এই দিনটোত হঠাৎ বন্ধ হৈ পৰিল, এটা পৰিবৰ্ত্তনকামী কলমৰ। মানুহৰ হিতৰ বাবে জয়গান গোৱা, মানৱ অধিকাৰৰ প্ৰসংগত মাত মাতিব বিচৰা এটা কণ্ঠ নিমিষতে তেজ আৰু ধুলিৰ মাজত নিঃশেষ হৈ গৈছিল… হয় আমি ক’ব বিচাৰিছো সাংবাদিক পৰাগ কুমাৰ দাসৰ বিষয়ে। যি জন ব্যক্তিয়ে মানৱ অধিকাৰ সংগ্ৰাম সমিতিৰ প্ৰতিষ্ঠা কৰিছিল। ২১ বছৰৰ আগতে আজিৰ এই দিনটোতে তেখেতে আমাৰ মাজৰ পৰা আতৰি গৈছিল। তেখেতক স্মৰণ কৰি সেয়েহে আজি উদযাপিত হ’ল বিভিন্ন কাৰ্য্যসুচী। তাৰ ভিতৰত গুৱাহাটী প্ৰেচ ক্লাৱত অনুষ্ঠিত হোৱা মানৱ অধিকাৰ সংগ্ৰাম সমিতিৰ স্মৰণ সভা আৰু আলোচনা চক্ৰ অন্যতম। আজি স্মৰণ সভাত  বিভিন্ন জনে পৰাগ কুমাৰ দাসক স্মৰণ কৰি তেখেতৰ দৰ্শন বাস্তৱয়িত কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। বিশেষকৈ মানৱ অধিকাৰ খৰ্ব নোহোৱাকৈ সংবাদ পৰিবেশন কৰিবলৈ  আজিৰ সভাৰ পৰা সকলোকে আহ্বান জনায়। গুৱাহাটী বিশ্ববিদ্যালয়ৰ সংবাদিকতা আৰু গণসংযোগ বিভাগত শ্বহীদ সাংবাদিক গৰাকীৰ নামত এখন আসন প্ৰতিষ্ঠা কৰাৰ বাবে আবেদন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে। এয়া আছিল থুলমুল কৈ মানৱ অধিকাৰ সংগ্ৰাম সমিতিৰ স্মৰণ সভাৰ কেইটামান খবৰ।

3

ইফালে সাংবাদিক সুৰক্ষা মঞ্চ ফালৰ পৰা ধুবুৰী জিলাৰ প্ৰেচ ক্লাৱত দিনযোৰা কাৰ্য্যসুচীয়ে পৰাগ কুমাৰ দাসৰ স্মৃতিত, ক’লা বেজ পৰিধান আৰু শ্বহীদৰ আত্মাৰ সদগতিৰ অৰ্থে মৌন প্ৰাৰ্থনা কৰা লগতে সংবাদিকৰ সুৰক্ষা নিশ্চিত কৰাৰ সন্দৰ্ভত বিভিন্ন সিদ্ধান্ত গ্ৰহণ কৰা হয়। আজি এই অনুষ্ঠানত বিভিন্ন সাংবাদিক সকলৰ লগতে বহুকেইজন গণ্য মাণ্য ব্যক্তি উপস্থিত আছিল।

Leave A Reply

Your email address will not be published.