আমেৰিকাৰ চাকৰি বাদ দি অসমৰ চাহ বাগান অঞ্চলৰ বাবে কাম কৰিছে অৰ্জুনে

0 852

টকা পইচা, ডিগ্ৰী সকলোৱে গোটায়। কিন্তু অতি কম সংখ্যক মানুহেহে সমাজৰ বাবে কাম কৰি যায়। আৰু যিসকল ব্যক্তি নাম দীৰ্ঘদিনৰ বাবে থাকি যায়, তেওঁলোকে সমাজৰ বাবে বহুত হয়তো ভাল কাম কৰি যায় অথবা বেয়া কাম কৰি যায়।
 
 
তেনে এজন ব্যক্তি হৈছে অৰ্জুন ত্ৰিবেদী। তেখেতে সুদূৰ আমেৰিকাৰ নিচিনা ঠাইৰ চাকৰি পৰিত্যাগ কৰি, অসমলৈ আহি নিজৰ গাঁও উন্নয়নৰ বাবে প্ৰচেষ্টা অব্যাহত ৰাখিছে।
 
 
যোৰহাট চেলেংহাটৰ অৰ্জুন ত্ৰিবেদী নামৰ যুৱক জনে চলিত বৰ্ষ জানুৱাৰী মাহৰ পৰাই চেলেংহাট ভেলি স্কুল নামেৰে এখন বিদ্যালয় প্ৰতিষ্ঠা কৰিছে । যি বিদ্যালয় খনৰ জৰিয়তে কেৱল চাহ অধ্যুষিত অঞ্চলৰ ছাত্ৰ ছাত্ৰী সকলে নহয় সেই চাহ বাগান অঞ্চলৰ বিভিন্ন ব্যক্তিক উন্নয়ন কৰিছে।
 
 
 
জানি সুখী হ’ব যে অৰ্জুন ত্ৰিবেদীয়ে  চাহ বাগান অঞ্চলত নৱ প্ৰজন্মৰ বাবে বিদ্যালয় প্ৰতিষ্ঠা  কৰিছে আৰু লগতে মহিলা সৱলীকৰণ অৰ্থে কাম  কৰিছে আৰু পুৰুষ সকলকো স্বাৱলম্বী কৰাৰ বাবে বিভিন্ন ধৰণৰ পদক্ষেপ গ্ৰহণ কৰিছে।
 
 
 
এক কথাত ক’ব গলে অৰ্জুন ত্ৰিবেদীয়ে সামূহিক উন্নয়নৰ বাবে প্রয়াস কৰিছে। ত্ৰিবেদীয়ে জনোৱা মতে তেওঁলোকৰ কৰুনা খেতি টাষ্টৰ জৰিয়তে এই অনুষ্ঠানটো চলাই নিছে । অৰ্জুন ত্ৰিবেদী মতে যেতিয়া আমেৰিকাত থাকোঁ, তেতিয়া মোৰ গাঁৱৰ কথাই বৰকৈ আমনি কৰিছিল । চাকৰি সূত্ৰে দেউতাই বিভিন্ন ঠাইলৈ গৈছিল, কিন্তু মই য’ত জন্ম গ্ৰহণ কৰিছিলোঁ তাৰ পৰিৱেশ পৰিস্থিতিয়ে মোক বাৰুকৈয়ে আমনি কৰি আছিল।সেই সূত্ৰে মই ভাবিলোঁ যে যিখনি শিক্ষা লাভ কৰিলোঁ, সেইখিনি শিক্ষা মই সমগ্ৰ অঞ্চলটোৰ ছাত্ৰ ছাত্ৰীক বিলাই দিও আৰু তাৰ সমান্তৰালভাৱে অঞ্চলটোৰ ৰাইজক শিক্ষা পোহৰেৰে আগুৱাই লৈ যোৱাত প্ৰয়াস কৰো ,সেই উদ্দেশ্যেৰে  স্কুল খন আৰম্ভ কৰিছিলো।এই মন্তব্য অৰ্জুন ত্ৰিবেদীৰ।সামূহিক উন্নয়নৰ বাবে অৰ্জুনে কৰা কামে আৰু প্ৰসাৰ লাভ কৰক,আমি জনালো অলেখ শুভকামনা।
 
 
 
 
 

Leave A Reply

Your email address will not be published.