অসমীয়া ভাষা জীয়াই ৰখাৰ প্ৰচেষ্টা চলোৱা এখন বিদ্যালয়।অসম সাহিত্য সভাৰ দৰে কলেজে কলেজে গৈ প্ৰচাৰ নচলালেও স্কুলৰ ভিতৰতে এক সুকীয়া পদক্ষেপ হাতত লৈছে বিদ্যালয়খনৰ কৰ্তৃপক্ষই।দুলীয়াজানৰ টিপলিঙত অৱস্থিত এই বিদ্যালয়ৰ নাম সাহিত্যৰথী জাতীয় বিদ্যালয়।বৰ্তমান ডেৰশৰো অধিক ছাত্ৰ-ছাত্ৰী থকা বিদ্যালয়খন প্ৰজ্ঞান ট্ৰাষ্ট নামৰ এটা সংস্থাৰ জৰিয়তে পৰিচালিত হয়।জানি সুখী হ’ব যে বিদ্যালয়খনে প্ৰকৃত অসমীয়া গঢ়াৰ ক্ষেত্ৰত পদক্ষেপ গ্ৰহণ কৰি আহিছে।ছাত্ৰ ছাত্ৰীসকলক ভাষাৰ জ্ঞান সমৃদ্ধ কৰিবলৈ বিভিন্ন খেল ধেমালিৰে শিক্ষা দান কৰিছে।উল্লেখযোগ্য যে এই প্ৰজ্ঞান ট্ৰাষ্টতো কেইজনমান সমাজ সচেতক ব্যক্তিৰদ্বাৰা গঠন হৈছে।তেখেতসকলৰ নাম ক্ৰমে অজয় ভট্টাচাৰ্য্য,প্ৰবীন শইকীয়া,প্ৰাঞ্জল বৰুৱা আৰু সত্যকাম বৰঠাকুৰ।তেখেতসকলে ২০১৮ চনৰ ১০ জানুৱাৰীত এই বিদ্যালয়খন প্ৰতিষ্ঠা কৰে।উল্লেখযোগ্য যে এই বিদ্যালয়খনত দৰিদ্ৰ সীমা ৰেখা তলৰ ছাত্ৰ ছাত্ৰী সকলক অগ্ৰাধিকাৰ দিয়ে ।যাৰ বাবে এইখন বিদ্যালয়ে এন ই ফ’কাচ ডট কমৰ বাতৰিত স্থান পাইছে।এনেধৰণৰ বাতৰিৰ বাবে চাবলৈ নাপাহৰিব অসমৰ প্ৰথমটো ইতিবাচক খবৰৰ নিউজ পৰ্টেল এন ই ফ’কাচ ডট কমক।
Trending
- Airtel Strengthens India’s Digital Future with Sovereign Telco-Grade Cloud
- কামপুৰৰ প্ৰকৃতিপ্ৰেমী দম্পতিক শ্ৰোতা সংঘৰ ৰেডিঅ’ উপহাৰ
- LIC HFL Reviews Progress of SANGAM Livelihood Project in Mizoram
- দেশৰ ভিতৰতে থানাত প্ৰথম জাতীয় পতাকা উত্তোলনৰ ইতিহাস স্মৰণ
- প্ৰাদেশীকৃত পৌৰ কৰ্মচাৰীসকলৰ বকেয়া দৰমহা শীঘ্ৰে মুকলি কৰাৰ আশ্বাস মন্ত্ৰী কৌশিক ৰায়ৰ
- উন্নত স্বাস্থ্যসেৱাৰ লক্ষ্যৰে GMCHৰ আধুনিকীকৰণৰ পৰিকল্পনা
- লেজিনেছ ছেভ-এইচ ডি এফ চিৰ নতুন সজাগতা অভিযান
- উন্নয়নমূলক সাংবাদিকতাৰ বাৰ্তা বাহক এন ই ফ’কাচ ডট কমে অতিক্রম কৰিলে সম্পূর্ণ ১০ বছৰ
- APRINS Launches Post-Flood Livelihood Restoration Initiative for Affected Families in Garmur Miri
- বন্দে মাতৰম ধ্বনিৰে মুখৰিত আকাশ – বতাহ – ভাৰতীয় বিমান বন্দৰ প্ৰাধিকৰণৰ উদ্যোগত বৰঝাৰত ৱাকাথন আৰু ত্ৰিৰংগা বাইক ৰেলী
very good positive news
সাহিত্যৰথী জাতীয় বিদ্যালয় দীৰ্ঘায়ু কামনা কৰিলো আশাকৰো সকলোৱে আদৰেৰে অনুস্থানটোক আকোঁৱালি ল’য় যেন।