অৰ্থনীতি টনকিয়াল কৰাৰ প্ৰক্ৰিয়াত নামি পৰিছে এগৰাকী যুৱতীয়ে

0 493

আজিৰ দিনত কামৰ কোনো প্ৰভেদ নাই। সৰু বৰ কিম্বা পুৰুষ মহিলাৰ কাম। এই কথাষাৰকে প্ৰতিপন্ন কৰি কৰ্মক্ষেত্ৰত আগবাঢ়িছে এগৰাকী যুৱতীয়ে।
অসমীয়া এষাৰ কথা আছে “মন কৰিলেই চন বাকৰিৰ মাটিটেই ধন”। এনে এটা মন লৈয়ে যোৰহাটৰ হোলোঙাপাৰৰ ৰুণজুন গগৈ‌ নামৰ শিক্ষিত যুৱতীগৰাকীয়ে কান্ধত কোৰ লৈ প্ৰত্যেক দিনাই পুৱা ওলাই যায় খেতিডৰালৈ। জানিব পৰা মতে ৰুণজুনে বাণিজ্যিক ভিত্তিত ষ্ট্ৰ’বেৰী খেতিৰ জৰিয়তে এখন বজাৰ তৈয়াৰ কৰা কাৰ্য্যত নামি পৰিছে।
যি সময়ত ক’ৰণাৰ গ্ৰাসে দেশৰ অৰ্থনীতি ব্যৱস্থাক নিম্নগামী কৰি তুলিছে। সেই সময়ত ৰুণজুনৰ দৰে যুৱতীয়ে গ্ৰাম্য অৰ্থনীতি সবল কৰিবলৈ লোৱাৰ প্ৰচেষ্টাক সচেতন মহলে শলাগ লৈছে।

Leave A Reply

Your email address will not be published.