অসম সাহিত্য সভাই বৰ্ণাঢ্য কাৰ্যসূচীৰে সাতদিনীয়াকৈ সভাৰ ১০৭সংখ্যক প্ৰতিষ্ঠা দিৱসটো কেন্দ্ৰীয় ভাৱে তিনিচুকীয়া জিলা সাহিত্য সভাৰ উদ্যোগত,লিডু শাখা সাহিত্য সভাৰ সহযোগত আৰু লিডুবাসী ৰাইজৰ আতিথ্যত ২১ডিচেম্বৰৰ পৰা ২৭ডিচেম্বৰলৈ আয়োজন কৰিছে।এই সপ্তাহ জোৰা কাৰ্যসূচীত শিশুসকলৰ প্ৰতিভা বিকাশৰ অনুষ্ঠান কুঁহি, নৱ প্ৰজন্মৰ ৰামধেনু, মহিলাৰ আকাশ, অসম ভিত্তিত কবিতা পাঠৰ অনুষ্ঠান, জনগোষ্ঠীয় সমাৰোহ আদি আয়োজন কৰা হয়।২৬ডিচেম্বৰৰ কাৰ্যসূচীত অসম সাহিত্য সভাৰ প্ৰতিষ্ঠাপক সভাপতি পদ্মনাথ গোহাঞিবৰুৱা, প্ৰতিষ্ঠাপক প্ৰধান সম্পাদক শৰৎচন্দ্ৰ গোস্বামীকে প্ৰমুখ্যে কৰি প্ৰয়াত প্ৰাক্তন সভাপতিবৃন্দৰ স্মৃতি চাৰণ অনুষ্ঠান অনুষ্ঠিত কৰা হয়। এই অনুষ্ঠানত অসম সাহিত্য সভাৰ সভাপতি ড.সূৰ্যকান্ত হাজৰিকা, উপ-সভাপতি ডা.গিৰীশ সন্দিকৈ সমন্বিতে কেন্দ্ৰীয় বিষয়ববীয়াসকলে অংশগ্ৰহণ কৰে।এই অনুষ্ঠানৰ পিছতে অসম সাহিত্য সভাৰ সন্মানীয় সভাপতি, উপ-সভাপতি আৰু প্ৰধান সম্পাদকে লিডুৰ সভাস্থলীত এক সংবাদমেল আয়োজন কৰি অহা পহিলা জানুৱাৰীত ধুবুৰী জিলা সাহিত্য সভাৰ উদ্যোগত,বগৰীবাৰী শাখা সাহিত্য সভাৰ সহযোগত মহামায়াৰ আঠানীত স্থাপিত আৰ্টা অৱ লিভিংত অনুষ্ঠিত হবলগীয়া কেন্দ্ৰীয় অৰুণোদয় দিৱসত প্ৰথম বাৰৰ বাবে অৰুণোদয় সন্মান প্ৰদান কৰিবলৈ বিচাৰিছে এগৰাকী নিষ্ঠাবান সাংবাদিক তথা জাতীয় জীৱনৰ সেৱক ধৈৰ্য হাজৰিকাক। এইগৰাকী সাংবাদিকে স্কুলীয়া দিনৰেপৰাই সংবাদ সেৱাৰ কৰ্মত মনোনিবেশ কৰি পৰৱৰ্তী দিনত সাদিন গোষ্ঠীৰ দ্বাৰা প্ৰকাশিত পষেকীয়া আলোচনীত উপসম্পাদক হিচাপে, সাদিন কাকতৰ সহযোগী সম্পাদক, আলোকপাত আলোচনীৰ সম্পাদক, দৈনিক বাতৰি কাকতৰ ব্যুৰ’ চিফ হিচাপে যোগদান কৰে। সম্প্ৰতি ধৈৰ্য হাজৰিকা অসমীয়া প্ৰতিদিন কাকতৰ কাকতৰ কাৰ্যবাহী সম্পাদক হিচাপে কৰ্মৰত। অসম সাহিত্য সভাই এই সন্মান অসম সাহিত্য সভাৰ সন্মানীয় সভাপতি ড.সূৰ্যকান্ত হাজৰিকাৰ হাতেৰে ১জানুৱাৰীত অনুষ্ঠিত হবলগীয়া অৰুণোদয় দিৱসত প্ৰদান কৰিব।আজিৰ সংবাদমেল যোগে অসম সাহিত্য সভাৰ অন্তৰ্গত প্ৰতিখন জিলা আৰু শাখা সাহিত্য সভাকো নিজৰ এলেকাধীন অঞ্চলত অৰুণোদয় দিৱস অনুষ্ঠিত কৰি নিজৰ নিজৰ অঞ্চলৰ একোগৰাকী সাংবাদিক বা সংবাদকৰ্মীক বিশেষ সন্মান যাচিবলৈ প্ৰধান সম্পাদক ড.উপেন্দ্ৰজিৎশৰ্মাই আহ্বান জনায়।
Trending
- ড০ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী অনুষ্ঠিত
- ঢকুৱাখনাত পাঞ্জাৱ নেচনেল বেংকৰ বিশেষ অনুষ্ঠান-দুৰ্ঘটনাত মৃতকৰ পৰিয়ালক ১ কোটি টকাৰ বীমাধনৰ চেক প্ৰদান
- চৰকাৰ আৰু হিতাধিকাৰীৰ মাজৰ অন্তিম পৰ্যায়ৰ ব্যৱধান দূৰ কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব ‘অৰুণোদয় সাৰথিয়ে
- ভাৰতীয় বিমানবন্দৰ প্ৰাধিকৰণৰ বৰঝাৰস্থিত কাৰ্যালয়ত চাৰিখন ইলেকট্ৰিক বাহন মুকলি
- বিভিন্ন ধৰ্মৰ ধৰ্মগুৰুৰ প্ৰাৰ্থনা মন্ত্ৰোচ্চাৰণৰ মাজেৰে ৰাজগড়ত মুকলি ‘জুবিন ক্ষেত্ৰ
- লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰত সুৰক্ষিত বিমান অৱতৰণৰ বাবে ৫৭০ মিটাৰ দৈৰ্ঘ্যৰ নতুন আলোক ব্যৱস্থা সংস্থাপন
- ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱসত ৰাণীত চি আৰ পি এফৰ উদ্যোগত ক্ৰীড়া প্ৰতিযোগিতা সম্পন্ন
- Airtel Strengthens India’s Digital Future with Sovereign Telco-Grade Cloud
- কামপুৰৰ প্ৰকৃতিপ্ৰেমী দম্পতিক শ্ৰোতা সংঘৰ ৰেডিঅ’ উপহাৰ
- LIC HFL Reviews Progress of SANGAM Livelihood Project in Mizoram