অসমত নতুনকৈ ৪৩০০ বিদ্যালয় নিৰ্মাণ হ’ব -ঘোষণা শিক্ষা মন্ত্রীৰ

0 296

অসমত ৪,৩০০ বিদ্যালয় নৱনিৰ্মাণ কৰা হ’ব।এই মন্তব্য শিক্ষামন্ত্ৰী ৰনোজ পেগু।শুক্ৰবাৰে মন্ত্ৰীগৰাকীয়ে লামডিঙত উপস্থিত হৈ কয় যে, নৱনিৰ্মাণ মানে কিছুমান ভৱন নতুনকৈ নিৰ্মাণ আৰু কিছুমান উন্নীতকৰণ কৰা হ’ব। লগতে চাহ বাগান অঞ্চলত নতুনকৈ বিদ্যালয় নিৰ্মাণ কৰা হ’ব।

লগতে অনাগত দিন ৰাজ্যৰ আৰু কোনো বিদ্যালয় প্ৰাদেশীকৰণ কৰাৰ পৰিকল্পনা নাই বুলিও শিক্ষা মন্ত্ৰী গৰাকীয়ে জানিব দিয়ে।উল্লেখযোগ্য যে, চৰকাৰী বিদ্যালয়ৰ শিক্ষকে ব্যক্তিগত টিউচন কৰাটো তেওঁলোকৰ ব্যক্তিগত কথা বুলি কয় যদিও বিদ্যালয়ত নিয়মীয়াকৈ উপস্থিত থাকিবই লাগিব মন্ত্ৰী গৰাকীয়ে জনায়।

Leave A Reply

Your email address will not be published.