জাৰ্ণেলিষ্ট এছ’চিয়েছন অব আছাম (জা) আৰু নেশ্বনেল ইউনিয়ন অব্ জানেলিষ্ট ইণ্ডিয়া (এন ইউ জে আই)য়ে জনপ্ৰিয় নেতা ডঃ হিমন্ত বিশ্ব শৰ্ম্মাৰ লগতে অসম বিধানসভালৈ নিৰ্বাচিত জনপ্ৰতিনিধি সকল আৰু হিমন্ত বিশ্ব শৰ্ম্মাৰ নেতৃত্বত গঠিত বিজেপি, অগপ, ইউ পি পিএল মিত্ৰজোটৰ চৰকাৰলৈ আন্তৰিক অভিনন্দন আৰু শুভেচ্ছা জ্ঞাপন কৰিছে।সংবাদ মাধ্যম লৈ প্ৰেৰণ কৰা এক প্ৰেছ বাৰ্তাত জাৰ্ণেলিষ্ট এছ’চিয়েছন অব আছাম, (জা) ৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি তথা বিশিষ্ট সাংবাদিক ধীৰেন্দ্ৰনাথ চক্ৰৱৰ্তী আৰু জাৰ মুখ্য উপদেষ্টা তথা এন ইউ জে আইৰ ৰাষ্ট্ৰীয় উপসভাপতি ভূপেন গোস্বামী,জাৰ কেন্দ্ৰীয় সমিতিৰ উপসভাপতি ময়ূখ গোস্বামী, সাধাৰণ সম্পাদক ডালিম ফুকন, সম্পাদক সুদীপ শৰ্ম্মা চৌধুৰীয়ে কয় যে অসমৰ জনতাই যি আশা কৰি হিমন্ত বিশ্ব শৰ্ম্মাক অসমৰ মুখ্যমন্ত্ৰী হিচাপে যি গধুৰ দায়িত্ব অৰ্পণ কৰিছে সেইয়া অতি নিষ্ঠা আৰু সততাৰে পালন কৰিব। অসমৰ আইন শৃংখলা , সামগ্ৰিক উন্নয়ন আৰু শান্তি-সম্প্ৰীতি তথা সকলো ভাষা,ধৰ্ম- বৰ্ণ সম্প্ৰদায় আৰু জাতি -জনগোষ্ঠীৰ মাজত ঐক্য- সংহতি , ভ্ৰাতৃত্ববোধ বজাই মানুহক সদায় মানুহৰ দৰে ব্যৱহাৰ কৰি ৰ্নিবাচিত বিধায়ক সকলে ৰাইজৰ বিকশিত অসমৰ সপোনক বাস্তবায়িত কৰিব বুলিও সংগঠনটোৱে আশা প্রকাশ কৰে। আনহাতে গণতন্ত্ৰৰ চতুৰ্থস্তম্ভ তথা সমাজৰ অতন্ত্ৰ প্ৰহৰী সংবাদ মাধ্যমৰ স্বাধীনতা অক্ষুন্ন ৰাখি মৌলিক সমস্যা সমূহ সমাধানত গুৰুত্ব দিবলৈ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্ম্মাৰ নেতৃত্বত গঠিত বিজেপি, অগপ, ইউ পিপিএল মিত্ৰজোটৰ চৰকাৰৰ প্রতি আহ্বান জনাইছে । তদুপৰি সংবাদ মাধ্যম আৰু কৰ্তব্যৰত সাংবাদিকৰ ওপৰত বাঢ়ি অহা ভাবুকি আৰু নিৰ্যাতন প্রতিৰোধ কৰাৰ বাবে তথা কৰ্তব্যৰত সাংবাদিকৰ নিৰাপত্তা সুনিশ্চিত কৰাৰ স্বাৰ্থত ৰাজ্যত এখন বলিষ্ঠ ‘সাংবাদিক সুৰক্ষা আইন’ প্রণয়ন কৰি সন্মান সহকাৰে সাংবাদিক সকলক জীয়াই থকাত সহায় কৰিবলৈ গঠিত হব লগা মিত্ৰজোঁটৰ চৰকাৰ তথা নবৰ্নিবাচিত বিধায়ক সকলৰ প্রতি অনুৰোধ জনোৱা হৈছে। উল্লেখযোগ্য যে জাৰ্ণেলিষ্ট এছ’চিয়েছন অব আছাম (জা) আৰু নেশ্বনেল ইউনিয়ন অব্ জানেলিষ্ট ইণ্ডিয়া (এন ইউ জে আই) ৰ লগতে অসমৰ সাংবাদিক সকলে দেশৰ অন্য কেইবাখনো ৰাজ্যৰ দৰে অসমতো এনে এখন সুৰক্ষা আইন প্রনয়ণৰ দাবীত দীঘদিন ধৰি আন্দোলন পৰ্যন্ত সংগঠিত কৰি আহিছিল যদিও কাৰ্যক্ষেত্ৰত কোনো চৰকাৰে ব্যবস্থা গ্ৰহণ কৰা পৰিলক্ষিত হোৱা নাই। আগন্তক চৰকাৰ খনে আৰম্ভণিহে এইক্ষেত্ৰত দৃঢ় পদক্ষেপ গ্ৰহণ কৰিব বুলি অসমৰ সাংবাদিক সকলে আশা প্রকাশ কৰিছে।
Trending
- Airtel Strengthens India’s Digital Future with Sovereign Telco-Grade Cloud
- কামপুৰৰ প্ৰকৃতিপ্ৰেমী দম্পতিক শ্ৰোতা সংঘৰ ৰেডিঅ’ উপহাৰ
- LIC HFL Reviews Progress of SANGAM Livelihood Project in Mizoram
- দেশৰ ভিতৰতে থানাত প্ৰথম জাতীয় পতাকা উত্তোলনৰ ইতিহাস স্মৰণ
- প্ৰাদেশীকৃত পৌৰ কৰ্মচাৰীসকলৰ বকেয়া দৰমহা শীঘ্ৰে মুকলি কৰাৰ আশ্বাস মন্ত্ৰী কৌশিক ৰায়ৰ
- উন্নত স্বাস্থ্যসেৱাৰ লক্ষ্যৰে GMCHৰ আধুনিকীকৰণৰ পৰিকল্পনা
- লেজিনেছ ছেভ-এইচ ডি এফ চিৰ নতুন সজাগতা অভিযান
- উন্নয়নমূলক সাংবাদিকতাৰ বাৰ্তা বাহক এন ই ফ’কাচ ডট কমে অতিক্রম কৰিলে সম্পূর্ণ ১০ বছৰ
- APRINS Launches Post-Flood Livelihood Restoration Initiative for Affected Families in Garmur Miri
- বন্দে মাতৰম ধ্বনিৰে মুখৰিত আকাশ – বতাহ – ভাৰতীয় বিমান বন্দৰ প্ৰাধিকৰণৰ উদ্যোগত বৰঝাৰত ৱাকাথন আৰু ত্ৰিৰংগা বাইক ৰেলী