নগাঁও শাখা লেখিকা সমাৰোহ সমিতিৰ দ্বি-বাৰ্ষিক অধিবেশন সম্পন্ন

0 127

সোমবাৰে নগাঁও শাখা লেখিকা সমাৰোহ সমিতিৰ দ্বি-বাৰ্ষিক অধিবেশনখনি আড়ম্বৰপূৰ্ণভাৱে সম্পন্ন হৈ যায়। পুৱা ১০-৩০ বজাত সমিতিৰ সভানেত্ৰী দীপা বৰুৱাই পতাকা উত্তোলন কৰে।
ইয়াৰ পাছতে দিনৰ ১১ বজাত চিৰচেনেহী মোৰ ভাষা জননী সমবেত সঙ্গীত পৰিৱেশন কৰা হয়। সমিতিৰ স্থায়ী সভানেত্ৰী দীপা বৰুৱাই মুকলি সভাৰ সভানেত্ৰীৰ আসন গ্ৰহণৰ পাছতে সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে শাখাৰ সম্পাদিকা দীপান্বিতা বৰুৱাই।
আজিৰ সভাত নগাঁও লেখিকা সমাৰোহ সমিতিৰ দ্বি-বাৰ্ষিক পত্ৰিকা শতৰূপা উন্মোচন কৰা হয়।উন্মোচন কৰে নগাঁও উচ্চতৰ মাধ্যামিক বালিকা বিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষা অলকা বৰঠাকুৰে।উন্মোচনী ভাষণত তেখেতে কয় যে নগাওঁ শাখাৰ কামকাজবোৰ দেখি বৰ আনন্দ পাইছো।সুন্দৰ বেটুপাত আৰু সুন্দৰ গল্প , প্ৰবন্ধ , কবিতাৰে শতৰূপাখন সুন্দৰ হৈছে ।সমিতিৰ নিজা কাৰ্যালয় দেখি তেখেত অতি সুখী হয়। উন্মোচকৰ একাষাৰত তেখেতে কয় যে Lord is a power of love.জীৱন ক্ষণস্থায়ী। গতিকে সদায় সৎকৰ্ম কৰি যাব লাগে।

আজিৰ অনুষ্ঠানত কেইবাগৰাকী জেষ্ঠা সদস্যা ক্ৰমান্বয়ে ৰেনু দেৱী, অলকা বৰঠাকুৰক সম্বৰ্ধনা জনোৱা হয়।সভাত উপস্থিত থকা মুখ্য উপদেষ্টা আভা বৰা, ড০ থুনু কলিতা ,সাবিত্ৰী গগৈ ,বীনা শৰ্মা ,ঊৰ্মিলা বৰুৱাক গামোচাৰে সন্মান জনোৱা হয়।অনুষ্ঠানটিত বহু কেইগৰাকী সদস্যাই অনুগল্প পাঠ কৰে।সভাত কবিতা পাঠ কৰে ঊৰ্মিলা বৰুৱা আৰু অমৃতপ্ৰভা সুতে।কবিতা আবৃত্তি কৰে বুলু বৰুৱাই ।প্ৰতিটো কাৰ্যসূচীৰ অন্তত সভানেত্ৰীয়ে একোটা সুন্দৰ মন্তব্য আগবঢায়।সভাত ড০ থুনু কলিতা আৰু ৰ’জলীন জাহানে নগাওঁ শাখাৰ কামকাজৰ শলাগ লয়।আজিৰ সভাত গীতা কলিতা ,বন্তী গোস্বামী বৰা,জোনাকী বৰ্মন ,ইলোৰা বৰুৱা আদি লেখিকাসকল উপস্থিত থাকে ।

Leave A Reply

Your email address will not be published.