অনন্য উদ্ভাৱনেৰে জিলিকিছে উপাসনা

0 229

সম্পূৰ্ণ ঘৰুৱা পদ্ধতিৰে কলৰ পৰা আটাগুৰিৰ বিকল্প প্ৰস্তুত কৰি অসমলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে নাৰায়ণপুৰৰ এগৰাকী ছাত্ৰীয়ে।ছাত্ৰীগৰাকীয়ে কৰা উদ্ভাৱনে ইতিমধ্যে স্থান লাভ কৰিবলৈ সক্ষম হৈছে ৰাষ্ট্ৰীয় পৰ্যায়ৰ উদ্ভাৱন প্ৰতিযোগিতাৰ শীৰ্ষ ১০ত। ছাত্ৰীগৰাকী হৈছে নাৰায়ণপুৰৰ খেৰাজখাত চিনিয়ৰ চেকেণ্ডাৰী স্কুলৰ ছাত্ৰী উপাসনা বৰুৱা।

উপসনাই ভীম কল, কাঁচ কল, চেনীচম্পা, জাহাজী কলৰ পৰা সম্পূৰ্ণ ঘৰুৱা পদ্ধতিৰে প্ৰস্তুত কৰিছে আটাগুৰিৰ বিকল্প।
ইতিমধ্যে উপাসনাৰ এই উদ্ধাৱনে মহিলা উদ্ভাৱন আৰু বহনক্ষমতাৰ বাবে ইয়াৰ প্ৰসাৰৰ প্ৰদৰ্শনৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰতিযোগিতাত ১০ টা প্ৰকল্পৰ ভিতৰত স্থান লাভ কৰিবলৈ সক্ষম হৈছে।

অসমলৈ সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হোৱা ছাত্ৰীগৰাকীৰ এই সফলতাৰ বাবে অসম চৰকাৰৰ কৃষি মন্ত্ৰী অতুল বৰা, লখিমপুৰ জিলাৰ উপায়ুক্ত সুমিত সাত্তৱানৰ লগতে বিভিন্ন জনে অভিনন্দন জ্ঞাপন কৰিছে।

Leave A Reply

Your email address will not be published.