অসমৰ ৫খন চিকিৎসা মহাবিদ্যালয় ক’ভিড ১৯ পৰীক্ষাৰ বাবে সাজু

0 507

সম্প্ৰতি  বৰপেটা ফকৰুদ্দিন আলি আহমেদ চিকিৎসা মহাবিদ্যালয় ক’ভিড ১৯ পৰীক্ষাৰ বাবে সাজু হৈ  উঠিছে ।ইতিমধ্যে ভাৰতীয় চিকিৎসা পৰিষদে চিকিৎসা মহাবিদ্যালয় খনক স্বীকৃতি প্ৰদান কৰিছে ।এই মন্তব্য প্ৰকাশ কৰিছে স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ।
 
 
 
 
এতিয়ালৈ অসমত ক’ভিড ১৯ পৰীক্ষাৰ ব্যৱস্থা থকা চিকিৎসালয় ৫ খনলৈ বৃদ্ধি পালে।ইয়াৰ পূৰ্বে গুৱাহাটী,ডিব্ৰুগড,যোৰহাট,শিলচৰ চিকিৎসা মহাবিদ্যালয়কেইখনত ক’ভিড ১৯ পৰীক্ষাৰ ব্যৱস্থা কৰা হৈছিল ।উল্লেখযোগ্য যে ক’ভিড ১৯ ত সমগ্ৰ দেশৰ ১০০০ৰো অধিক লোক আক্ৰান্ত হৈছে।

Leave A Reply

Your email address will not be published.