গোৰ্খা ছাত্ৰ সন্থাৰ দ্বি বাৰ্ষিক অধিবেশন সম্পন্ন

0 112

মন্ত্ৰী অশোক সিংহলে আজি খানাপাৰাৰ অসম পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়ৰ খেলপথাৰত আয়োজিত সদৌ অসম গোৰ্খা ছাত্ৰ সন্থাৰ ১৭ সংখ্যক কেন্দ্ৰীয় দ্বি-বাৰ্ষিক অধিৱেশন আৰু দ্বিতীয় উত্তৰ পূৰ্বাঞ্চল গোৰ্খা মহোৎসৱ ২০২৩ত মুখ্য অতিথি তথা অসমৰ মুখ্যমন্ত্ৰীৰ প্ৰতিনিধি হিচাপে অংশগ্ৰহণ কৰে।উল্লেখযোগ্য যে উত্তৰ পূৰ্বাঞ্চল গোৰ্খা মহোৎসৱৰ তৰফৰ পৰা এইবাৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মালৈ আগবঢ়োৱা স্বতন্ত্ৰ সংগ্ৰামী দলবীৰ সিং লোহাৰ উৎকৃষ্ট সমাজ সেৱা বঁটা, ২০২৩ মুখ্যমন্ত্রীৰ হৈ মন্ত্ৰীগৰাকীয়ে আনুষ্ঠানিকভাৱে গ্ৰহণ কৰে।

অনুষ্ঠানত অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰী, দাৰ্জিলিঙৰ সাংসদ ৰাজু বিস্তা, জনস্বাস্থ্য কাৰিকৰী বিভাগৰ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা, বিধায়ক ভাস্কৰ শৰ্মা, গণেশ লিম্বু, অতুল বৰা আৰু পৃথ্বীৰাজ ৰাভা তথা গোৰ্খা জনগোষ্ঠীৰ বিভিন্ন জাতীয় অনুষ্ঠানক প্ৰতিনিধিত্ব কৰা কেইবাগৰাকীও গণ্যমান্য ব্যক্তি উপস্থিত থাকে।

Leave A Reply

Your email address will not be published.