অসম নগালেণ্ড সীমান্তত জিলিকিছে চুকাফা উদ্যান

0 340

গ্ৰাম্য পৰ্যটনৰ বাবে সুখবৰ। যোৰহাটৰ জিলাৰ মৰিয়নী সমষ্টিৰ অন্তৰ্গত অসম নগালেণ্ড সীমান্তত এটা আত্মসহায়ক গোটে গঢ় দিছে এখন আটকধুনীয়া উদ্যান। আনহাতে নৱবৰ্ষৰ পহিলা দিনটোৰ পৰা চুকাফা উদ্যানত ভিৰ কৰে হাজাৰ হাজাৰ বনভোজপ্ৰেমী আৰু পৰ্যটকে। উল্লেখ্য যে নকছাৰী মৰঙ্গীয়াল গাঁওৰ চুকাফা নামৰ ১২ জনীয়া এটা আত্মসহায়ক গোটে পাহাৰ টিলাবোৰত এবছৰ পূৰ্বে গঢ় দিছিল চুকাফা উদ্যান নামেৰ পৰ্যটন স্থলীখন। পূৰ্বতে আত্মসহায়ক গোটটোৱে পাহাৰৰ টিলাবোৰত মৌচুমী টেঙা, কমলা টেঙা আৰু চোম গছৰ বাগিছা স্থাপন কৰিছিল যদিও বিশেষ সফলতা লাভ নকৰাত উক্ত স্থানটো পৰ্যটন ক্ষেত্ৰ ৰূপে গঢ় দিয়াৰ বাবে চিন্তা চৰ্চা কৰা বুলি জানিবলৈ দিয়ে আত্মসহায়ক গোটৰ অন্যতম সদস্য জোনটি বৰাই। সেই অনুসৰি ২০১৬ চনত আত্মসহায়ক গোটতোৰ সদস্যসকলে পাহৰ টিলা আৰু জলাশয় বোৰক সজায় পৰাই এক আকৰ্ষনীয় ৰূপ প্ৰদান কৰে। আনহাতে ২০১৭ বৰ্ষৰ পহিলা দিনটোত পৰ্যটক আৰু বনভোজ প্ৰেমীৰ বাবে চুকাফা উদ্যানখন মুকলি কৰি দিয়ে আত্মসহায়ক গোটটোৱে। প্ৰথম বৰ্ষতে পৰ্যটক আৰু বনভোজ প্ৰেমীৰ পৰা সঁহাৰি লাভ কৰি উৎসাহিত হৈ পৰে আত্মসহায়ক গোটৰ সদস্য সকল। বৰ্তমান এই পৰ্যটন স্থলীটো বনভোজ প্ৰেমী আৰু পৰ্যটকৰ বাবে আকৰ্ষনৰ কেন্দ্ৰবিন্দু হৈ পৰিছে। আত্মসহায়ক গোটটোৰ সদস্যসকলে উদ্যানখনৰ জলাশয়ত বাঁহৰ দলঙ আৰু পাহাৰৰ টিলাবোৰত বাঁহ আৰু টকৌ পাতেৰে গৃহ নিৰ্মাণ কৰি পৰ্যটকৰ বাবে আকৰ্ষনীয়কৈ গঢ় দিয়া লগতে নৌকা বিহাৰ আৰু এটা পাহাৰৰ পৰা আন এটা পাহাৰলৈ যাব পৰাকৈ ৰ’পৱে ব্যৱস্থাও গ্ৰহণ কৰিছে। আনহাতে বাঁহ আৰু টকৌ পাতেৰে নিৰ্মিত গৃহ সমুহত বনভোজ খাৱ পৰাকৈ বিশেষ ব্যৱস্থাও গ্ৰহণ কৰি দিছে আত্মসহায়ক গোটৰ সদস্যসকলে। আনহাতে আজি উদ্যানখনত সংগীত নৃত্য ব্যৱস্থা গ্ৰহণ কৰে আত্মসহায়ক গোটৰ সদস্য সকলে।বহু সংখ্যক পৰ্যটক আৰু বনভোজপ্ৰেমীয়ে সংগীত অনুষ্ঠান উপভোগ কৰা লগতে গীত আৰু নৃত্যতও অংশগ্ৰহণ কৰে। অসম নগালেণ্ড সীমান্তৱৰ্তী দিছৈ সংৰক্ষিত বনাঞ্চলৰ কাষৰ মনোমোহা সেউজ প্ৰাকৃতিক পৰিবেশৰ মাজত গঢ় লৈ উঠা চুকাফা উদ্যানখনত আজি নৱ বৰ্ষৰ প্ৰথম দিনটোত ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পৰা অহা পৰ্যটক তথা বনভোজপ্ৰেমীয়ে ভিৰ কৰাটো নিশ্চয় অঞ্চলটোৰ গ্ৰাম্য পৰ্যটনৰ দিশত এক উল্লেখ্যযোগ্য দিশ ৰূপে বিবেচিত হৈছে।  প্ৰকৃতিৰ মনোমোহা পৰিবেশত বনভোজ দলসমুহে হাঁহি ধেমালী কৰি একলগে এসাজ খোৱা লগতে উদ্যানখন চাবৰ বাবেও বহু লোকৰ আগমন হৈছে। আনহাতে বনভোজ স্থলীখন মাদক দ্ৰব্য নিষিদ্ধ কৰা লগতে পৰিস্কাৰ পৰিচ্ছন্নতাৰ ক্ষেত্ৰত ফলক আঁৰি ৰাইজক সজাগ কৰিবৰ বাবে চেষ্টা কৰিছে আত্মসহায়ক গোটতোৰ সদস্য সকলে। আত্মসহায়ক গোটতোৰ প্ৰচেষ্টাক পৰ্যটক সকলে ভূয়সী প্ৰশংসা কৰা লগতে জনপ্ৰতিনিধি তথা চৰকাৰৰ সহায় সহযোগ লাভ কৰিলে চুকাফা উদ্যানখন যোৰহাট জিলাৰ ভিতৰতে এখন সুন্দৰ গ্ৰাম্য পৰ্যটন স্থলী ৰূপ গঢ়লৈ উঠিব বুলি মত ব্যক্ত কৰে কেইবাগৰাকীও পৰ্যটকে। খবৰ যুগুতালে মৰিয়নীৰ পৰা জ্যোতি প্ৰসাদ গগৈ।

Leave A Reply

Your email address will not be published.