গুৱাহাটীৰ পশ্চিম প্ৰান্তৰ বৰঝাৰস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰ, গুৱাহাটীৰ উদ্যোগত ৯ মাৰ্চত আন্তৰ্জাতিক নাৰী দিৱস পালন কৰা হয় । বিশেষকৈ “Give to Gain” বাণী বিষয়ত গুৰুত্ব আৰোপ কৰি আয়োজিত আন্তৰ্জাতিক নাৰী দিৱসৰ কাৰ্যসূচীৰ আৰম্ভণিতে গুৱাহাটীৰ পামহীস্থিত পৰিজাত একাডেমীত শিক্ষাৰ্থী সকলৰ মাজত আগবেলা এক বতৰ বিজ্ঞানৰ সচেতনতা প্ৰচাৰ কাৰ্যসূচী হাতত লোৱা হয় । আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰ, গুৱাহাটীৰ মুৰব্বী ডঃ সঞ্জয় ও’নীল শ্বই শিক্ষাৰ্থী সকলক বতৰ বিজ্ঞানৰ যন্ত্ৰসমূহৰ প্ৰদৰ্শনী আৰু বতৰ সেৱাসমূহৰ বিষয়ে এক সংক্ষিপ্ত বাখ্যা দাঙি ধৰে। আনহাতে বিয়লি আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ আলোচনা গৃহত এখন বিশেষ বক্তৃতানুষ্ঠানৰ আয়োজন কৰা হয়। অনুষ্ঠানত অতিথি বক্তা ৰূপে উপস্থিত থাকি গুৱাহাটীৰ বি বৰুৱা কলেজ মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত সহযোগী অধ্যাপিকা ডঃ জ্যোতি ৰাণী বৰাই ‘Give to Gain’ বিষয়ত মহিলাসকলৰ উন্নয়নৰ ক্ষেত্ৰত সহযোগিতাৰ প্ৰয়োজনীয়তা” শীৰ্ষক বক্তৃতা আগবঢ়ায় । অনুষ্ঠানৰ আঁত ধৰে কনিষ্ঠ অনুবাদ বিষয়া ৰাজা শ্বই ।
Trending
- একক খেতিৰ পৰিৱৰ্তে বছৰত ২-৩ টা খেতি কৰাৰ লগতে উদ্যান শস্যত বিশেষ গুৰুত্ব প্ৰদান কৰিবলৈ কৃষকসকলক আহ্বান মন্ত্ৰী হাজৰীকাৰ
- সুৰক্ষিত আৰু শক্তিশালী অসমৰ সংকল্পৰে গুৱাহাটীত অগপৰ প্ৰতিষ্ঠা দিৱসৰ বৰ্ণাঢ্য কাৰ্যসূচী
- মন্ত্রী বিশ্বজিৎ দৈমাৰীৰ পৌৰোহিত্যত খেল মহাৰণ ৩.০ – শিশু ক্ৰীড়া সমাৰোহৰ প্ৰস্তুতি পৰ্যালোচনা
- শ্ৰীমন্ত শংকৰ একাডেমীৰ উদ্যোগত গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ত দুদিনীয়া কাৰ্যসূচীৰে ঐতিহ্য মহোৎসৱ উদযাপন
- পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ প্ৰয়াত ৩৪ গৰাকী ঠিকাভিত্তিক কৰ্মচাৰীৰ পৰিয়াললৈ ১.৭০ কোটি টকাৰ এককালীন আৰ্থিক সাহায্য
- ভাৰতী এয়াৰটেলে নতুন পোষ্ট পেইড প্লেন মুকলি কৰিছে
- Health & Wellness Camps Held in Kamrup Metro under Seva Sankalp Abhiyan
- বন্যপ্ৰাণী সংৰক্ষণত দক্ষতা প্ৰদৰ্শনৰ বাবে মহিলা খণ্ড বন বিষয়া পাপৰি কছাৰীক বঁটা প্ৰদান
- অত্যাৱশ্যকীয় ঔষধৰ প্ৰাপ্যতাত দেশৰ ভিতৰতে দ্বিতীয় স্থানত অসম
- Health and Wellness Camps Held in Kamrup Metro District under Seva Sankalp Abhiyan