পৰ্যটকক হাত বাউলি মাতে থিয়পানীয়ে

1 486

মহানগৰীৰ সমীপৱৰ্তী এখন বিশেষ ঠাই।ঠাইখনৰ নাম ছাটাৰগাও।আজাৰা সমীপৱৰ্তী এই ঠাইখন পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে ।কিয়নো এই ঠাইখনৰ সমীপত থকা পাহাৰত এটা সুন্দৰ, মনোমোহা জলপ্ৰপাত আছে।ইয়াৰ উপৰিও আজাৰা ৰাণী সংযোগী এন ই চি পথৰ খজনপাৰাৰ পৰা ছাটাৰগাৱলৈ যোৱা ৬কিলো মিটাৰ পথ পকীকৰণ হৈছে।প্ৰায় ২০ ফুট উচ্চতাৰ পৰা বৈ অহা এই জলপ্ৰপাতটো চাবলৈ দিনে অগণন লোকৰ সমাগম হয়।স্থানীয় বাসিন্দা সকলে পৰ্যটনস্থলী হিচাপে গঢ় দিবলৈ যো জা চলাইছে।ইতিমধ্যে স্থানীয় ৰাইজে জলপ্ৰপাতলৈ যোৱা প্ৰায় ২কিলো মিটাৰ জোৰা পথ নিৰ্মাণ কৰি তুলিছে।অতিথিশালা, উদ্যান আদিবোৰ নিৰ্মাণ কৰাৰ সম্পৰ্কত চিন্তা চৰ্চা অব্যাহত ৰখাৰ কথা নৱজ্যোতি ক্লাবৰ সভাপতি অজয় ৰাভাই জানিবলৈ দিয়ে।জানিব পৰা মতে এইবছৰৰ পৰা অজস্ৰ বনভোজৰ দল থিয়পানী জলপ্ৰপাতৰ সৌন্দৰ্য উপভোগ কৰি সমীপৱৰ্তী ঠাইত বনভোজ খাইছে।উল্লেখযোগ্য যে থিয়পানী জলপ্ৰপাতলৈ যোৱা প্ৰায় ১কিলো মিটাৰ জোৰা পথচোৱা যাতায়তৰ বাবে কেৱল পদপথৰহে ব্যৱস্থা আছে।বিভাগীয় কৰ্তৃপক্ষই যদি গুৰুত্ব দিয়ে নিশ্চয়কে পৰ্যটনৰ মানচিত্ৰত সোমাই পৰাৰ থল আছে ।

1 Comment
  1. Jyotirmoy Thakuria says

    Really this is a nice place…

Leave A Reply

Your email address will not be published.