অসমীয়া ডিজাইনাৰৰ চুইধাগা

0 272

ৰাস্তে আস্তে চল জাৰা

তেৰা চাভ লাগা 

জেইচে কইয়ি ঘাব লাগা।

চ’চিয়েল মেডিয়াত ভাইৰেল হোৱা ভি ডি অ’ গানৰ কিছু অংশ।এখন নতুন চিনেমা। চিনেমাখনৰ নাম চুই ধাগা। যশৰাজ ফিল্মৰ এই বিশেষ গানৰ ভি ডি অ’ লগত সমান্তৰালভাৱে ভাইৰেল আন এটা ভি ডি অ’। ভি ডি অ’টোত দেখা গৈছিল এগৰাকী অসমীয়া ডিজাইনাৰৰ জীৱন গাঁথা আৰু অসমৰ চিল্কৰ ওপৰত প্ৰস্তুত কৰা কিছু দৃশ্য। সেয়েহে আমি পলম নকৰি বিশেষ বিষয়টোৰ অনুসন্ধান আৰম্ভ কৰিছিলো। আৰু জানিব পাৰিছিলো যে অসমৰ অন্যতম আগশাৰীৰ ফেশ্বন ডিজাইনাৰ সংযুক্তা দত্তই চুই ধাগাৰ লগ’ ডিজাইন কৰিছে। আৰু তেওঁলোকেই সংযুক্তাৰ কৰ্মৰ ওপৰত ডকুমেণ্টৰী প্ৰস্তুত কৰি প্ৰচাৰ চলাইছে। এই সম্পৰ্কত সংযুক্তাই কয় যে চুইধাগাৰ লগ’ বিভিন্ন জনে কৰিছিল।

নৰ্থ ইষ্টৰ পৰা লগ’ ডিজাইন মই কৰিছিলো। মোৰ কৰ্মৰ ওপৰত বনোৱা ডকুমেণ্টৰীখন যোৱা ২৩ আগষ্টত ৰিলিজ হৈছে। আৰু মই ডিজাইন কৰা লগ’ ৭ আগষ্টত ৰিলিজ হৈছে। অহা ২৮ চেপ্তেম্বৰত চিনেমাখনে মুক্তি লাভ কৰিব। ইয়াত অভিনয় কৰিছে বৰুণ ধাৱান আৰু অনুক্সা শৰ্মাই। লেকমি ফেশ্বন উইকৰ সম্পৰ্কত তেওঁ কয় যে খুব ভাল অভিজ্ঞতা হৈছিল। বিশেষকৈ হেমা মালিনী, ঈশা দেউলৰ লগত কাম কৰি আপ্লুত হ’লো। অসমৰ গৌৰৱ সংযুক্তা দত্তক তেখেতৰ এই যাত্ৰাৰ বাবে অভিনন্দন জনালো।


Leave A Reply

Your email address will not be published.