অসমৰ চাহ পৃথিৱী বিখ্যাত। এই খ্যাতিকেই অক্ষুন্ন ৰাখি ডিব্ৰুগড়ৰ মনোহাৰী চাহ বাগিচাত উংপাদিত মনোহৰী গল্ড চাহ উজলি উঠিল। সৰ্বকালৰ অভিলেখ ভংগ কৰি কালি গুৱাহাটী চাহ নিলাম কেন্দ্ৰত প্ৰতি কিলোগ্ৰামত ৩৯,০০১ টকাত বিক্ৰী হ’ল।উল্লেখযোগ্য যে প্ৰধানত দিল্লী, জয়পুৰ, আহমেদাবাদ চহৰত এই মনোহৰী গল্ড চাহ এক বিশেষ মূল্যত উপলব্ধ হ’ব। জানিব পৰা মতে বৃৃট্ৰিছৰ দিনৰ পৰা ডিব্ৰুগড়ৰ মনোহৰী চাহ বাগিচাখন চলি আছে। এই সম্পৰ্কত বাগিচা স্বত্বাধিকাৰী ৰাজেন লোহিয়াই কয় যে সম্পূৰ্ণ প্ৰাকৃতিক ভাৱে হাতেৰে মনোহৰী গল্ড চাহ প্ৰস্তুত কৰা হয়। এই চাহৰ প্ৰস্তুতকৰণ সুকীয়া আৰু যত্নকৰ। সেয়েহে দিনে মাত্র ৫০ গ্ৰাম চাহ উংপাদন কৰিব পাৰি। স্মতৰ্ব্য যে ইতিপূৰ্বে বিগত বৰ্ষৰ ৯ নবেম্বৰত অৰুণাচল প্ৰদেশৰ ইটানগৰৰ দনিই প’ল নামৰ বাগিচাখনৰ চাহ প্ৰতি কিলোগ্ৰামত ১৮,৮০১ টকাত নিলাম হৈছিল। এনে ধৰণৰ খবৰে আন্তৰাষ্ট্ৰীয় পৰ্য্যায়ত খলকনি সৃষ্টি কৰিছে।
Trending
- কামৰূপত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ “পৰীক্ষা পে চৰ্চা” অনুষ্ঠানৰ পোনপটীয়া সম্প্ৰচাৰ
- কামৰূপ নিৰ্বাচন জিলাৰ চূড়ান্ত ভোটাৰ তালিকা প্ৰকাশ
- পলাশবাৰীৰ উপৰহালীত অটল পেঞ্চন যোজনাৰ সজাগতা সভা
- গণৰাজ্য দিৱস উপলক্ষে গোলাঘাটত কৃষি মন্ত্ৰী অতুল বৰাই উত্তোলন কৰিলে ত্ৰিৰংগ পতাকা
- ধেমাজিৰ আৰ্থ-সামাজিক বিকাশ সংস্থাৰ উদ্যোগত পষেকীয়া প্ৰশিক্ষণ শিবিৰ
- প্ৰথমবাৰৰ বাবে ভাৰত-বাংলাদেশ সীমান্তত ধুবুৰী জিলাভিত্তিক গণৰাজ্য দিৱস উদযাপন
- অগপৰ ব্যাপক সাংগঠনিক তৎপৰতা ৰাজ্যজুৰি বুথ সভা সম্পন্ন
- নলবাৰীত গণৰাজ্য দিৱসৰ ৰাষ্ট্ৰীয় পতাকা উত্তোলন মন্ত্ৰী অশোক সিংহলৰ
- বিশ্ববাসীৰ মংগলৰ বাবে পাণ্ডুনাথ দেৱালয়ত তিনিদিনীয়া কাৰ্যসূচীৰে শ্ৰী শ্ৰীবিষ্ণু মহাযজ্ঞৰ আয়োজন
- পশ্চিম গুৱাহাটী মহাবিদ্যালয়ৰ বাৰ্ষিক সপ্তাহৰ সামৰণি