পশ্চিম গুৱাহাটী বিধানসভা সমষ্টিৰ অন্তৰ্গত অসম-মেঘালয় সীমান্তৰ জিমিৰ গাঁৱকে ধৰি কাষৰীয়া উমচুৰ,বাখলাপাৰা আদি অঞ্চল কমলা খেতিৰ বাবে বিখ্যাত। গুৱাহাটীৰ পৰা প্ৰায়,৬০ কিলোমিটাৰ নিলগৰ আৰু অসম চৰকাৰৰ কৃষি বিভাগৰ সুদৃষ্টি নপৰা অঞ্চলটোৰ এই কমলা খেতিৰ লগত জড়িত কেবা শতাধিক কৃষকে চৰকাৰৰ মুখলৈ বাট নাচাই কমলা খেতিৰে স্বাৱলম্বনৰ পথ মোকলোৱাৰ সংগ্রাম অব্যাহত ৰাখিছে। এই সন্দৰ্ভত কমলা খেতিৰ বাবে বিখ্যাত জিমিৰগাঁও অঞ্চলৰ উদীয়মান যুৱক তথা কমলা খেতিৰ লগত জড়িত সুৰজিৎ ৰাভা, শ্রীমন্ত ৰাভা, মিন্টু ৰাভা, খৰ্গেশ্বৰ ৰাভা, ভগৱান ৰাভা, সঞ্জয় ৰাভা, জিমিৰগাঁও ৰাইজ গয়ৰহৰ কৰ্মকর্তা প্ৰণৱ ৰাভাকে ধৰি অঞ্চলটোৰ কেইবাজনো লোকে ব্যক্ত কৰা অনুসৰি অঞ্চলটোত প্ৰায় এশটা পৰিয়াল আছে। তেওঁলোকৰ বেছিভাগৰে ডেৰ বিঘাৰ পৰা আৰম্ভ কৰি দহ বিঘা মাটিৰ একোখনকৈ সৰু-বৰ কমলা বাগান আছে। চৰকাৰী সহায় অবিহনে এওঁলোকে বতৰৰ ফল কমলা খেতি কৰি সেয়া বিক্ৰী কৰি দুপইচা অৰ্জন কৰি আহিছে।কিন্তু ইয়াৰ বিপৰীতে ৰাজ্য চৰকাৰৰ কৃষি বিভাগৰ পৰা কোনো সহায়-সহযোগিতা পোৱা নাই। এইসকল খেতিয়কক উপযুক্ত প্রশিক্ষণ প্রদান কৰিলে তেওঁলোকৰ উৎপাদন বৃদ্ধি হোৱাৰ যথেষ্ট থল আছে। ইতিমধ্যে নবেম্বৰ মাহৰ দ্বিতীয় সপ্তাহৰ পৰা পকা কমলা বিক্রী কৰি আহিছে আৰু জানুৱাৰী মাহৰ প্ৰথম বা দ্বিতীয় সপ্তাহলৈকে বিক্ৰী কৰিব পাৰিব। কিন্তু চৰকাৰে প্ৰশিক্ষণকে ধৰি কিছু সা-সুবিধা আগবঢ়ালে তেওঁলোকৰ উৎপাদন বৃদ্ধি হ’ব বুলি কৃষকসকল আশাবাদী। যাৰ বাবে বিষয়টোত হস্তক্ষেপ কৰি কমলা খেতিয়কসকলক সহায়ৰ হাত আগবঢ়াবলৈ সচেতন লোকে স্থানীয় বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাক দাবী জনাইছে। আনহাতে, এই সন্দৰ্ভত জিমিৰগাঁৱৰ কাষৰীয়া উমচুৰ অঞ্চলৰ কমলা খেতিৰ লগত জড়িত উদ্যামী যুৱক ধ্রুব দলৈয়ে মত ব্যক্ত কৰা অনুসৰি যি সময়ত প্রধান মন্ত্রী নৰেন্দ্ৰ মোদীয়ে ছিকিমকে ধৰি উত্তৰ-পূবৰ আঠোখন ৰাজ্যত জৈৱিক কৃষি আৰু উদ্যান শস্যৰ প্ৰচুৰ সম্ভাৱনা থকা বুলি উল্লেখ কৰি এইক্ষেত্রত কেন্দ্রীয় চৰকাৰৰ ফালৰ পৰা সহায়-সহযোগিতা আগবঢ়াব বুলি ঘোষণা কৰিছে, সেই সময়ত ৰাজ্য চৰকাৰৰ কৃষি বিভাগে ৰাজ্যৰ কমলাকে ধৰি উদ্যান শস্যৰ লগত জড়িত কৃষকসকলক কেন্দ্রীয় চৰকাৰৰ আঁচনিৰ অধীনত সহায় কৰাতো দূৰৈৰ কথা, কৃষিক্ষেত্ৰসমূহ চিনাক্তই কৰিব পৰা নাই। চৰকাৰী কোনো সহায়- সহযোগিতা অবিহনে গাঁঠিৰ ধন ভাঙি কমলা খেতি কৰা এইসকল কৃষকক উপযুক্ত প্রশিক্ষণ প্রদান কৰি উৎপাদন বৃদ্ধিত অৰিহণা যোগাবলৈ চৰকাৰক ৰাইজে দাবী জনাইছে।
Trending
- ভাৰতী এয়াৰটেলে নতুন পোষ্ট পেইড প্লেন মুকলি কৰিছে
- Health & Wellness Camps Held in Kamrup Metro under Seva Sankalp Abhiyan
- বন্যপ্ৰাণী সংৰক্ষণত দক্ষতা প্ৰদৰ্শনৰ বাবে মহিলা খণ্ড বন বিষয়া পাপৰি কছাৰীক বঁটা প্ৰদান
- অত্যাৱশ্যকীয় ঔষধৰ প্ৰাপ্যতাত দেশৰ ভিতৰতে দ্বিতীয় স্থানত অসম
- Health and Wellness Camps Held in Kamrup Metro District under Seva Sankalp Abhiyan
- বিকশিত অসমৰ অধীনত প্ৰস্তাৱ প্ৰস্তুতি সম্পৰ্কীয় বৈঠক
- সামাজিক মাধ্যমত অসমীয়া মিউজিক ভিডিঅ’ ফুলকুমলীয়া মুকলি
- পথিকৰ উদ্যোগত পদুমবড়ীত বিনামূলীয়া স্বাস্থ্য আৰু চকু পৰীক্ষা শিবিৰ সম্পন্ন
- কৰ্মশ্ৰী হিতেশ্বৰ শইকীয়া প্ৰেক্ষাগৃহত জালুকবাৰী থানা এলেকাৰ দুৰ্গা পূজা উদযাপন আৰু বিসৰ্জন বিষয়ক সভা সম্পন্ন
- Bringing Healthcare Closer to People: Health Camp Held in Kamrup under Seva Sankalp Abhiyan