মন্ত্ৰী অশোক সিংহলে আজি অসম আৰক্ষীৰ বিশেষ সঞ্চালকপ্ৰধান তথা অগ্নি আৰু জৰুৰীকালীন সেৱা বিভাগৰ সঞ্চালক সত্যেন্দ্ৰ নাৰায়ণ সিঙৰ সৈতে জনতা ভৱনস্থিত তেওঁৰ কাৰ্যালয়ত এক বিশেষ বৈঠকত মিলিত হয়। গুৱাহাটী মহানগৰীৰ ওখ ওখ অট্টালিকাসমূহৰ অগ্নি নিৰ্বাপন ব্যৱস্থাৰ পৰিদৰ্শন কৰাৰ লগতে তেনে ভৱনসমূহৰ বাসিন্দাসকলক সম্ভাব্য অগ্নিকাণ্ড তথা অন্যান্য জৰুৰীকালীন অৱস্থাৰ সন্দৰ্ভত সচেতন কৰাৰ বাবে প্ৰয়োজনীয় সজাগতা কাৰ্যসূচী গ্ৰহণ কৰিবলৈ তেওঁ আৰক্ষী বিষয়াগৰাকীক নিৰ্দেশ প্ৰদান কৰে। লগতে সম্ভাব্য দুৰ্ঘটনা প্ৰতিহত কৰাৰ স্বাৰ্থত অগ্নিনিৰ্বাপনৰ প্ৰয়োজনীয় নীতি-নিয়ম মানি নচলা অট্টালিকাসমূহৰ কৰ্তৃপক্ষৰ বিৰুদ্ধে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈও তেওঁ সঞ্চালকগৰাকীক নিৰ্দেশ দিয়ে।
Trending
- NSE and India Habitat Centre Partner to Empower Citizens with Financial Literacy
- পথিকৰ উদ্যোগত যোৰহাটত চাইক্লাথন
- গুৱাহাটী বিশ্ববিদ্যালয়ৰ উদ্যোগত মধুপুৰ সত্ৰত সাঁচিপতীয়া পুথি পঠন-সংৰক্ষণ শীর্ষক কর্মশালা সম্পন্ন
- জাপানৰ ওছাকাত অনুষ্ঠিত হোৱা ৱৰ্ল্ড এক্সপ’ ২০২৫ত অসম ৰাজ্যিক প্ৰেক্ষাগৃহ উদ্বোধন
- ৰোগৰ নিৰ্ণয়ৰ পৰীক্ষা সমূহৰ মাচুল নিয়ন্ত্রণৰ বাবে গণস্বাক্ষৰ অভিযানৰ আৰম্ভণি আৰু মুখ্যমন্ত্ৰীলৈ স্মাৰকপত্ৰ প্ৰদান
- India is Emerging as a Financial Powerhouse, Says NSE Chief
- ক্ৰীড়াৰ জৰিয়তে এইচ ডি এফ চি বেংক পৰিৱৰ্তনে আজিলৈকে ৫ হাজাৰ ব্যক্তিক প্ৰভাৱিত কৰিছে।
- BJP Government Committed to Reclaiming Land from Infiltrators: Amit Shah
- আজাৰা পাটগাঁৱত বি এছ এফৰ আন্তঃকমাণ্ড মহিলা ক্ৰীড়া সমাৰোহৰ সামৰণি
- চীন দূতাবাসৰ পাঁচজনীয়া কূটনীতিবিদৰ দলৰ কটন বিশ্ববিদ্যালয় পৰিদৰ্শন