অসম বিধান সভাৰ দ্বাৰা বিধিগতভাৱে স্বীকৃত অসম বিধান সভাৰ প্ৰেছ ৰিপৰ্টাৰছ কমিটিখন ২৬ আগষ্টত নতুনকৈ আনুষ্ঠানিক ভাৱে গঠন কৰা হয়।অসম বিধান সভাৰ নতুন বিধায়ক আৱাসৰ সভাকক্ষত অনুষ্ঠিত সাধাৰণ সভাত অসমীয়া প্ৰতিদিনৰ জ্যেষ্ঠ সাংবাদিক ভবেন দত্তক সভাপতি আৰু হৰেন বুঢ়াগোহাঁঞিক সচিব হিচাপে সৰ্ব সন্মতি ক্ৰমে বাছনি কৰা হয়।সাধাৰণ সভাই সৰ্বসন্মতি ক্ৰমে বাছনি কৰা কমিটিৰ আন বিষয়ববীয়া কেইগৰাকী হৈছে-উপ সভাপতি চেমিম চুলতানা আহমেদ, মৌচমজ্যোতি বৈশ্য আৰু বিশ্বজিৎ দাস,সহ: সচিব মুন গোস্বামী,নয়ন প্ৰতীম কুমাৰ, বিকাশ সিং,অনিৰুদ্ধ ভকত চুতীয়া,অহিদূৰ ৰহমান খান, বীৰেশ্বৰ দাস আৰু মুকুট ৰয়।জ্যেষ্ঠ সাংবাদিক প্ৰবীণ কলিতা,প্ৰাণজিৎ শইকীয়া, ৰাজকুমাৰ শৰ্মা,অমল গুপ্ত ,ভৱেন ঘিমিৰে, মনোজ কুমাৰ নাথ,উৎপল বৰুৱা আৰু দুৰ্গা ঘোষক কমিটি খনৰ উপদেষ্টা হিচাপে মনোনীত কৰা হয়।উল্লেখযোগ্য যে কমিটিখনৰ পূৰ্বৰ সভাপতি প্ৰাণজিৎ শইকীয়াৰ অধ্যক্ষতাত অনুষ্ঠিত সভাত পূৰ্বৰ কমিটিখন ভঙ্গ কৰি দিয়াৰ পিছতে জ্যেষ্ঠ সাংবাদিক মনোজ নাথৰ সভাপতিত্বত অনুষ্ঠিত সভাৰ জৰিয়তে নতুন কমিটিখন উপস্থিত সমূহ সদস্যৰ সহমতত গঠন কৰা হয়।ইপিনে তথ্য আৰু জনসংযোগ বিভাগৰ দ্বাৰা স্বীকৃতি প্ৰাপ্ত প্ৰতিটো দৈনিক সংবাদগোষ্ঠীৰ নূন্যতম একোগৰাকী প্ৰতিনিধিক কমিটিখনৰ সদস্য হিচাপে অন্তৰ্ভুক্ত কৰা হ’ব বুলি সভাত সৰ্ব সন্মতভাৱে সিদ্ধান্ত গ্ৰহণ কৰা হয়।
Trending
- এয়াৰটেলৰ গ্ৰাহকৰ বাবে বিশেষ সুবিধা
- সাংসদ গৌৰৱ গগৈৰ দাবীৰ প্ৰতি সঁহাৰি ৰেলৱে বোৰ্ডৰ -ডুমডুমা ৰেলৱে ষ্টেচন পুনৰ মুকলি কৰি যাত্ৰী সংৰক্ষণ ব্যৱস্থা(passenger reservation system) স্থাপনৰ দাবীক মান্যতা
- সদৌ অসম সাংবাদিক সন্থা(আজু)ৰ নগাঁও জিলা সমিতিৰ জিলা আয়ুক্ত দেৱাশীষ শৰ্মাক সম্বৰ্ধনা
- তামুলপুৰত লোন মেলা সম্পন্ন
- মালিগাঁৱত ৰে’লৱেৰ এছচি আৰু এছ টি এম্পলয়িজ এছ’চিয়েচনৰ গ্ৰীষ্মকালীন শিবিৰৰ সামৰণি
- মিডিয়া এছ’চিয়েছন, অসমৰ উদ্যোগত মহীৰূহ সাংবাদিক কনকসেন ডেকাৰ ৯৩ সংখ্যক জন্ম জয়ন্তী পালন
- ডং বান্ধ সন্দৰ্ভত মন্ত্ৰী অশোক সিংহলৰ গুৰুত্বপূর্ণ সভা-ডাঃ ৰবি বড়ো অসামৰিক চিকিৎসালয়ত মন্ত্ৰী অশোক সিংহলৰ আকস্মিক পৰিদৰ্শন
- গুৱাহাটীত সপ্তাহজোৰা অসামৰিক প্ৰশিক্ষণ কাৰ্যসূচীৰ সামৰণি
- কাঁহিকুছিস্থিত গোলাপ বৰবৰা ৰাজ্যিক পঞ্চায়ত আৰু গ্ৰামোন্নয়ন প্ৰতিষ্ঠানত আয়োজিত পঞ্চায়তৰ সভাপতি সকলৰ প্ৰশিক্ষণ কাৰ্যসূচী মুকলি কৰিলে ৰাজ্য চৰকাৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন আদি বিভাগৰ মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে
- এইচ ডি এফ চি বেংক ‘পৰিৱৰ্তনে দক্ষতা বিকাশ আৰু জীৱিকা প্ৰসাৰ কাৰ্যসূচীৰ অধীনত ৭.২ লাখৰো অধিক যুৱক-যুৱতীক প্ৰশিক্ষণ প্রদান