অখ্যাত মানুহৰ প্ৰসিদ্ধ কাম-অৰ্কিড সংৰক্ষণ

0 312

পৃথিৱীলৈ বহু মানুহ আহে।ভাল কাম কৰা মানুহ কেইজন সদায় অমৰ হৈ থাকে ।মইও ভাল কাম কৰিব বিচাৰো।এই মন্তব্য অৰ্কিড সংগ্ৰহ কৰি উদ্যান গঢ়ি তোলা নাৰায়ণ মজুমদাৰৰ।চিৰাং জিলাৰ পূব ডোম গাৱৰ নাৰায়ণ মজুমদাৰে স্নো অৰ্কিড নামৰ এখন উদ্যান আৰম্ভ কৰিছে।তেখেতৰ উদ্যানত পৃথিৱীৰ বিভিন্ন ঠাইৰ ২৫বিধ বিভিন্ন প্ৰজাতিৰ অৰ্কিড সংৰক্ষণ হৈ আছে।থাইলেণ্ড, হংকং, কেৰেলা, কোচিনৰ পৰা অনা অৰ্কিড উদ্যান খনত আছে।এই সম্পৰ্কে নাৰায়ণ মজুমদাৰে এনেদৰে কয়-ফুলৰ প্ৰতি আগৰপৰাই আকৰ্ষণ আছিল।ফুল পালনৰ সম্পৰ্কত ইউটিউৱৰ ভি ডি অ’ৰ সহায় লৈছিলো।এই কামৰ বাবে এম চি এলৰ ৰণগৌৰা নাৰ্জাৰী চাৰে আৰু সঞ্জয় সূত্ৰধৰে সহযোগ কৰিছে।উল্লেখযোগ্য যে স্নো অৰ্কিড উদ্যানখন চাবলৈ বহু লোকৰ সমাগম হৈছে।অৰ্কিড সংৰক্ষণে প্ৰকৃতি প্ৰেমৰ নিদৰ্শন দাঙি ধৰা নাৰায়ণ মজুমদাৰৰ এনেধৰণৰ কামে ইতিবাচক বাৰ্তা বহন কৰিছে।

Leave A Reply

Your email address will not be published.