মন্ত্ৰী অশোক সিংহলে আজি অসম আৰক্ষীৰ বিশেষ সঞ্চালকপ্ৰধান তথা অগ্নি আৰু জৰুৰীকালীন সেৱা বিভাগৰ সঞ্চালক সত্যেন্দ্ৰ নাৰায়ণ সিঙৰ সৈতে জনতা ভৱনস্থিত তেওঁৰ কাৰ্যালয়ত এক বিশেষ বৈঠকত মিলিত হয়। গুৱাহাটী মহানগৰীৰ ওখ ওখ অট্টালিকাসমূহৰ অগ্নি নিৰ্বাপন ব্যৱস্থাৰ পৰিদৰ্শন কৰাৰ লগতে তেনে ভৱনসমূহৰ বাসিন্দাসকলক সম্ভাব্য অগ্নিকাণ্ড তথা অন্যান্য জৰুৰীকালীন অৱস্থাৰ সন্দৰ্ভত সচেতন কৰাৰ বাবে প্ৰয়োজনীয় সজাগতা কাৰ্যসূচী গ্ৰহণ কৰিবলৈ তেওঁ আৰক্ষী বিষয়াগৰাকীক নিৰ্দেশ প্ৰদান কৰে। লগতে সম্ভাব্য দুৰ্ঘটনা প্ৰতিহত কৰাৰ স্বাৰ্থত অগ্নিনিৰ্বাপনৰ প্ৰয়োজনীয় নীতি-নিয়ম মানি নচলা অট্টালিকাসমূহৰ কৰ্তৃপক্ষৰ বিৰুদ্ধে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈও তেওঁ সঞ্চালকগৰাকীক নিৰ্দেশ দিয়ে।
Trending
- Airtel Strengthens India’s Digital Future with Sovereign Telco-Grade Cloud
- কামপুৰৰ প্ৰকৃতিপ্ৰেমী দম্পতিক শ্ৰোতা সংঘৰ ৰেডিঅ’ উপহাৰ
- LIC HFL Reviews Progress of SANGAM Livelihood Project in Mizoram
- দেশৰ ভিতৰতে থানাত প্ৰথম জাতীয় পতাকা উত্তোলনৰ ইতিহাস স্মৰণ
- প্ৰাদেশীকৃত পৌৰ কৰ্মচাৰীসকলৰ বকেয়া দৰমহা শীঘ্ৰে মুকলি কৰাৰ আশ্বাস মন্ত্ৰী কৌশিক ৰায়ৰ
- উন্নত স্বাস্থ্যসেৱাৰ লক্ষ্যৰে GMCHৰ আধুনিকীকৰণৰ পৰিকল্পনা
- লেজিনেছ ছেভ-এইচ ডি এফ চিৰ নতুন সজাগতা অভিযান
- উন্নয়নমূলক সাংবাদিকতাৰ বাৰ্তা বাহক এন ই ফ’কাচ ডট কমে অতিক্রম কৰিলে সম্পূর্ণ ১০ বছৰ
- APRINS Launches Post-Flood Livelihood Restoration Initiative for Affected Families in Garmur Miri
- বন্দে মাতৰম ধ্বনিৰে মুখৰিত আকাশ – বতাহ – ভাৰতীয় বিমান বন্দৰ প্ৰাধিকৰণৰ উদ্যোগত বৰঝাৰত ৱাকাথন আৰু ত্ৰিৰংগা বাইক ৰেলী