অসম জীয়ৰী শকুন্তলা দলে গামলিনৰ বিশেষ তৎপৰতা-অসমৰ হাজোত স্থাপন কৰা হ’ব দেশৰ প্ৰথমখন দিব্যাংগ বিশ্ববিদ্যালয়

0 266

ৰাজ্যৰ বাহিৰত থাকিও ৰাজ্যখনৰ কল্যাণৰ বাবে যিসকলে নীৰৱে কাম কৰি আছে তেওঁলোকৰ ভিতৰত অন্যতম হ’ল শকুন্তলা দলে গামলিন। অসম জীয়ৰী আৰু অৰুণাচল প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰয়াত জাৰবম গামলিনৰ সহধৰ্মিনী শকুন্তলা দলে গামলিনে বৰ্তমান ভাৰত চৰকাৰৰ সামাজিক ন্যায় আৰু সৱলীকৰণ মন্ত্ৰালয়ৰ সচিব হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে।
দিব্যাংগ বিভাগটো এই মন্ত্ৰালয়ৰ অধীনত আছে। ভাৰতীয় প্ৰশাসনীয় সেৱাৰ ১৯৮৪ বেটছৰ আৰু অসমৰ মিচিং জনগোষ্ঠীৰ প্ৰথমগৰাকী মহিলা আই.এ.এছ বিষয়া হোৱাৰ বিৰল সন্মান লাভ কৰা শকুন্তলা দলে গামলিনে ২০১৭ চনৰ শেষৰ পৰা মন্ত্ৰালয়ৰ সচিব হিচাপে কাৰ্যনিৰ্বাহ কৰি তেওঁ সাধ্যনুসাৰে মাতৃভূমি অসমলৈ নীৰৱে সেৱা আগবঢ়াই আহিছে। শেহতীয়াভাৱে শকুন্তলা দলে গামলিনৰ বিশেষ তৎপৰতাত অৱলম্বন কৰি অসম তথা দেশৰ ভিতৰত প্ৰথমখন দিব্যাংগ বিশ্ববিদ্যালয় স্থাপনৰ বাবে প্ৰস্তুতি চলাইছে। ৰাজ্য চৰকাৰে বিষয়টো আগ্ৰহ প্ৰকাশ কৰি ইয়াৰ বাবে কামৰূপ জিলাৰ মাজত প্ৰয়োজনীয় মাটী দিয়া হ’ব বুলিও মন্ত্ৰালয়ক অৱগত কৰিছে। প্ৰস্তাৱিত দিব্যাংগ বিশ্ববিদ্যালয় স্থাপন হলে ইয়াৰ স্নাতক, স্নাতকোত্তৰ পৰ্যায়ক্ৰমৰ লগতে কেইবাটাও বিষয়ত গৱেষণা কৰাৰ সুবিধা থাকিব। অৱশ্যে কামৰুপ জিলাৰ মাজত স্থাপন হ’বলগীয়া প্ৰস্তাৱিত দিব্যাংগ বিশ্ববিদ্যালয়ৰ বাবে ৰাজ্য চৰকাৰে ৫০ একৰ ভুমি আৱণ্টন দিছে।
কিন্তু বিশ্ববিদ্যালয়খনৰ বাবে ১৫০ একৰ ভুমি প্ৰয়োজন বুলি শকুন্তলা দলে গামলিনে জানিবলৈ দিয়ে।শকুন্তলা দলে গামলিনে সদৰি কৰা অনুসৰি বিশ্ববিদ্যালয়খনত ঘাইকৈ দিব্যাংগসকলে ভোগ কৰি অহা শাৰিৰীক দুৰ্বলতা, অক্ষমতা আদি দূৰ কৰাৰ বাবে অধ্যয়নৰত শিক্ষাৰ্থীসকলক বিশেষ প্ৰশিক্ষণ প্ৰদান কৰা হ’ব। পঠ্যক্ৰমে সমূহ বিজ্ঞান সন্মত গৱেষণাৰ ব্যৱস্থা কৰা হ’ব। কেন্দ্ৰীয় চৰকাৰৰ আৰ্থিক সাহাৰ্যত স্থাপন হ’বলগীয়া বিশ্ববিদ্যালয়খনৰ বাবে অহা জানুৱাৰী মাহত হাজোত ৰাজহুৱা মতামত গ্ৰহণ কৰা হ’ব। তাৰ পিছত বিষয়টো কেন্দ্ৰীয় কেবিনেটত উত্থাপন কৰি সংসদত গৃহীত কৰা হ’ব। সংসদত গৃহীত হোৱাৰ পিছত বিশ্ববিদ্যালয়খনৰ নিৰ্মাণ কাৰ্য আৰম্ভ কৰা হ’ব। লক্ষণীয়ভাৱে শকুন্তলা দলে গামলিনৰ তৎপৰতাত স্থাপন হবলগীয়া দিব্যাংগ বিশ্ববিদ্যালয়খনৰ শিক্ষাদান প্ৰক্ৰিয়া আৰম্ভ হ’লে বিশ্বৰ দিব্যাংগ বিশ্ববিদ্যালয়ৰ মানচিত্ৰ অসমৰ হাজোত স্থান লাভ কৰিব। তেনেদৰে দেশৰ প্ৰথমখন দিব্যাংগ বিশ্ববিদ্যালয় হোৱা বাবে ভাৰতৰ সকলো ৰাজ্যৰ লগতছ দক্ষিণ পূৱ এচিয়াৰ কেইবাখনো দেশৰ শিক্ষাৰ্থীয়ে ইয়াত অধ্যয়ণ কৰিবলৈ অহাটো নিশ্চিত। উল্লেখ্য যে,গুৱাহাটীৰ গণেশগুৰি কছাৰীবস্থিত জীয়ৰি তথা মিছিং জনগোষ্ঠীৰ প্ৰথমগৰাকী সাংসদ, মন্ত্ৰী প্ৰয়াত ললিত কুমাৰ দলেৰ কনিষ্ঠা কন্যা শকুন্তলা দলে গামলিনে ২০১৬-১৭ চনত অৰুণাচল প্ৰদেশৰ মূখ্যমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। অসম-অৰুণাচল প্ৰদেশৰ সীমা সমস্যা সমাধানৰ বাবে অহোপুৰুৰ্ষাৰ্থ কৰা শকুন্তলা দলে গামলিনে মুখ্য সচিব হৈ থকাৰ সময়তে অৰুণাচলৰ হোলোংগীত ৰাজ্যখনৰ প্ৰথমটো অসামৰিক বিমান বন্দৰও নিৰ্মাণৰ কাম আৰম্ভ কৰা হৈছিল‌।

Leave A Reply

Your email address will not be published.