মহানগৰীত চলাচল কৰি থকা আৰু পৰিবহন সেৱাত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি অহা প্ৰায় পাঁচ হাজাৰ অলা আৰু উবেৰৰ চালকৰ সমস্যা সমাধানৰ বাবে ১৯ জুলাইৰ বিয়লি বেতকুচিস্থিত কামৰূপ মহানগৰ জিলাৰ আঞ্চলিক পৰিবহন প্ৰাধিকৰণৰ কাৰ্যালয়ত এখন বৈঠক অনুষ্ঠিত হয় । ৰাজ্যৰ পৰিবহন আয়ুক্তৰ নিৰ্দেশনা অনুসৰি আঞ্চলিক পৰিবহন প্ৰাধিকৰণৰ সচিব আৰু জিলা পৰিবহন বিষয়া ৰফিকুল হুছেইনৰ আহ্বান মৰ্মে আৰু তেওঁৰ অধ্যক্ষতাত অনুষ্ঠিত বৈঠকত অলা কৰ্তৃপক্ষৰ হৈ মাণ্ডলিক বিষয়া ভাস্কৰ বৰা , উবেৰ কৰ্তৃপক্ষৰ হৈ বনানী বৰদলৈ আৰু পীয়ুষ পাঠক , অলা আৰু উবেৰ কেব অপাৰেটৰৰ হৈ ইব্ৰাহিম আলী আৰু দেৱজিৎ ডেকাই ভাগ লয় । বৈঠকত অলা আৰু উবেৰৰ চালক সকলে ক’ভিডকেন্দ্ৰিক পৰিস্থিতিৰ বাবে ভোগ কৰি অহা সমস্যা সমূহৰ বিশদ আলোচনা কৰা হয় । ইয়াৰ উপৰিও আলোচনা কালত অলা আৰু উবেৰ কৰ্তৃপক্ষৰ প্ৰতিনিধিয়ে চালক বা অপাৰেটৰ সকলৰ সমস্যা সমূহ মানৱীয়তাৰে সমাধান কৰা হব বুলি আশ্বাস প্ৰদান কৰে । আনহাতে প্ৰাধিকৰণৰ সচিব ৰফিকুল হুছেইনে উভয় পক্ষকে এৰা ধৰি কৰি সমস্য সমূহ সমাধানৰ বাবে পৰামৰ্শ আগবঢ়ায় । তেনেদৰে ৰাজ্য চৰকাৰৰ ক’ভিড বিধি সকলোৱে মানি যাত্ৰীলৈ সেৱা আগবঢ়ায় তাৰ বাবে আহ্বান জনায় সচিব ৰফিকুল হুছেইনে । তেনেদৰে বৈঠকৰ অন্তত অলা আৰু উবেৰ কেব অপাৰেটৰ সংস্থাই পহিলা আগস্টৰ পৰা তেওঁলোকে যি আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰিছিল তাক প্ৰত্যাহাৰ কৰা হৈছে বুলি সদৰি কৰে।
Trending
- গুৱাহাটী প্ৰেছ ক্লাবত সাপ্তাহিক কবচৰ ২৯ তম্ বৰ্ষপূৰ্তি উদযাপন
- ধাৰাপুৰত ১৫ দিনীয়া গ্ৰীষ্মকালীন নাট কৰ্মশালা আৰম্ভ
- Brahmaputra Conclave on Balancing Development and Ecology Held in Guwahati
- ৰাণীৰ এলিফেণ্ট কৰিডৰত হাতীৰ সুৰক্ষামূলক ফলক স্থাপন
- গুৱহাটী বিশ্ববিদ্যালয় এন এছ এছ কোষৰ উদ্যোগত বন মহোৎসৱ পালন
- গুৱাহাটীত ৩২তম অসম ৰাজ্যিক একুৱেটিক চেম্পিয়নশ্বিপ
- KARGIL MARTYR CAPT JINTU GOGOI, VrC REMEMBERED ON 26th MARTYRDOM DAY
- সম্পূৰ্ণ বিদ্যুৎচালিত ব্যৱস্থাৰে ডিব্ৰুগড়লৈ চলাচল কৰিছে ৰাজধানী এক্সপ্ৰেছ
- সৰ্বভাৰতীয় পৰ্যায়ত উজলি উঠিছে তামুলপুৰ উন্নয়ন খণ্ড-দেশৰ ৫০০টা উন্নয়ন খণ্ডৰ ভিতৰত প্ৰথম স্থান
- মালামাল বয়জৰ ট্ৰেইলাৰ মুকলি- মুক্তিপূৰ্বেই ব্যাপক চৰ্চা