শৰাইঘাট ৰণৰ স্মৃতি উদ্যানত এভূমুকি

0 372
IMG-20170918-WA0019
আমাৰ সমাজত এনে কিছুমান ঠাই আছে, সেই ঠাই সমূহৰ বিষয়ে হয়তো আমি বহুতেই নাজানো। আমি আজি এনে এখন ঠাইৰ বিষয়ে আপোনালোকক জনাবলৈ বিচাৰিছো।
ইতিহাস প্ৰসিদ্ধ এই ঠাইখনৰ বিষয়ে আমি কিছুসংখ্যকে জ্ঞাত যদিও আন কিছুসংখ্যকে জ্ঞাত নহয়। সেয়েহে Nefocus.comৰ পৰ্যটন শিতানত এই বিশেষ ঠাইখনে স্থান লাভ কৰিছে। 
  IMG-20170918-WA0006
লাচিত বৰফুকন কোন? তেওঁ কিয় বিখ্যাত? সেই বিষয়ে বহলাই কোৱাৰ প্ৰয়োজন নাই। কিন্তু আমি জাতীয় বীৰ জনাৰ ইতিহাসক কিমানদূৰ শ্ৰদ্ধাৰ চকুৰে চাইছো অথবা সংৰক্ষণ কৰিছো আজিৰ তাৰিখত বিচাৰ্যৰ বিষয় হৈ পৰিছে।
IMG-20170918-WA0015
আপোনালোক জনাব বিচাৰিছো, ইতিহাস প্ৰসিদ্ধ কামৰূপ জিলাৰ অন্তৰ্গত আমিনগাৱৰ শৰাইঘাট ৰণৰ স্মৃতি উদ্যানখনৰ বিষয়ে। ১৬৭১ চনত শৰাইঘাটৰ ৰণ হৈছিল। শৰাইঘাট ৰণৰ সময়ত আহোমৰ সেনাপতি আছিল জাতীয় বীৰ লাচিত বৰফুকন। ১৬৮২ চনত আহোমে মোগলক পৰাস্ত কৰি গুৱাহাটীক নিজৰ অধীনলৈ আনে।
IMG-20170918-WA0012
তাৰেই স্মৃতি স্বৰূপে অসম চৰকাৰৰ বিভাগীয় কৰ্তৃপক্ষই ২০০৭ চনৰ মাৰ্চ মাহৰ পৰা শৰাইঘাট ৰণৰ স্মৃতি উদ্যান খন সংৰক্ষণ কৰি আহিছে। আপুনি যদি সেই ইতিহাস প্ৰসিদ্ধ ঠাইখনলৈ যায় তেনেহ’লে লাচিত বৰফুকনে যুদ্ধত ব্যৱহাৰ কৰা কিছুমান শিলত কটা যুদ্ধৰ সমল দেখিবলৈ পাব। আটাইতকৈ ভাল লগা কথাটো হ’ল যে গুৱাহাটী মহানগৰীৰ পৰা কেই কিলোমিটাৰ মান নিলগত এই উদ্যানখন অৱস্থিত। শৰাইঘাট ৰণ স্মৃতি উদ্যানলৈ যোৱাৰ বাবে ৰাস্তা-ঘাটৰ ব্যৱস্থা খুবেই সুচল। ইয়াৰ ওচৰে-পাজৰে বিভিন্ন ধৰ্মালম্বী মানুহ আছে যদিও সমন্বয়ে বাস কৰে। শৰাইঘাট ৰণ স্মৃতি উদ্যান খনৰ নিচেই কাষতে আছে গনেশ মন্দিৰ। তাত বিভিন্ন সময়ত বিভিন্ন ভক্তৰ সমাগম হোৱা দেখিবলৈ পোৱা যায়। যাতায়তৰ বাবে প্ৰত্যক্ষ গাড়ীৰ ব্যৱস্থা নাথাকিলেও যাতায়ত কৰিবৰ বাবে পৰোক্ষ ভাবে পোৱা গাড়ীৰ অভাৱ নাই। বিভাগীয় কৰ্তৃপক্ষই যদি বিষয়টোৰ ওপৰত গুৰুত্ব আৰোপ কৰে, তেনেহ’লে গ্ৰাম্য পৰ্যটন সুচল হৈ পৰিব। বিশেষকৈ ওচৰ চুবুৰীয়া বহু কেইখন গাৱৰ লোক সকল উপকৃত হ’ব। এনেধৰণৰ পৰ্যটন ক্ষেত্ৰৰ বিষয়ে পঢ়িবলৈ পাব পৰবৰ্ত্তী প্ৰতিবেদনত। তাৰ বাবে লগ কৰিবলৈ নাপাহৰিব  www.nefocus.com
-নিতোপম মেধি
Leave A Reply

Your email address will not be published.