অসম সাহিত্য সভাই বৰ্ণাঢ্য কাৰ্যসূচীৰে সাতদিনীয়াকৈ সভাৰ ১০৭সংখ্যক প্ৰতিষ্ঠা দিৱসটো কেন্দ্ৰীয় ভাৱে তিনিচুকীয়া জিলা সাহিত্য সভাৰ উদ্যোগত,লিডু শাখা সাহিত্য সভাৰ সহযোগত আৰু লিডুবাসী ৰাইজৰ আতিথ্যত ২১ডিচেম্বৰৰ পৰা ২৭ডিচেম্বৰলৈ আয়োজন কৰিছে।এই সপ্তাহ জোৰা কাৰ্যসূচীত শিশুসকলৰ প্ৰতিভা বিকাশৰ অনুষ্ঠান কুঁহি, নৱ প্ৰজন্মৰ ৰামধেনু, মহিলাৰ আকাশ, অসম ভিত্তিত কবিতা পাঠৰ অনুষ্ঠান, জনগোষ্ঠীয় সমাৰোহ আদি আয়োজন কৰা হয়।২৬ডিচেম্বৰৰ কাৰ্যসূচীত অসম সাহিত্য সভাৰ প্ৰতিষ্ঠাপক সভাপতি পদ্মনাথ গোহাঞিবৰুৱা, প্ৰতিষ্ঠাপক প্ৰধান সম্পাদক শৰৎচন্দ্ৰ গোস্বামীকে প্ৰমুখ্যে কৰি প্ৰয়াত প্ৰাক্তন সভাপতিবৃন্দৰ স্মৃতি চাৰণ অনুষ্ঠান অনুষ্ঠিত কৰা হয়। এই অনুষ্ঠানত অসম সাহিত্য সভাৰ সভাপতি ড.সূৰ্যকান্ত হাজৰিকা, উপ-সভাপতি ডা.গিৰীশ সন্দিকৈ সমন্বিতে কেন্দ্ৰীয় বিষয়ববীয়াসকলে অংশগ্ৰহণ কৰে।এই অনুষ্ঠানৰ পিছতে অসম সাহিত্য সভাৰ সন্মানীয় সভাপতি, উপ-সভাপতি আৰু প্ৰধান সম্পাদকে লিডুৰ সভাস্থলীত এক সংবাদমেল আয়োজন কৰি অহা পহিলা জানুৱাৰীত ধুবুৰী জিলা সাহিত্য সভাৰ উদ্যোগত,বগৰীবাৰী শাখা সাহিত্য সভাৰ সহযোগত মহামায়াৰ আঠানীত স্থাপিত আৰ্টা অৱ লিভিংত অনুষ্ঠিত হবলগীয়া কেন্দ্ৰীয় অৰুণোদয় দিৱসত প্ৰথম বাৰৰ বাবে অৰুণোদয় সন্মান প্ৰদান কৰিবলৈ বিচাৰিছে এগৰাকী নিষ্ঠাবান সাংবাদিক তথা জাতীয় জীৱনৰ সেৱক ধৈৰ্য হাজৰিকাক। এইগৰাকী সাংবাদিকে স্কুলীয়া দিনৰেপৰাই সংবাদ সেৱাৰ কৰ্মত মনোনিবেশ কৰি পৰৱৰ্তী দিনত সাদিন গোষ্ঠীৰ দ্বাৰা প্ৰকাশিত পষেকীয়া আলোচনীত উপসম্পাদক হিচাপে, সাদিন কাকতৰ সহযোগী সম্পাদক, আলোকপাত আলোচনীৰ সম্পাদক, দৈনিক বাতৰি কাকতৰ ব্যুৰ’ চিফ হিচাপে যোগদান কৰে। সম্প্ৰতি ধৈৰ্য হাজৰিকা অসমীয়া প্ৰতিদিন কাকতৰ কাকতৰ কাৰ্যবাহী সম্পাদক হিচাপে কৰ্মৰত। অসম সাহিত্য সভাই এই সন্মান অসম সাহিত্য সভাৰ সন্মানীয় সভাপতি ড.সূৰ্যকান্ত হাজৰিকাৰ হাতেৰে ১জানুৱাৰীত অনুষ্ঠিত হবলগীয়া অৰুণোদয় দিৱসত প্ৰদান কৰিব।আজিৰ সংবাদমেল যোগে অসম সাহিত্য সভাৰ অন্তৰ্গত প্ৰতিখন জিলা আৰু শাখা সাহিত্য সভাকো নিজৰ এলেকাধীন অঞ্চলত অৰুণোদয় দিৱস অনুষ্ঠিত কৰি নিজৰ নিজৰ অঞ্চলৰ একোগৰাকী সাংবাদিক বা সংবাদকৰ্মীক বিশেষ সন্মান যাচিবলৈ প্ৰধান সম্পাদক ড.উপেন্দ্ৰজিৎশৰ্মাই আহ্বান জনায়।
Trending
- Assam–Arunachal Border Talks: 5th Regional Committee Meeting Charts Path to Resolution
- অসম আৰু উত্তৰ-পূৰ্বাঞ্চলৰ গ্ৰাহকক অনলাইন প্ৰৱঞ্চনাৰ পৰা ৰক্ষা কৰিবলৈ ভাৰতী এয়াৰটেলৰ অনন্য প্ৰচেষ্টা
- ৰাইজৰ সুবিধাৰ বাবে বন বিভাগৰ ৱেব পৰ্টেল আৰু ম’বাইল এপ মুকলি
- বি আৰ অৰ পূৱ মণ্ডলৰ এ ডি জি হিচাপে জীতেন্দ্ৰ প্ৰসাদৰ কাৰ্যভাৰ গ্ৰহণ
- মুখ্যমন্ত্ৰীৰ সপোনৰ প্ৰকল্প – ব্ৰহ্মপুত্ৰৰ ওপৰত শুৱালকুচি – পলাশবাৰী সংযোগী দলঙৰ মাজিৰগাঁওৰ পৰা বিমানবন্দৰৰ সমীপলৈ নিৰ্মাণ হাইস্পীদ চাৰিলেনযুক্ত পথ সুকীয়াকৈ থাকিব
- Inauguration of Common Facility Center (CFC) under PM-DevINE Scheme at Chümoukedima, Nagaland
- চলিত মাহতে নথিপত্ৰ সঠিক কৰি লৈহে বাহন চলাওক- অসমত চলাচল কৰা বৰ্হিৰাজ্যৰ বাহন অসমৰ পৰিবহণ বিভাগত পঞ্জীয়ন কৰাৰ আহ্বান
- আজাৰা কাঁহিকুছিৰ কৃষি বিজ্ঞান কেন্দ্ৰ, কামৰূপলৈ দেশৰ শ্ৰেষ্ঠ কৃষি বিজ্ঞান কেন্দ্ৰৰ বঁটা
- ভূটানৰ গেলেফু মাইণ্ডফুলনেছ চিটিৰ প্ৰতিনিধি দলৰ হয়গ্ৰীৱ মাধৱ মন্দিৰ আৰু আই আই টি-গুৱাহাটী ভ্ৰমণ
- ভাৰত-ডেনমাৰ্কৰ দ্বিপাক্ষিক সম্পৰ্কৰ সফলতাই বিশ্বৰ সামুদ্ৰিক খণ্ডক এক নতুন গতি দিব: কোপেনহেগেন বিজনেছ স্কুলত ব্লু এম বি এ-ৰ প্ৰতিভাসমূহক সম্বোধন কৰে কেন্দ্ৰীয় মন্ত্ৰী সোণোৱালে