অসমৰ এয়াৰটেল গ্ৰাহকসকলৰ বাবে সৰ্বশ্ৰেষ্ঠ নেটৱৰ্ক অভিজ্ঞতা প্ৰদান কৰাৰ ক্ষেত্ৰত আন এক পদক্ষেপ

0 309

ভাৰতী এয়াৰটেল ভাৰতৰ মুখ্য যোগাযোগ সমাধান প্ৰদানকাৰীয়ে কয় যে অসমৰ গ্ৰাহক সকলৰ বাবে সৰ্বশ্ৰেষ্ঠ নেটৱৰ্ক অভিজ্ঞতা প্ৰদান কৰিবলৈ মোবাইল নেটৱৰ্ক উন্নীত কৰিছে।
এয়াৰটেলে ৰাজ্যত ইয়াৰ নেটৱৰ্কত আগতীয়া নেটৱৰ্ক ছফ্টৱেৰ সঁজুলিবোৰ যথেষ্ট শক্তিশালী কৰিবলৈ আৰু উচ্চ গতিত ডাটা ক্ষমতা দিবলৈ ২৩০০ মেগাহাৰ্জ বেণ্ডৰ সৈতে অতিৰিক্ত ১০ মেগাহাৰ্জ স্পেকট্ৰাম স্থাপন কৰিছে।ইয়াৰ ফলত ৰাজ্যৰ এয়াৰটেল গ্ৰাহক সকলে উৎকৃষ্ট নেটৱৰ্ক লাভ কৰিব।উন্নত নেটৱৰ্ক উপলব্ধতা বাবে সক্ষম কৰি তোলাৰ লগতে তেওঁলোকৰ স্মাৰ্ট ডিভাইচসমূহত উচ্চ গতিত ডাটা সেৱা লাভ কৰিব।
ভাৰত চৰকাৰৰ দ্বাৰা পৰিচালিত শেহতীয়া নিলামৰ সময়ত এয়াৰটেলে অসমৰ বাবে ১০ মেগাহাৰ্জ স্পেকট্ৰাম অধিগ্ৰহণ কৰিছিল।এই নতুন স্পেকট্ৰামৰ সৈতে অসমত এয়াৰটেলৰ সৰ্ববৃহৎ ৭৩.৪৫ মেগাহাৰ্জৰ স্পেকট্ৰাম বেংক আছে।এয়াৰটেলৰ হাতত স্পেকট্ৰামৰ ২৩০০/২১০০/১৮০০/৯০০ বেণ্ড আছে।যাৰ দ্বাৰা উচ্চ গতিত ডাটা সেৱাৰ চাহিদা পূৰণ কৰি আছে আৰু ৫ জি নেটৱৰ্ক সেৱা প্ৰদান কৰিবলৈ সম্পূৰ্নৰূপে সাজু হৈছে।
ভাৰতীয় এয়াৰটেলৰ অসম আৰু উত্তৰ পূৰ্বাঞ্চলৰ মুখ্য কাৰ্যবাহী বিষয়া সোভন মুখাৰ্জী যে কয় ,আমি নতুন স্পেকট্ৰামত বিনিয়োগ কৰি আৰু নেটৱৰ্ক সম্প্ৰসাৰিত অসমত থকা আমাৰ গ্ৰাহক সকলক এক বিশ্ব-শ্ৰেণীৰ নেটৱৰ্ক অভিজ্ঞতা প্ৰদান কৰিবলৈ প্ৰয়োগ কৰিছোঁ।শেহতীয়াকৈ ২৩০০ বেণ্ডৰ স্পেকট্ৰাম অধিগ্ৰহণ কৰি আমি অঞ্চলটোৰ নেটৱৰ্কৰ বৰ্ধিত চাহিদাৰ মোকাবিলা কৰিছোঁ আৰু ভৱিষ্যতৰ ছফ্টৱেৰ সঁজুলিৰ বাবে উচ্চ গতিত নেটৱৰ্ক বাবে নিজকে সাজু কৰিছোঁ।এয়াৰটেলৰ অসমত এতিয়া আটাতকৈ ডাঙৰ স্পেকট্ৰাম বেংক আছে।আগন্তুক সময়ৰ নতুন প্ৰযুক্তিৰ নেটৱৰ্কৰ বাবে সাজু আছে এয়াৰটেল।
মহামাৰী সময়ত ঘৰৰ পৰা কাম কৰা ,অনলাইন ক্লাছ,ভিডিঅ ষ্ট্ৰীমিঙ কৰা বৃহৎ হাৰত বৃদ্ধি পোৱা দেখা গৈছে।এয়াৰটেলে গ্ৰাহক সকলক সংযুক্ত হৈ থকাত সহায় কৰাৰ বাবে ক্ষমতা বৃদ্ধি কৰিছে।এয়াৰটেলে উন্নত নেটৱৰ্ক প্ৰযুক্তি আৰু সঁজুলি যেনে প্ৰাক ৫জি প্ৰয়োগ কৰিছে উচ্চ গতিৰ নেটৱৰ্ক বৃদ্ধি কৰিবলৈ আৰু বৃহৎ এমআই,এমঅ’,৪জি এডভান্স আৰু কেৰিয়াৰ একত্ৰীকৰণ বাবে নেটৱৰ্ক ক্ষমতা বৃদ্ধি কৰিছে।

Leave A Reply

Your email address will not be published.